নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ দিনীয়া যুদ্ধ সমাপ্তঃ মৃত্যুৰ ওচৰত হাৰ মানিলে গ্ৰুপৰ কেপ্টেইন বৰুণ সিঙে

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ বিগত বুধবাৰৰ পৰা চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছিল গ্ৰুপৰ কেপ্টেইন বৰুণ সিঙে। কিন্তু অৱশেষত আঠ দিনৰ যুঁজৰ পিছত কুন্নুৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ একমাত্ৰ জীৱন্ত ভুক্তভোগী বৰুণ সিঙৰো মৃত্যু হ’ল।

যোৱা বুধবাৰে MI-17 হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰথমজন চিডিএছ জেনেৰেল বিপিন ৰাৱাটকে ধৰি তেৰজন লোকে প্ৰাণ হেৰুৱাইছিল। ১৪ জন আৰোহীৰ ভিতৰত একমাত্ৰ জীৱিত আছিল ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং। কিন্তু অৱশেষত চিকিৎসালয়ৰ বিচনাত প্ৰাণ হেৰুৱালে বৰুণ সিঙেও ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, “তেওঁৰ মৃত্যুত হতবাক হৈছোঁ। দেশলৈ তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছোঁ।”

 

You might also like