নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত ৰবিদাস ঘাটত সপত্নীক মুখ্যমন্ত্রীৰ সেৱা

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ দিব্য কাশী ভব্য কাশী প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোনৰ প্রকল্পৰ আজি শুভাৰম্ভণি ঘটিল৷ কাশী বিশ্বনাথ ধাম কৰিড’ৰৰ প্রথম পর্যায়ৰ শুভাৰম্ভণি ঘটাই প্রধানমন্ত্রী মোদীয়ে আজি মন্দিৰক নব্য ৰূপত লোকার্পণ মহাপর্ব অনুষ্ঠানত আগবঢ়ালে পূজা৷ এই বৃহৎ আধ্যাত্মিক অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও সত্রাধিকাৰ, শিল্পী আৰু বিশিষ্ট লোক৷ বাৰাণসীৰ কাশীধামত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকিল কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামী, ছমৰীয়া সত্রৰ সত্রাধিকাৰ নিগমানন্দ অধিকাৰী, শংকৰদেৱ বৈতৰণী সত্রৰ সত্রাধিকাৰ ৰিজু পাঠক, ব্রহ্মধাম সমাজৰ আচার্য চন্দন নার্জাৰী, লক্ষ্মীমন সংঘৰ মার্গদর্শক বলোৰাম পাংছু, নেপালী সমাজৰ ভাগৱতী আচার্য পুৰুষোত্তম উপাধ্যায়, শ্রীদীনজয় সত্রৰ ডেকা সত্রাধিকাৰ মুকুন্দ চন্দ্র গোস্বামী, বকো সত্রৰ ডেকা সত্রাধিকাৰ উৎপল মহন্ত, আদি বিহামপুৰ সত্রৰ ডেকা সত্রাধিকাৰ অতুল মহন্ত, টিহুৰ কলীয়াগোসাঁই মন্দিৰৰ মথুৰা ডেকা, নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ কার্যকৰী সভাপতি নৱাৰাজ খান্নাল, উত্তৰ কমলাবাৰী সত্রৰ বৰ আলধৰা বলোৰাম শইকীয়া, আধ্যাত্মিক সংগঠনৰ সমন্বয়ক যোগেশ শাস্ত্রী, কথক নৃত্যশিল্পী জয়ন্ত ভাগৱতী, জনপ্রিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ, অভিনেতা পল ফুকন, নয়ন বৰুৱা আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদর্শন ঠাকুৰ৷

উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বাৰাণসীৰ গংগাৰ বুকুত স্নান কৰি কাল ভৈৰৱী মন্দিৰত প্রধানমন্ত্রীয়ে পূজা আগবঢ়োৱাৰ লগতে সন্ধিয়া গংগা আৰতিত ভাগ লয়৷ এই আৰতি অনুষ্ঠানত অসমৰ পৰা যোৱা বিশিষ্ট ব্যক্তিসকলৰ লগত উপস্থিত থাকে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মা৷ ইফালে, এই অনুষ্ঠানৰ পাছতে দেশৰ ১২খন বিজেপিশাসিত ৰাজ্য ক্রমে অসম, অৰুণাচল প্রদেশ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, কর্ণাটক, মধ্যপ্রদেশ, মণিপুৰ, ত্রিপুৰা, উত্তৰপ্রদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীসকলৰ সৈতে এক বৈঠকতো মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রীৰ লোকার্পণ মহাপর্বৰ বাবে কালি বাৰাণসীত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ গংগা আৰতিৰ এই অনুষ্ঠানত উপস্থিত থকা সত্রাধিকাৰ তথা বিশিষ্ট ব্যক্তিসকল এই লোকার্পণক লৈ যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হয়৷ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীয়ে এই অনুষ্ঠানৰ পৰাই ভাৰত চৰকাৰলৈ এইবুলি আহ্বান জনায় যে গংগাক যেনেকৈ মান্যতা দিয়া হৈছে, ঠিক তেনেদৰে ব্রহ্মপুত্রকো মান্যতা প্রদান কৰিব লাগে৷ এই সুন্দৰ অনুষ্ঠানত অংশগ্রহণৰ সুযোগ দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ব্রহ্মপুত্রকো বিশ্বৰ সন্মানীয় নদ হিচাপে প্রতিষ্ঠা কৰাৰ আহ্বান জনায়৷

ইফালে, লোকার্পণ মহাপর্বৰ লগত সংগতি ৰাখি দেশৰ ৫১ হাজাৰটা স্থানৰ লগতে ৰাজ্যিক বিজেপিয়েও অসমৰ ৪০০টা মণ্ডলত বিভিন্ন ধর্মীয় কার্যসূচী ৰূপায়ণ কৰে৷ দলীয় কার্যকর্তা, স্থানীয় ৰাইজ, নির্বাচিত প্রতিনিধি তথা সাধু–সন্ত আৰু ধর্মাচার্যসকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত মন্ত্রী, বিধায়ক, সাংসদসকলেও ভাগ লয়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া বিধানসভা সমষ্টিৰ ডিমু–ডোবক গাঁও পঞ্চায়তৰ অন্তর্গত বৰলীমাৰাৰ সুন্দৰবন শিৱমন্দিৰ প্রাংগণত ৰঙিয়া ব্লক মণ্ডলৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে৷ আনহাতে, ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাসে বজালী জিলাৰ উদ্যোগত আৰু উত্তৰ–পূব বজালী মণ্ডলৰ সহযোগত উজান উলুৱাস্থিত শ্রীশ্রী ভোগেশ্বৰ দেৱালয়ত পূজা–অর্চনা কৰে৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শর্মাই গুৱাহাটী জিলা সমিতিৰ উদ্যোগত বশিষ্ঠ মন্দিৰ প্রাংগণত অনুষ্ঠিত দিব্য কাশী ভব্য কাশী অনুষ্ঠানত উপস্থিত থাকে৷

আনহাতে, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে তিনিচুকীয়াত আৰু মুখ্য মুখপাত্র তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছাই যোৰহাট নগৰ মণ্ডলত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, সাংসদ–বিধায়কসক নিজ নিজ সমষ্টিৰ মণ্ডলত উপস্থিত থাকি দিব্য কাশী ভব্য কাশী অনুষ্ঠানৰ অংশীদাৰ হয়৷

You might also like