নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’ল বিষয়া ৰঞ্জিত বৰা–পৰিয়ালৰ সদস্যৰ নামত গুৱাহাটীত ৬টা ফ্লেট

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ উৎকোচৰ ধনেৰে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অভিযন্তা ৰঞ্জিত কুমাৰ বৰাই নামে–বেনামে গঢ়ি তুলিছে বৃহৎ সম্পত্তিৰ পাহাৰ৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কার্যালয়ত কালি হাতে–লোটে গ্রেপ্তাৰ কৰাৰ পাছত ৰঞ্জিত কুমাৰ বৰাৰ বিৰুদ্ধে চি বি আয়ে অব্যাহত ৰখা তদন্তকালত ইয়াৰে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷

চি বি আইৰ এক উচ্চস্তৰীয় সূত্রই জানিবলৈ দিয়া অনুসৰি কালি ৰুজু হোৱা এই সম্পর্কীয় গোচৰটোৰ পাছত গুৱাহাটী, পাটনা, নইদাসহ ৯ স্থানত তালাচী অভিযান চলোৱা হৈছিল৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ উপ–মুখ্য বৈদ্যুতিক অভিযন্তা (ক’চিং) পদত কর্মৰত ৰঞ্জিত কুমাৰ বৰাৰ ঘৰত চলোৱা অভিযান কালত প্রায় ৬ লাখ নগদ টকা জব্দ কৰা হয়৷ লগতে ঘোচখোৰ বিষয়াজনে নিজৰ আৰু পৰিয়ালৰ নামত গুৱাহাটীত ক্রয় কৰা ৬টা বিলাসী ফ্লেটৰ বিশদ তথ্যও লাভ কৰে চি বি আয়ে৷

উল্লেখ্য যে ধৃত ৰঞ্জিত কুমাৰ বৰাই ইতিপূর্বে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ উপ–মুখ্য বৈদ্যুতিক অভিযন্তা (নির্মাণ) পদত কার্যনির্বাহ কৰিছিল৷ তাৰ সুবাদতেই উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনত ৰে’লপথৰ বিদ্যুতীকৰণৰ ঠিকা দিয়াৰ নামত ব্যাপক হাৰত উৎকোচ সংগ্রহত নামি পৰিছিল ৰঞ্জিত কুমাৰ বৰা৷ বর্তমানেও চি বি আয়ে সমগ্র বিষয়টোক লৈ তদন্ত তথা তালাচী অভিযান অব্যাহত ৰাখিছে৷ এই তদন্ত তথা তালাচী অভিযানত হয়তো এইজন ঘোচখোৰ বিষয়াই নামে–বেনামে গঢ়ি তোলা সম্পত্তিৰ আৰু বহু তথ্য পোহৰলৈ আহিব পাৰে৷

You might also like