নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় জনসংঘ আৰু অটল বিহাৰী বাজপেয়ী

বহুমাত্রিক ? সুমন্ত চলিহা

সুদীর্ঘ বিদেশী শাসনৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত এখন অন্তর্ৱর্তীকালীন মন্ত্রীসভাই কেন্দ্রত শাসনভাৰ গ্রহণ কৰে৷ এই মন্ত্রীসভাৰ অন্যতম সদস্য আছিল সিংহপুৰুষ ড০ শ্যামাপ্রসাদ মুখার্জী৷ হিন্দু মহাসভাৰ জৰিয়তে ৰাজনীতিলৈ অহাৰ পূর্বে ড০ মুখার্জী চাৰি বছৰৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্য আছিল৷ বিভাজিত স্বাধীনতাৰ পৰিণতিত ভাৰতলৈ পূব আৰু পশ্চিম উভয় দিশৰ পৰাই প্রবল ৰূপত শৰণার্থীৰ সোঁত ব’বলৈ ধৰে৷ কিন্তু জাতীয় চৰকাৰে পূর্ববংগৰ পৰা ভাৰতলৈ অহা হিন্দু শৰণার্থীসকলৰ পুনর্সংস্থাপনৰ অর্থে যথোচিত কার্যব্যৱস্থা গ্রহণ নকৰাৰ প্রতিবাদত ড০ মুখার্জীয়ে মন্ত্রীপদ ত্যাগ কৰে৷ ইতিমধ্যে ১৯৫২ চনত দেশৰ প্রথমটো সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ প্রস্তুতি সম্পূর্ণ হৈ উঠে আৰু শ্যামাপ্রসাদ মুখার্জীয়ে এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি প্রথম লোকসভালৈ নির্বাচিত হয়৷ পিছে এই নির্বাচনত দেশৰ প্রায় সকলো অঞ্চলতে কংগ্রেছী প্রার্থীসকলেই বিপুল জনসমর্থন লাভ কৰা দেখা যায়৷ কংগ্রেছ দলৰ এই নির্বাচনী সাফল্যৰ নেপথ্যৰ কাৰণ আছিল সুস্পষ্ট৷ সেই সময়ত দেশবাসীৰ গণতান্ত্রিক চেতনা পৰিপক্ব হৈ উঠা নাছিল৷ কংগ্রেছী নেতৃবৃন্দই তেওঁলোকক এই ধাৰণা দিছিল যে দেশখনক ঔপনিৱেশিক শাসনৰ পৰা মুক্ত কৰাটো একমাত্র কংগ্রেছৰ কাৰণেই সম্ভৱ হৈ উঠিল৷ ফলত দেশখনৰ প্রথম লোকসভাত বিৰোধী সদস্যৰ সর্বমুঠ সংখ্যা মাথোন ডেৰকুৰিৰ আশে–পাশেই থাকিল৷ সেয়ে হ’লেও এই এমুঠিমান বিৰোধী পক্ষৰ সাংসদ ড০ শ্যামাপ্রসাদ মুখার্জীকে তেওঁলোকৰ নেতা হিচাপে মানি লয়৷ অৱশ্যে প্রথম লোকসভাৰ অধ্যক্ষ বি. জি. মাৱলংকাৰে মুখার্জীদেৱক বিৰোধী দলপতিৰ মর্যাদা প্রদান কৰিবলৈ অস্বীকাৰ কৰে৷ সি যি নহওক, লোকসভাত প্রধানমন্ত্রী নেহৰুৰ সমানে সমানে কথা কোৱাৰ সামর্থ্য এজন সাংসদৰে আছিল আৰু তেৱেঁই হ’ল ড০ শ্যামাপ্রসাদ মুখার্জী৷
ৰাষ্ট্রীয় ৰাজনীতিত ইতিমধ্যে কেইবাটাও বিৰোধী ৰাজনৈতিক দলে আত্মপ্রকাশ কৰিছিল যদিও নীতি আৰু আদর্শৰ বিবেচনাৰে এইবোৰ কংগ্রেছতকৈ বিশেষ পৃথক নাছিল৷ ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাৰ আগলৈকে একমাত্র কমিউনিষ্ট দলৰহে এটা আদর্শনিষ্ঠা দেখা গৈছিল৷ উল্লিখিত সকলো দিশ বিবেচনা কৰি দেশৰ প্রতিজন ৰাষ্ট্রীয়তাবাদী আদর্শত বিশ্বাসী লোকক এখন মঞ্চত সমৱেত কৰোৱাৰ উদ্দেশ্য লৈ পোনতে ড০ শ্যামাপ্রসাদ মুখার্জীয়ে এটা নতুন ৰাজনৈতিক দল গঠনৰ পোষকতা কৰে আৰু তাৰ পৰিণতিতে ১৯৫১ চনৰ ২১ অক্টোবৰৰ দিনা ভাৰতীয় জনসংঘ নামেৰে এই দলটোৰ জন্ম হয়৷ ড০ মুখার্জীয়ে এই ৰাষ্ট্রীয় পর্যায়ৰ ৰাজনৈতিক দলটোৰ প্রথমগৰাকী সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰে৷ সেই সময়ত কেইবাটাও জটিল সমস্যাই নতুনকৈ স্বাধীনতা পোৱা দেশখনক অস্থিৰ কৰি তুলিছিল৷ এই সমস্যাসমূহৰ ভিতৰত এটা আছিল কাশ্মীৰত গা কৰি উঠা বিচ্ছিন্নতাবাদৰ সমস্যা৷ ভাৰত স্বাধীনতা আইন অনুসৰি ব্রিটিছ চৰকাৰে ভাৰতক স্বাধীনতা প্রদান কৰাৰ সময়ত ৫৫৪খন সৰু–বৰ দেশীয় ৰাজ্যয়ো স্বতন্ত্রতা লাভ কৰিছিল৷ এই ৰাজ্যসমূহত ইংৰাজৰ পক্ষৰ পৰা কোৱা হৈছিল যে তেওঁলোকে নিজ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তান কোনোবা এখন নৱগঠিত ৰাষ্ট্রত নিজকে বিলীন কৰি দিব পাৰিব৷ তদনুযায়ী গৰিষ্ঠসংখ্যক দেশীয় ৰাজ্যই ভাৰত সংঘৰাষ্ট্রত যোগদান কৰে যদিও তিনিখন ৰাজ্যই ভাৰতত নিজকে বিলীন কৰি দিবলৈ অস্বীকাৰ কৰে৷ এই তিনিখন ৰাজ্য আছিল হায়দৰাবাদ, জুনাগড় আৰু কাশ্মীৰ৷ ইয়াৰ ভিতৰত হায়দৰাবাদ আৰু জুনাগড়ক সেই সময়ৰ গৃহমন্ত্রী চর্দাৰ বল্লভ ভাই পেটেলে সেনা অভিযান চলাই ভাৰতত অন্তর্ভুক্ত কৰিলে৷ সেই একেটা পদ্ধতিকে কাশ্মীৰৰ বেলিকাও অৱলম্বন কৰাৰ থল আছিল৷ কিন্তু প্রধানমন্ত্রী নেহৰুৰ ৰহস্যজনক হস্তক্ষেপে চর্দাৰ পেটেলক সেই কার্যব্যৱস্থা লোৱাৰ পৰা বিৰত কৰিলে৷ প্রথম অৱস্থাত কাশ্মীৰৰ মহাৰজা হৰি সিঙে ভাৰতত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও পাছত স্বাক্ষৰিত এখন চুক্তিৰ জৰিয়তে সেই কার্য সম্পন্ন হয়৷ কিন্তু তেনে সময়তে নেচনেল কন্ফাৰেঞ্চৰ নেতা শ্বেখ আব্দুল্লাৰ আৱির্ভাৱে কাশ্মীৰৰ দৃশ্যপট সলনি কৰি পেলায়৷ তেওঁ কাশ্মীৰী লোকসকলৰ আত্মনিয়ন্ত্রণৰ দাবী উত্থাপন কৰি ভাৰতৰ ৰাষ্ট্রীয় কর্তৃপক্ষক এই দাবী মানি ল’বলৈ সৈমান কৰে৷ যাৰ ফলস্বৰূপে ভাৰতীয় সংবিধানত ৩৭০সংখ্যক অনুচ্ছেদ এটা জম্মু–কাশ্মীৰৰ বাবে আছুতীয়াকৈ সন্নিৱিষ্ট কৰা হয়৷ এই অনুচ্ছেদৰ আধাৰত জম্মু–কাশ্মীৰ ভাৰতৰ এখন অংগৰাজ্য হোৱা সত্ত্বেও ই এক পৃথক পতাকা, পৃথক জাতীয় সংগীত আৰু পৃথক ৰাজ্যিক প্রধান লাভ কৰে৷ দেশৰ আন সকলো ৰাজ্যৰ সাংবিধানিক মুৰব্বীজনক ৰাজ্যপাল নামেৰে জনা যায় যদিও জম্মু–কাশ্মীৰৰ বেলিকা শ্বেখ আব্দুল্লাই এই পদটোৰ নামকৰণ কৰে ‘সদৰ–এ–বিয়াছত’৷ এনেদৰে শ্বেখ আব্দুল্লাই জম্মু–কাশ্মীৰক পর্যায়ক্রমে এখন সার্বভৌম ৰাষ্ট্রত পৰিণত কৰাৰ অভিসন্ধি চলায়৷
