নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাব্যঋষিলৈ জ্ঞানপীঠঃ জীৱনজোৰা সাধনাৰ বাবে কবি নীলমণি ফুকনলৈ ভাৰতীয় সাহিত্যৰ সর্বোচ্চ সন্মান

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ভাষাৰ সমলৰ চমকপ্রদ ব্যৱহাৰ, শব্দৰ সৈতে প্রতিনিয়ত সংগ্রাম নিগৰে তেওঁৰ কলমেৰে৷ শব্দৰ মায়াজালেৰে তেওঁ বিচাৰি ফুৰে ফুলৰ গোন্ধ, জোন–তৰাৰ পোহৰ, জীৱনৰ অর্থ৷ অন্তৰৰ নিভৃত কোণত সাঁচি ৰখা অনুভৱেৰে তেওঁ জীপাল কৰিছে অসমীয়া সাহিত্যক৷ অসমৰ ভাষা, সাহিত্য–সংস্কৃতিক নিজৰ জীৱনৰেখা বুলি অনুভৱ কৰা সেইগৰাকী মহান কবিয়েই অসমীয়া সাহিত্যক পুনৰ এবাৰ লৈ গ’ল উচ্চ শিখৰলৈ৷ ‘সূর্য্য হেনো নামি আহে এই নদীয়েদি’ নামৰ কবিতা পুথিৰ পৰা আৰম্ভ কৰি ‘নৃত্যৰতা পৃথিৱী’লৈকে এখনৰ পিছত আন এখন কাব্য গ্রন্থৰে অসমীয়া ভাষা–সাহিত্যক অনন্য মাত্রা প্রদান কৰা এইগৰাকী বিশিষ্ট কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে দেশৰ সাহিত্য জগতৰ সর্বোচ্চ সন্মান জ্ঞানপীঠ৷ নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য জগতক চহকী কৰা অৱদানৰ জীৱনজোৰা স্বীকৃতিস্বৰূপে ভাৰতীয় জ্ঞানপীঠে এইগৰাকী বিশিষ্ট কবিলৈ আগবঢ়াইছে ৫৬সংখ্যক জ্ঞানপীঠ সন্মান৷ আজি ভাৰতীয় জ্ঞানপীঠে ২০২০ আৰু ২০২১ বর্ষৰ বাবে ঘোষণা কৰিছিল জ্ঞানপীঠ বঁটা৷ এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হয় আনন্দমুখৰ পৰিৱেশ৷ ক’ভিড মহামাৰীৰ বাবে অসমৰ জনজীৱনৰ লগতে অসমীয়া সাহিত্য জগতে সন্মুখীন হোৱা দুর্যোগৰ সময়তে অহা এনে খবৰে উৎফুল্লিত কৰি তুলিছে প্রতিগৰাকী অসমীয়াক৷

অৱশ্যে এই খবৰ লাভ কৰিও পূর্বৰ দৰে আনন্দ প্রকাশ কৰিব নোৱাৰিলে বিশিষ্ট কবি নীলমণি ফুকনে৷ বার্ধক্যজনিত কাৰণত সম্প্রতি যথেষ্ট অসুস্থ ফুকন শয্যাশায়ী হৈ আছে৷ অৱশ্যে তেওঁৰ পৰিয়ালে তেওঁক এই খবৰ অৱগত কৰাৰ লগে লগে যথেষ্ট আনন্দ অনুভৱ কৰা বুলি প্রকাশ কৰিছে বিশিষ্ট সাহিত্যিক কাব্যঋষি নীলমণি ফুকনে৷ উল্লেখ্য যে ১৯৩৩ চনৰ ১০ ছেপ্ঢেম্বৰত দেৰগাঁৱত কীর্তিনাথ ফুকনৰ ঔৰসত আৰু বৰদা ফুকনৰ গর্ভত জন্মলাভ কৰিছিল কবি নীলমণি ফুকনে৷ ১৯৫৩ চনত দেৰগাঁও হাইস্কুলৰ পৰা প্রাইভেট পৰীক্ষার্থী হিচাপে তেওঁ পৰীক্ষাত উত্তীর্ণ হয়৷ ১৯৫৭ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা ফুকনে ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত এম. এ. ডিগ্রী গ্রহণ কৰে৷ ইয়াৰ পিছতে তেওঁ ছমাহৰ বাবে দেৰগাঁও বালিকা বিদ্যালয়ত শিক্ষকতা কৰে৷ পৰৱর্তী সময়ত গুৱাহাটী আর্য বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰে৷ পিছত তেওঁ আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্রবক্তা হিচাপে যোগদান কৰে৷

