বিতর্ক এৰাই চলিছে গাংগুলীয়ে
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলিয়ে সংবাদ মেলৰ আয়োজন কৰি নেতৃত্বকেন্দ্রিক বিবাদ সন্দর্ভত মুখ খোলাৰ এদিন পিছত ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে বিতর্ক এৰাই চলাৰ চেষ্টা চলাইছে৷ কলকাতাত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত ভাৰতৰ প্রাক্তন অধিনায়ক তথা বিচিচিআইৰ বর্তমানৰ মুৰব্বী গাংগুলীয়ে ‘ন কমেণ্টছ’ বুলি কৈ উল্লেখ কৰে যে এই বিতর্ক ব’র্ডে সঠিকভাৱে নিয়ন্ত্রণ কৰিব৷
উল্লেখ্য যে কোহলিক ভাৰতীয় টি–২০ দলৰ নেতৃত্ব ত্যাগ নকৰিবলৈ গাংগুলীয়ে ব্যক্তিগতভাৱে অনুৰোধ জনোৱা বুলি ব’ডৰ সভাপতিগৰাকীয়ে ৰাজহুৱাকৈ মন্তব্য আগবঢ়াইছিল যদিও টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে কালি এখন সংবাদ মেল আয়োজন কৰি গাংগুলীৰ এই মন্তব্যৰ বিৰোধিতা কৰে৷ টি–২০ৰ নেতৃত্ব ত্যাগৰ সিদ্ধান্তৰ বিষয়ে ব’ডক অৱগত কৰাৰ সময়ত কোনোৱে তেওঁক সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা নাছিল বুলি কোহলিয়ে সংবাদ মেলত উল্লেখ কৰে৷ নেতৃত্বকেন্দ্রিক বিবাদৰ মাজতে টীম ইণ্ডিয়াৰ তাৰকাগৰাকীৰ এই মন্তব্যই ভাৰতীয় ক্রিকেট মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে৷
ইফালে, শেহতীয়াকৈ জানিব পৰা অনুসৰি, কোহলিৰ মন্তব্যৰ প্রত্যুত্তৰ দিবলৈ মুখ্য নির্বাচক চেতন শর্মাই এখন সংবাদ মেল আয়োজনৰ চিন্তাচর্চা কৰিছিল যদিও ব’ডৰ মুৰব্বী গাংগুলীয়ে বিতর্কৰ অৱসান ঘটাবলৈ চেতন শর্মাক মুখ বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছে৷ উল্লেখ্য যে শেহতীয়াকৈ ব’র্ডে কোহলিক আঁতৰাই ৰোহিত শর্মাক ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক নিযুক্ত কৰাক লৈ ভাৰতীয় ক্রিকেট জগতত বিতর্কৰ সূত্রপাত ঘটে৷