লাৰাক বেটিং, ষ্টেইনক বলিং প্রশিক্ষক নিযুক্ত ছানৰাইজার্ছৰ
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ আগন্তুক আই পি এলৰ পূর্বে ছানৰাইজার্ছ হায়দৰাবাদে তেওঁলোকৰ ছাপ’ট ষ্টাফত ব্যাপক সালসলনি ঘটাইছে৷ দলটোৱে ৱেষ্ট ইণ্ডিজৰ একালৰ কিংবদন্তি বেটছমেন ব্রায়ান লাৰা আৰু দক্ষিণ আফ্রিকাৰ প্রাক্তন বেগী বলাৰ ডেল ষ্টেইনক দলটোৰ ছাপ’ট ষ্টাফত অন্তর্ভুক্ত কৰিছে৷ বিশ্ব ক্রিকেটৰ অন্যতম সফল বেটছমেন হিচাপে পৰিচিত লাৰাক দলটোৱে কৌশলগত পৰামর্শদাতা আৰু বেটিং প্রশিক্ষকৰ দায়িত্ব অর্পণ কৰিছে৷
উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ একালৰ মহান বেটছমেনগৰাকী প্রথমবাৰৰ বাবে আই পি এলৰ সৈতে জড়িত হৈছে৷ ইফালে, চলিত বর্ষৰ আগষ্টত সকলো সংস্কৰণৰ ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰা ষ্টেইনক ছানৰাইজার্ছ হায়দৰাবাদে আগন্তুক আই পি এলৰ বাবে দলটোৰ বেগী বলিং প্রশিক্ষক নিযুক্ত কৰিছে৷
ইফালে, ২০১৩ৰ পৰা ২০১৯লৈ একেৰাহে সাত বছৰ ছানৰাইজার্ছ হায়দৰাবাদৰ প্রশিক্ষকৰ দায়িত্ব পালন কৰা ট’ম মুডী দলটোলৈ পুনৰ উভতি আহিছে৷ ২০১৬ৰ চেম্পিয়ন ছানৰাইজার্ছে মুডীক মুখ্য প্রশিক্ষক নিযুক্ত কৰিছে৷ যোৱা দুটা ছিজনত ট্রেভ’ৰ বেলিছ দলটোৰ প্রশিক্ষক আছিল৷ কিন্তু শেহতীয়াকৈ তেওঁ ছানৰাইজার্ছ হায়দৰাবাদৰ সৈতে সম্পর্ক ছেদ কৰে৷ বিগত আই পি এলত মাত্র তিনিখন মেচত জয়ৰ মুখ দেখা দলটোৱে অষ্ট্রেলিয়াৰ প্রাক্তন বেটছমেন ছাইমন কাটিচক সহযোগী প্রশিক্ষক, মুঠিয়া মুৰলীধৰণক স্পীন বলিং প্রশিক্ষক আৰু হেমাংগ বাদানীক ফিল্ডিং প্রশিক্ষক নিযুক্ত কৰিছে৷