ভাষা কর্তনৰ নামত গিনিপিগ হ’ব নেকি পৰীক্ষার্থী
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) পৰীক্ষাৰ পৰা ভাষাৰ প্রশ্নকাকত প্রত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ প্রতিক্রিয়া এতিয়াও অব্যাহত আছে৷ যোগ্যতামূলক এই প্রশ্নকাকত প্রত্যাহাৰ নকৰিবলৈ সর্বত্র দাবী উঠাৰ সময়তে সংস্কাৰৰ নামত অসম লোকসেৱা আয়োগ আৰু ইয়াৰ পৰীক্ষার্থীসকলক পুনৰ এবাৰ ৰাজনৈতিক গৱেষণাগাৰৰ গিনিপিগ সজাবলৈ চেষ্টা কৰা হৈছে নেকি বুলি প্রশ্ন উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংগঠনটোৱে৷ এক বিবৃতিত সংগঠনটোৰ এডমিন মানসপ্রতিম বৰুৱাই কয় যে অসমীয়া ভাষাৰ যোগ্যতামূলক প্রশ্নকাকতখন প্রত্যাহাৰ কৰি চৰকাৰৰ ফালৰ পৰা তিনিটা চর্ত বান্ধি দিয়া হৈছে৷
সেই অনুসৰি আয়োগৰ পৰীক্ষা দিবলৈ প্রার্থীজন অসমৰ নাগৰিক হোৱাৰ লগতে অসমৰ নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন হৈ থাকিব লাগিব৷ তদুপৰি প্রার্থীসকলে অসমীয়া আৰু সহযোগী ভাষাসমূহ সলসলীয়াকৈ ক’ব পৰা হ’ব লাগিব৷ কিন্তু ভাষাৰ প্রশ্নকাকত প্রত্যাহাৰ কৰি চৰকাৰে এই চর্ত তিনিটা কিদৰে প্রয়োগ কৰিব, সেই সিদ্ধান্ত এতিয়াও ল’ব পৰা নাই বুলি উল্লেখ কৰি বৰুৱাই কয়– ‘২৪ নৱেম্বৰৰ সিদ্ধান্তমর্মে আজি পর্যন্ত অধিসূচনাখন প্রকাশ কৰা হোৱা নাই৷ চৰকাৰৰ প্রথম চর্ত আছিল আয়োগৰ পৰীক্ষা দিবলৈ প্রার্থীজন অসমৰ বাসিন্দা হ’ব লাগিব৷ কিন্তু ভাৰতীয় সংবিধানৰ ১৬ (২) অনুচ্ছেদ অনুসৰি যিকোনো ভাৰতীয় নাগৰিকৰ ক্ষেত্রত জাতি, ধর্ম, বর্ণ, লিংগৰ উপৰি জন্মস্থান আৰু বাসস্থানৰ ভিত্তিত নিযুক্তিৰ ক্ষেত্রত কোনো বৈষম্য সৃষ্টি কৰিব নোৱাৰিব৷ এইদৰে বাসস্থানৰ ভিত্তিত নিযুক্তিৰ ক্ষেত্রত সংৰক্ষণৰ বাবে উপযুক্ত কাৰণ প্রদর্শন কৰিব পাৰিব লাগিব ৰাজ্য চৰকাৰে৷ তদুপৰি সংবিধান অনুসৰি কেৱল সংসদেহে এই সংৰক্ষণ প্রদান কৰিব পাৰে৷ গতিকে ইয়াৰ পৰা স্পষ্ট যে বাসস্থানৰ ভিত্তিত নিযুক্তিৰ ক্ষেত্রত অসম চৰকাৰে সংৰক্ষণ প্রদান কৰিব নোৱাৰে৷ যাৰ বাবে তেওঁলোকে প্রদান কৰা চর্ত সন্নিৱিষ্ট কৰি অধিসূচনা প্রস্তুত কৰিব পৰা নাই৷’
আনহাতে, দ্বিতীয় চর্ত প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি বৰুৱাই কয় যে প্রার্থীজনৰ নাম অসমৰ নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন হৈ থাকিব লাগিব বুলি চৰকাৰে কৈছে৷ আফগানিস্তানৰ নাগৰিকেও অসমত আধাৰ কার্ড বনাব পাৰে৷ গতিকে অনলাইনযোগে বহিঃৰাজ্যৰ প্রার্থীয়ে অসমৰ নিয়োগ বিনিময় কেন্দ্রত নাম অন্তর্ভুক্ত কৰাটো বৰ কঠিন নহয়৷ আত্মীয় অসমত বাস কৰাৰ সুযোগ লৈ পূর্বে বহু বহিঃৰাজ্যৰ প্রার্থীয়ে আয়োগৰ অধীনত চাকৰি লাভ কৰিছে৷ সেইদৰে তৃতীয় চর্ত সন্দর্ভত সংগঠনটোৰ এডমিনে কয়– ‘অসমীয়া আৰু সহযোগী ৰাজ্যভাষা সলসলীয়াকৈ ক’ব পৰা পৰীক্ষা চৰকাৰে কিদৰে অনুষ্ঠিত কৰিব? সমগ্র দেশত কোনো লিখিত পৰীক্ষা নোহোৱাকৈ ভাষা সলসলীয়াকৈ ক’ব পৰা কিবা পৰীক্ষা আছে নেকি? মূল পৰীক্ষাৰ পূর্বে পৰীক্ষাৰ নিয়ম সলনি কৰাটো আইনীভাৱে প্রত্যাহ্বান নহ’বনে?’