ৰঙিয়াত বিভিন্ন দাবীৰে ৰন্ধন কৰ্মচাৰীৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমুহত কৰ্মৰত হৈ থকা ৰন্ধন কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে । শুক্ৰবাৰে ৰঙিয়াত কামৰূপ জিলা ৰন্ধন কৰ্মচাৰী সন্থাই মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ ৰোধ, ৰন্ধন কৰ্মচাৰীৰ কামৰ নিৰাপত্তা আৰু মাননি নিয়মিতভাৱে আদায় দিয়াৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰী সকলে ৰঙিয়া হাইৱে’ চকৰ পৰা সমদল কৰি চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হয়। কাৰ্যালয়টোৰ সন্মুখত প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । পিছত চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
শেহতীয়াভাবে শিক্ষা বিভাগে মধ্যাহ্ন ভোজনৰ দায়িত্ব অক্ষয়পাত্ৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এনে সিদ্ধান্তৰ পুৰ্ণ বিৰোধিতা কৰিছে ৰন্ধন কৰ্মী সন্থাটোয়ে। পূৰ্বতে ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব ১৫ টাকৈ বেচৰকাৰী সংস্থা আৰু স্বেচ্চাসেৱী অনুষ্ঠানৰ হাতত হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰন্ধন কৰ্মচাৰী সকলে। ধাৰাবাহিক প্ৰতিবাদৰ পিছত ৰন্ধন কৰ্মচাৰীসকলৰ মাননি পাঁচ শ টকা বৃদ্ধি কৰিছিল যদিও মাত্ৰ কেইমাহমান ১৫০০ টকাকৈ আদায় দিয়াৰ পিছতে বন্ধ কৰি দিয়ে । উল্লেখযোগ্য যে বৰ্তমান ৰন্ধন কৰ্মচাৰী সকলক এক হেজাৰ টকাকৈ মাননি দি আহিছে যদিও সেয়াও মাত্ৰ দহ মাহৰ বাবাহে দি আহিছে । এনে পৰিপেক্ষিতত সন্থাটোৱে আন্দোলনৰ সিদ্ধান্ত লবলৈ বাধ্য হৈছে। অহা ২০ ডিচেম্বৰত হ’বলগীয়া শীত কালীন অধিবেশনৰ সময়ত অসম বিধানসভাৰ সন্মুখত তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।
প্ৰেৰকঃ ফাৰুক হুছেইন , ৰঙিয়া