নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ বাস্তবসন্মত নহয়ঃ ৰাজদীপ ৰয়

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, বিধায়ক কৌশিক ৰয় আৰু তেওঁৰ বিৰুদ্ধে বীডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰয়ে যি অভিযোগ উত্থাপন কৰিছে সেয়া বাস্তবসন্মত নহয়। দেওবাৰে নতুন দিল্লীৰ পৰা মোবাইল যোগে এইকথা জনাইছে শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে। তেওঁ কয়, প্ৰদীপ দত্তৰয়ৰ যোৱা ৬ ডিচেম্বৰৰ দিনা শিলচৰ মেডিকেল কলেজ হাস্পতালত ক’ভিডৰ আৰটিপিআৰ টেষ্ট কৰোৱা হৈছিল। উক্ত টে’ষ্টৰ ৰিপ’ৰ্টত তেওঁৰ কভিড নিগেটিভ আছিল। দেওবাৰে কভিড আক্ৰান্ত প্ৰদীপ দত্ত ৰয়ে তেওঁলোক অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,সাংসদ ডাঃ ৰাজদীপ ৰয় আৰু বিধায়ক কৌশিক ৰয়ে ষড়যন্ত্ৰ কৰিছে বুলি যি অভিযোগ উত্থাপন সেয়া তেখেতৰ মনগঢ়া আৰু বাস্তবসন্মত নহয়। মেডিকেলত থকা সময়ত প্ৰদীপ দত্ত ৰয়ৰ কভিড নিগেটিভ আছিল বুলি তেওঁ উল্লেখ কৰে।

You might also like