হাইলাকান্দিত দুই কোটি টকাৰ বাৰ্মিজ ছুপাৰি সহ অগৰ কাঠ জব্দ
নিয়মীয়া বাৰ্তা,১৮ ডিচেম্বৰ : হাইলাকান্দি আৰক্ষীয়ে অবৈধ বাৰ্মিজ ছুপাৰি অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বাৰ্মিজ ছুপাৰি আৰু অগৰ কাঠ জব্দ কৰা হৈছে। হাইলাকান্দি আৰক্ষীয়ে শনিবাৰে দুটা পৃথক পৃথক অভিযান চলাই প্ৰায় ২৮৩ কুইন্টল বাৰ্মিজ ছুপাৰি জব্দ কৰে। ইয়াৰ বজাৰ মূল্য আনুমানিক ১ কোটি টকা। একে সময়তে, আৰক্ষীয়ে ২০ বস্তা অগৰ কাঠৰ জব্দ কৰে। শুকুৰবাৰে নিশা হাইলাকান্দিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এএছএএছ-২৫-ইচি-৪৯২৭ নম্বৰৰ এখন লৰী আটক কৰে আৰক্ষীয়ে। আৰু আৰক্ষীয়ে এই লৰীখনৰ পৰা ২৪৫ কুইন্টাল বাৰ্মিজ ছুপাৰি জব্দ কৰে। এই লৰীখনত বাৰ্মিজ চুপাৰিৰ সৈতে ২০ বস্তা অগৰ কাঠ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে অনুমান কৰিছে যে জব্দ কৰা অগৰ কাঠৰ বজাৰ মূল্য কোটি টকা হ’ব।