জে’লৰ পৰা ওলায়ে কংগ্রেছৰ বিৰুদ্ধে ক্ষোভ বিধায়ক শ্বেৰমানৰ
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ কাৰাগাৰৰ পৰা মুকলি হৈয়েই কংগ্রেছৰ প্রতি ক্ষোভ উজাৰিলে দলটোৰ বাঘবৰ সমষ্টিৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত বিধায়ক আহমেদে কয় যে তেওঁক কংগ্রেছ হাইকমাণ্ডে বিজেপিৰ এজেণ্ট বুলি কোৱাটোৱে যথেষ্ট ব্যথিত কৰি তুলিছে৷ দলৰ পৰা তেওঁক নিলম্বন কৰাত বৰ বেছি গুৰুত্ব দিয়া নাই৷ কিন্তু তেওঁ কংগ্রেছ পৰিয়ালৰ এজন হোৱা সত্ত্বেও পৰিয়ালৰ মুৰব্বীয়ে যেতিয়া তেওঁৰ প্রতি সন্দেহৰ আঙুলি টোঁৱাই ড০ হিমন্ত বিশ্ব শর্মাৰ এজেণ্ট বুলি কোৱাটোৱে তেওঁক যথেষ্ট দুখ দিছে৷ সেইদৰে তেওঁ এআইইউডিএফত যোগদান কৰিব বুলি চর্চা সম্পর্কত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত ‘মই এতিয়াই একো নকওঁ’ বুলি কৈ পাকে–প্রকাৰে অনাগত দিনত এআইইউডিএফত যোগদানৰ ইংগিত দিয়ে৷ ইপিনে, এআইইউডিএফৰ সাধাৰণ সম্পাদক (সংগঠন) বিধায়ক আমিনুল ইছলামে কোনো বিধায়ক এআইইউডিএফলৈ আহিলে ভাল পাওঁ বুলি উল্লেখ কৰি কয় যে অৱশ্যে শ্বেৰমান আলী আহমেদৰ সৈতে এই সম্পর্কত এতিয়ালৈ কোনো আলোচনা হোৱা নাই৷ তেওঁ তিনিটাকৈ কার্যকালৰ এজন বিধায়ক৷ তেওঁক অৱজ্ঞা কৰাৰ সাহস আমাৰ নাই৷
ইফালে, বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে কংগ্রেছত যোগদানৰ পূর্বে শ্বেৰমান আলী আহমেদ এআইইউডিএফৰ বিধায়ক আছিল৷ এআইইউডিএফৰ নীতি–আদর্শ দলিয়াই দি তেওঁ কংগ্রেছত যোগদান কৰিছিল৷ সেয়ে তেওঁ পুনৰ এআইইউডিএফলৈ যাব বুলি তেওঁৰ মনে নধৰে৷ শইকীয়াই আৰু কয় যে দলৰ নীতি–নিয়মৰ ভিত্তিতহে তেওঁক শ্ব’কজ দিয়া হৈছে৷ এতিয়া তেওঁ উত্তৰ দিয়াৰ পিছত দলৰ অনুশাসন কমিটীয়ে সকলো চালিজাৰি চাইহে ব্যৱস্থা ল’ব৷