শতবর্ষ গৰকা দেশৰ ক্ষুদ্রতম ৰে’ল জংচনটো
১৯২০ চনত ব্রিটিছ চৰকাৰে ব্রহ্মপুত্রৰ পাৰৰ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ প্রাক ঐতিহাসিক যুগৰ অতিকৈ গুৰুত্বপূর্ণ স্থান শিলঘাটত স্থাপন কৰিছিল ৰে’ল ষ্টেচন৷ তেতিয়াৰ পৰাহ আৰম্ভ হৈছিল শিলঘাট–চাপৰমুখ মিটাৰ গজ ৰে’ল সেৱাৰ৷ শিলঘাট, জখলাবন্ধা, শালনা, চামগুৰি, পুৰণিগুদাম, নগাঁও টাউন, শেনচোৱা জংচন, বেবেজীয়া, ফুলগুৰি, ৰহা আৰু চাপৰমুখ জংচন এহ দহটা ৰে’ল ষ্টেচন আৰু দুটাকৈ জংচনক সামৰি শিলঘাট–চাপৰমুখ মিটাৰ গজ ৰে’লসেৱা আৰম্ভ হৈছিল৷ ১৯২০ চনৰ পৰা ১৯৯২ চনৰ এপ্রিল মাহলৈকে এহ ৰে’লসেৱা অব্যাহত আছিল৷ কিন্তু সেহ বর্ষৰে এপ্রিলৰ শেষৰ সপ্তাহত ৰে’ল বিভাগে বৃহৎ লোকচানৰ অজুহাতত শিলঘাট–নগাঁও–চাপ ৰে’লসেৱা সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে৷ সেই সময়ছোৱাত নিতৌ পুৱা ৬.৩০ বজাত শিলঘাটৰ পৰা শিলঘাট–নগাঁও–চাপ যাত্রীবাহী ৰে’ল গাড়ীখনে যাত্রা আৰম্ভ কৰি পুৱা ৯ বজাত নগাঁও ৰে’ল ষ্টেচনত উপস্থিত হৈছিল৷ তাৰ পাছত একেৰাহে চাপৰমুখলৈ যাত্রা আৰম্ভ কৰিছিল৷ বিয়লি পুনৰ চাপৰমুখৰ পৰা যাত্রা কৰি সন্ধিয়া ৬ বজাত নগাঁও ৰে’ল ষ্টেচন পোৱাৰ পাছত নিশা ৯ বজাত শিলঘাট টাউন ৰে’ল ষ্টেচনত উপস্থিত হৈছিল৷ এই ৰে’লযাত্রা আছিল তাহানিৰ মার্টিন এণ্ড বার্ন কোম্পানীৰ ৰে’লযাত্রা৷ অৱশ্যে সেহ ৰে’লগাড়ীৰ গতিবেগ আজিৰ দৰে ইমান দ্রুতগতিৰ নাছিল৷ সেহ সময়ত কলিয়াবৰৰ ৰঙাগঁৱাৰ ওচৰৰ পৰা শিলঘাটলৈকে এক বিস্তৃত এলেকাৰ ৰে’ল আলিৰ দুয়োকাষে ব্রিটিছ চৰকাৰৰ চাহাবসকলে চাহবাগিচা স্থাপন কৰিছিল৷
মূলতঃ চাহ ব্যৱসায় সুচল কৰি তুলিবৰ বাবেহ ব্রিটিছ চৰকাৰে অতি তৎপৰতাৰে এই মিটাৰ গজ ৰে’লসেৱা আৰম্ভ কৰিছিল৷ এহ ৰে’লসেৱাৰ ফলত নগাঁও জিলাৰ এক বৃহৎ অংশৰ লোক উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ আর্থ–সামাজিক বিকাশৰ ক্ষেত্রতো এই ৰে’লসেৱাহ এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত বৃহত্তৰ শিলঘাট, জখলাবন্ধাকে ধৰি কলিয়াবৰ, শালনা, চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰ, নগাঁও, বৃহত্তৰ বেবেজীয়া, ফুলগুৰি, ৰহা, চাপৰমুখ আদি অঞ্চলৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যক্তি, চৰকাৰী চাকৰিয়াল আৰু উচ্চ শিক্ষা গ্রহণৰ বাবে অহা ছাত্র–ছাত্রীসকল এই