মহেশ্বৰ নেওগৰ গ্রন্থৰ ভিত্তিতহে ঔৰংগজেবে কামাখ্যাত ভূমিদানৰ কথা কৈছিলোঁ
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ৰাজ্যৰ সর্বত্র হোৱা ব্যাপক প্রতিক্রিয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ সকীয়নিৰ পিছত সুৰ সলনি কৰিলে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত বিধায়ক ইছলামে কয় যে অসম সাহিত্য সভাই প্রকাশ কৰা সকলোৰে শ্রদ্ধাৰ ড০ মহেশ্বৰ নেওগৰ এখন গ্রন্থৰ আধাৰতহে তেওঁ ঔৰংগজেবে কামাখ্যা মন্দিৰত ভূমিদান কৰা বুলি কৈছিল৷ ইয়াৰ বাবে তেওঁ কেনেকৈ দোষী, জগৰীয়া হ’ব বুলি প্রশ্ন কৰি কয় যে সেই তথ্যত যদি কিবা ভুল আছে অসম সাহিত্য সভাক জগৰীয়া কৰক৷ দেশত স্বাধীনতাৰ হাজাৰ বছৰ পূর্বৰে পৰা ধর্মনিৰপেক্ষতা চলি অহাৰ বিষয়ে ক’বলৈ গৈহে ড০ মহেশ্বৰ নেওগৰ গ্রন্থত সন্নিৱিষ্ট তথ্যৰ ভিত্তিতহে সেই কথা উল্লেখ কৰিছিল বুলি কয়৷
ইপিনে, অখিল ভাৰত ব্রাহ্মণ ফ্রণ্টৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক পৱিত্র কুমাৰ শর্মাই আজি এক বিবৃতিত কয় যে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কামাখ্যা দেৱালয় আৰু গো–মাতাৰ বিৰুদ্ধে যি মন্তব্য কৰিছে, সেয়া সম্পূর্ণ ভিত্তিহীন৷ পৃথিৱীৰ প্রাচীন সংস্কৃতি হৈছে সনাতন সংস্কৃতি৷ তাৰ হাজাৰ হাজাৰ বছৰ পিছতহে ইছলাম বা অন্যান্য ধর্ম, সংস্কৃতি আহিছে৷ মোগলে ১৭বাৰ অসম আক্রমণ কৰি সকলো মঠ–মন্দিৰৰ ধন–সোণ–হীৰা–মুকুত্ আদি লৈ উধাও হৈছিল৷ তেওঁলোকৰ অত্যাচাৰত থাকিব নোৱাৰি বহু থলুৱা জাতি–জনজাতি পলাই গৈ বৰাক উপত্যকাত বসবাস কৰিছিল৷ সেইদৰে গৰুৰ গোবৰ, গো–মূত্র মহৌষধ আৰু বহু বেমাৰৰ প্রতিষেধক বুলি উল্লেখ কৰি কয় যে গো–মূত্র আৰু গোবৰে পকী ৰাস্তাবোৰ নষ্ট কৰি পেলায় বুলি কোৱাটো হাস্যকৰ কথা৷