১৯৬৩ চনত তেওঁৰ প্রথমখন কবিতা সংকলন ‘সূর্য্য হেনো নামি আহে এই নদীয়েদি’ প্রকাশ পায়৷ ১৯৬৫ চনত প্রকাশ পায় তেওঁৰ আন এখন কাব্যগ্রন্থ ‘নির্জনতাৰ শব্দ’৷ তেওঁৰ অন্যান্য কাব্যগ্রন্থসমূহৰ ভিতৰত অন্যতম হৈছে– ‘আৰু কি নৈঃশব্দ্য’ (১৯৬৮), ‘জাপানী কবিতা’ (১৯৭১), ‘ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে’ (১৯৭৩), ‘কাঁইট, গোলাপ আৰু কাঁইট’ (১৯৭৫), ‘গোলাপী জামুৰ লগ্ণ’ (১৯৭৭), ‘কবিতা’ (১৯৮১), ‘নৃত্যৰতা পৃথিৱী’ (১৯৮৫), ‘সাগৰতলীৰ শঙ্খ’ (১৯৯৪), অলপ আগতে আমি কি কথা পাতি আছিলোঁ (২০০৩) আৰু সম্পূর্ণ কবিতা (২০০৬)৷ তদুপৰি জাপানী কবিতা, গার্থিয়া লৰকাৰ কবিতা, অৰণ্যৰ গান, চীনা কবিতা আৰু অনুসৃষ্টি হৈছে তেওঁৰ অনুবাদ গ্রন্থ৷ ১৯৭৭ চনত অসম প্রকাশন পৰিষদে প্রকাশ কৰা ‘কুৰি শতিকাৰ অসমীয়া কবিতা’ শীর্ষক গ্রন্থও সম্পাদনা কৰিছিল কবি নীলমণি ফুকনে৷