ৰে’লগাড়ীৰে দৈনিক অহা–যোৱা কৰিছিল৷ এতিয়াও সেহ কথা মাজে মাজে বহুতৰে মুখে মুখে উচ্চাৰিত হয়৷ দুর্ভাগ্যবশতঃ এহ ৰে’লসেৱা ১৯৯২ চনৰ এপ্রিল মাহৰ শেষৰ সপ্তাহত বন্ধ হৈ পৰিছিল বিভিন্ন কাৰণত৷ লগে লগে শিলঘাটকে ধৰি নগাঁও জিলাৰ বৃহৎ অংশৰ আর্থ–সামাজিক উন্নয়নৰ প্রক্রিয়া স্থবিৰ হৈ পৰিছিল৷ তেতিয়াৰ পৰাহ শিলঘাটকে ধৰি কলিয়াবৰ, শালনা, পুৰণিগুদাম,বঢ়মপুৰ, নগাঁও, দক্ষিণপাট, বেবেজীয়া, জাজৰি, হাতীচোং, ফুলগুৰি, ৰহা, চাপৰমুখৰ বৃহৎসংখ্যাক ৰাহজে এহ ৰে’লসেৱা পুনৰ আৰম্ভ কৰিবৰ বাবে ৰে’ল বিভাগৰ ওচৰত বহু দাবী জনাহ আহিছিল৷ অৱশেষত বিভিন্ন দাবী তথা ওজৰ–আপত্তিত সুদীর্ঘ ১৯ বছৰৰ মূৰত শিলঘাট–চাপৰমুখ মিটাৰ গজ ৰে’ল লাহন ব্রড গজলৈ উন্নীত কৰি ২০০৯ চনৰ ১৫ এপ্রিলৰ পৰা শিলঘাট–নগাঁও–চাপ হৈ গুৱাহাটীলৈ এহ ৰে’লসেৱা পুনৰ আৰম্ভ হয়৷
তদুপৰি ২০১২ চনৰ পৰা পর্যায়ক্রমে শিলঘাট–ধুবুৰী ৰাজ্যৰাণী এক্সপ্রেছ আৰু শিলঘাট–চাপৰমুখ যাত্রীবাহী ৰে’লৰ চলাচল আৰম্ভ হয়৷ অৱশ্যে শিলঘাট–চাপৰমুখ যাত্রীবাহী ৰে’ল কিছুদিন চলাৰ পাছতে বন্ধ হৈ পৰে আৰু শিলঘাট–নগাঁও–চাপ ৰে’লসেৱাৰ চলাচল আৰম্ভ হয়৷ হফালে, ২০১৮ চনত সেই সময়ৰ নগাঁও লোকসভা সমষ্টিৰ চাৰিবাৰৰ সাংসদ তথা কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহাঁহৰ বিশেষ তৎপৰতাত শিলঘাট–কলকাতা আৰু শিলঘাট–টাম্বাৰাম (চেন্নাহ)লৈ দুখন দূৰণিবটীয়া ৰে’লগাড়ী চলাচল কৰাবলৈও সক্ষম হয়৷ কিন্তু বিশ্বব্যাপী সৃষ্টি হোৱা ক’ভিডজনিত পৰিস্থিতিৰ বাবে ২০২০ বর্ষৰ মার্চৰ পৰা এই দুখন ৰে’লৰ চলাচল বন্ধ হৈছিল যদিও বর্তমান পুনৰ আৰম্ভ হৈছে৷ দৈনিক এহ ৰে’ল দুখনৰ জৰিয়তে সহস্রাধিক লোকে নিজৰ জীৱন–জীৱিকাৰ লগতে চৰকাৰী চাকৰিয়ালসকলে নিতৌ অহা–যোৱা কৰি আহিছে৷ ক্ষুদ্র ব্যৱসায়ীসকলেও ৰে’লৰ ভিতৰতে নিজাকৈ চলাহ গৈছে সৰু সৰু ব্যৱসায়৷ এহ সকলো ক্ষেত্রতে ঠিকে থাকিলেও আজি এশ বছৰ অতিক্রমি বেবেজীয়া–ফুলগুৰি–ৰ ৰে’ল ষ্টেচনকেহটাৰ বিশেষ কোনো উন্নতি নহ’ল৷ ৰে’ল ষ্টেচনকেহটাত যাত্রীসকলৰ সুবিধা হোৱাকৈ নাহ দীর্ঘসময় ধৰি অপেক্ষা কৰিবলৈ তথা বহিব পৰাকৈ অপেক্ষা গৃহ, নাই ৰে’ল ষ্টেচনত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰ’দ–বৰষুণ–ধুমুহা আদিৰ পৰা যাত্রীসকলক সুৰক্ষা দিব পৰা নাহ কোনো ব্যৱস্থা৷ তৎসত্ত্বেও তাহানিৰ সেহ ৰে’লযাত্রা আজিও হৈ আছে বহুতৰে বাবে মধুৰ নষ্টালজিয়া৷ আজি শতবর্ষ গৰকা গুৰুত্বপূর্ণ এহ ৰে’ল ষ্টেচনকেহটাৰ সেই তাহানিৰ ১৯২১ চনতে নির্মিত হোৱা টিকট ঘৰকেহটাৰো আজিকোপতি কোনো উন্নয়ন হোৱা দেখিবলৈ পোৱা নগ’ল৷ কোনো পোহৰৰ ব্যৱস্থা নথকা ষ্টেচনকেহটাত নিশাৰ আন্ধাৰত দূৰণিবটীয়া বা অচিনাকি যাত্রী বা অকলশৰীয়া যুৱতী–মহিলাসকলৰ্ বাবে বহু সমস্যাই দেখা দিয়ে, যেতিয়া ৰে’লগাড়ীকেহখন আহি এহকেহটা ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ পাছত ষ্টেচনত ভৰি দি যাত্রীসকলে সমগ্র পৰিৱেশটো অন্ধকাৰাচ্ছন্ন হৈ থকা দেখা পায়৷ সেয়ে এই শতবর্ষ অতিক্রম কৰাৰ মুহূর্তত বিভিন্ন দল–সংগঠন, স্থানীয় ৰাহজ তথা ৰে’ল যাত্রীসকলৰ দাবী এই যে বেবেজীয়া–ফুলগুৰি–ৰ ৰে’ল ষ্টেচনকেহটা আধুনিক প্রযুক্তিৰে ৰাহজৰ সুবিধা হোৱাকৈ নির্মাণ কৰিলে ৰে’লযাত্রীসকলৰ লগতে এহ দুখন ৰে’লৰ ওপৰতে নির্ভৰশীল হৈ নিজৰ ক্ষুদ্র ব্যৱসায় চলাহ পৰিয়াল পৰিচালনা কৰি থকা ব্যৱসায়ীসকলৰ বহু উপকাৰ সাধন হ’ব৷
আনহাতে, দেশৰ ভিতৰতে অতি ক্ষুদ্রতম ৰে’ল জংচন ৰূপে পৰিচিত নগাঁও জিলাৰ শেনচোৱা ৰে’ল জংচনটোও আজি এশ বছৰৰ পাছতো কোনো বিশেষ উন্নয়ন সাধন নহ’ল৷ দেশৰ ভিন্ন প্রান্তৰ তীর্থযাত্রীসকলৰ লগতে অন্যান্য যাত্রীসকল দূৰ–দূৰণিৰ পৰা শিলঘাট অশোকাষ্টমী মেলা, শিলঘাটৰ মা কামাখ্যা মন্দিৰ, পর্যটনস্থলী ত্রিশূলধাৰী, হাতীমূৰা পাহাৰ, কুকুৰাকটা পাহাৰ, শিলঘাট মৰাপাট কল, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানৰ উপৰি অন্যান্য তীর্থস্থান তথা পর্যটনস্থলীসমূহ অহা–যোৱা কৰে৷ তৎসত্ত্বেও ৰে’ল বিভাগে আজিকোপতি দেশৰ আটাহতকৈ ক্ষুদ্র ৰে’ল জংচনটোৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ ৰে’ল জংচনটোত যাত্রীসকলৰ সুবিধা হোৱাকৈ নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, বিশ্রাম গৃহ, শৌচালয়–প্রসাৱাখানা, উচ্চ ক্ষমতাসম্পন্ন পোহৰৰ ব্যৱস্থা৷ বর্তমানেও শেনচোৱা ৰে’ল জংচনত নাই দূৰ–দূৰণিৰ ৰে’লযাত্রীৰ টিকট সংৰক্ষণৰ ব্যৱস্থা৷ ইফালে, জংচনটো প্লেটফর্মটো ইমান চাপৰ যে ৰে’লযাত্রীসকলৰ বাবে ৰে’লত উঠা–নমা কৰাত ভীষণ সমস্যাৰো সৃষ্টি হৈ আহিছে৷ সেয়ে ৰে’লযাত্রীসকলে ৰে’ল বিভাগৰ ওচৰত দেশৰ এহ ক্ষুদ্র ৰে’ল জংচনটোৰ প্লেটফর্মটো যাত্রীসকলৰ সুবিধা হ’ব পৰাকৈ শীঘে ওখ কৰি নির্মাণ কৰিবলৈ দাবী জনাহছে৷