আনহাতে লোককল্পদৃষ্টি ৰূপ বর্ণ বাক শিল্পকলা দর্শন বিচিত্র লেখা, বনফুল অন্বেষা তেওঁৰ প্রবন্ধ সংকলন৷ ‘পাতি সোণাৰুৰ ফুল’ আৰু ‘পাহৰিব নোৱাৰিলোঁ যি’ তেওঁৰ আত্মজীৱনী৷ অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা এই বিশেষ অৱদানৰ বাবে তেওঁক কেইবাটাও উল্লেখযোগ্য সন্মানেৰে সন্মানিত কৰা হৈছে৷ ১৯৭২ চনত অসম সাহিত্য সভাই প্রদান কৰিছিল ৰঘুনাথ চৌধাৰী বঁটা৷ ‘কাঁইট, গোলাপ আৰু কাঁইট’ নামৰ কবিতা সংকলনৰ বাবে অসম প্রকাশন পৰিষদ বঁটা প্রদান কৰা হৈছিল কবি নীলমণি ফুকনক৷ ১৯৮১ চনত ‘কবিতা’ নামৰ কাব্য সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ ১৯৮২ চনত যুগোশ্লাভিয়াত অনুষ্ঠিত ‘ষ্ট্রুগা কবিতা গধূলিত’ একমাত্র ভাৰতীয় প্রতিনিধি হিচাপে তেওঁ অংশগ্রহণ কৰিছিল৷ ১৯৮৮ চনত ‘লোককল্পদৃষ্টি’ নামৰ গ্রন্থখনৰ বাবে কবি নীলমণি ফুকনক প্রদান কৰা হৈছিল জগদ্ধাত্রী হৰমোহন বঁটা৷ তদুপৰি ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্রী উপাধি প্রদান কৰে৷ একেদৰে জীৱনজোৰা সাহিত্য সাধনাৰ বাবে কমল কুমাৰী ফাউণ্ডেচনৰ কমল কুমাৰী জাতীয় বঁটা, ‘নৃত্যৰতা পৃথিৱী’ৰ বাবে অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা, মেগৰ শিক্ষা ন্যাসৰ অসম উপত্যকা বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা দুবছৰৰ বাবে তেওঁ এমেৰিটাছ ফেল’ নির্বাচিত হৈছিল৷ ২০০০ চনত ভাৰতীয় ভাষা পৰিষদ সন্মান, ২০০১ চনত হায়দৰাবাদৰ যশোৱা ফাউণ্ডেচনৰ যশোৱা সাহিত্য পুৰস্কাৰ, ২০০২ চনত ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ গংগাধৰ মেহেৰ জাতীয় সন্মান, ২০১২ চনত অসম সাহিত্য সভাৰ সাহিত্যাচার্য সন্মান, ২০১৪ চনত অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাহিত্য সাধনা বঁটাৰেও বিভূষিত হৈছে এইগৰাকী স্বনামধন্য কবি৷ ২০১৭ বর্ষত অসম সাহিত্য সভাৰ জাতীয় কবিৰ সন্মানৰ উপৰি কর্ণাটকৰ ৰাষ্ট্রকবি কুৱেম্পু ৰাষ্ট্রীয় বঁটা, সাৰস্বত সন্মানো তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১৯ বর্ষত ডিব্রুগড় বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি লিট উপাধি প্রদান কৰে৷ এনে এগৰাকী সুকবিক আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰাৰ পিছতে বহু অনুৰাগীয়ে ফোনযোগে তেওঁৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ নেতৃত্বত যোৱা এটা প্রতিনিধি দলে তেওঁক সম্বর্ধনা জ্ঞাপন কৰে৷

উল্লেখ্য যে দেশৰ সাহিত্য জগতৰ সর্বোচ্চ সন্মান জ্ঞানপীঠ লাভ কৰা তৃতীয়জন অসমীয়া হৈছে কবি নীলমণি ফুকন৷ তেওঁৰ পূর্বে ‘মৃত্যুঞ্জয়’ গ্রন্থৰ বাবে ১৯৭৯ চনত বীৰেন্দ্র কুমাৰ ভট্টাচার্যই লাভ কৰিছিল জ্ঞানপীঠ বঁটা৷ পৰৱর্তী সময়ত ২০০০ চনত অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক প্রয়াত মামণি ৰয়ছম গোস্বামীলৈ আগবঢ়োৱা হৈছিল জ্ঞানপীঠ সন্মান৷ আজি কবি নীলমণি ফুকনলৈ এই বঁটা ঘোষণা কৰাৰ পিছতে শুভেচ্ছাৰে ওপচাই পেলাইছে শুভাকাংক্ষীয়ে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰি প্রতিগৰাকী সাহিত্যপ্রেমীলৈ অভিনন্দন জনাইছে৷ কবিগৰাকীয়ে এই বঁটা লাভ কৰাৰ বাবে আনন্দিত বুলি প্রকাশ কৰি আজিৰ দিনটোৰ এয়া সর্বোচ্চপ্রাপ্তি বুলিও তেওঁ প্রকাশ কৰে৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তয়ো বিশিষ্ট কবিগৰাকীলৈ জ্ঞানপীঠ লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like