কিন্তু শ্বেখ আব্দুল্লাৰ পূর্বোক্ত পৃথকতাবাদী দৃষ্টিভংগীৰ বিপৰীতে ভাৰতীয় জনসংঘৰ সর্বোচ্চ ভাবনা আছিল এখন অখণ্ড ভাৰতৰ সপক্ষে৷ জম্মু–কাশ্মীৰক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়যন্ত্র ৰুধিবলৈ দলটোৱে ধ্বনি দিয়ে –‘এক নিচান, এক বিধান, এক প্রধান’৷ ভাৰতত জম্মু–কাশ্মীৰৰ পূর্ণ বিলয়ৰ দাবীত ভাৰতীয় জনসংঘই ইয়াৰ জন্মলগ্ণৰে পৰা বিভিন্ন কার্যসূচী গ্রহণ কৰিছিল৷ সেই সময়তে জম্মুবাসী জনসাধাৰণে শ্বেখ আব্দুল্লা চৰকাৰৰ উগ্র সাম্প্রদায়িক নীতিৰ বিৰুদ্ধে স্বতঃস্ফূর্তভাৱে এক শান্তিপূর্ণ আন্দোলন (সত্যাগ্রহ) সংগঠিত কৰিছিল৷ এই সত্যাগ্রহীসকলৰ ওপৰত শ্বেখ আব্দুল্লাৰ নেচনেল কন্ফাৰেঞ্চ চৰকাৰে অবর্ণনীয় দমন নীতি প্রয়োগ কৰাত জম্মু আন্দোলনৰ গুৰি ধৰোঁতা প্রজা পৰিষদ সংগঠনলৈ ভাৰতীয় জনসংঘই সর্বান্তঃকৰণে সমর্থন আগবঢ়াইছিল৷ পিছে ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রদান কৰা ক্ষমতাৰে বলীয়ান হৈ আব্দুল্লাই সেই সময়ত জম্মু–কাশ্মীৰত যিকোনো ভাৰতীয় নাগৰিকৰ প্রৱেশ নিষিদ্ধ কৰিছিল৷ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ প্রত্যক্ষ আশীর্বাদ লাভ কৰি শ্বেখ আব্দুল্লা অধিক শক্তিশালী হৈ উঠিছিল৷ এনে সময়তে জনসংঘৰ সভাপতি ড০ মুখার্জীয়ে প্রধানমন্ত্রী নেহৰু আৰু শ্বেখ আব্দুল্লালৈ এলানি চিঠি লিখিছিল, যিবোৰত সামগ্রিকভাৱে কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধান বাঞ্ছা কৰা হৈছিল৷ কিন্তু তেওঁৰ এই আকুল আহ্বানে কোনো এজনৰে দৃষ্টিভংগী সলনি কৰিব নোৱাৰিলে৷ অৱশেষত জম্মুৰ নিপীড়িত আন্দোলনকাৰীসকলৰ প্রতি সহমর্মিতা প্রকাশৰ উদ্দেশ্যে ড০ মুখার্জীয়ে শ্বেখ আব্দুল্লাৰ নিষেধাজ্ঞা নেওচি জম্মু–কাশ্মীৰত প্রৱেশ কৰিবলৈ অগ্রসৰ হ’ল৷ সেই যাত্রাত মুখার্জীদেৱক যিকেইজন দলীয় সতীর্থই সংগ দিছিল, তেওঁলোকৰ অন্যতম আছিল অটল বিহাৰী বাজপেয়ী৷ ১৯৫৩ চনৰ সেই বিশেষ দিনটোত (১১ মে’) দলৰ সভাপতি ড০ মুখার্জীয়ে তেওঁৰ তৰুণ সতীর্থ অটল বিহাৰী বাজপেয়ীৰ জৰিয়তেই দেশবাসীৰ প্রতি এক বৈপ্লৱিক বার্তা প্রেৰণ কৰিছিল৷
সেই বছৰৰে ২৩ জুনৰ দিনা শ্রীনগৰত কাৰাৰুদ্ধ অৱস্থাত শ্যামাপ্রসাদ মুখার্জীদেৱে অতি ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল৷ কিন্তু তাৰ পাছতো এই ৰাষ্ট্রীয়তাবাদী দলটোৰ আদর্শভিত্তিক কার্যক্রমণিকা থমকি ৰোৱা নাছিল৷ ড০ মুখার্জীৰ প্রয়াণোত্তৰ কালছোৱাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে জনসংঘৰ সভাপতিৰূপে কার্যনির্বাহ কৰিছিল যদিও সেই সময়ত দলটোৰ প্রকৃত গুৰি ধৰোঁতা হৈ উঠিছিল পণ্ডিত দীনদয়াল উপাধ্যায়৷ তেওঁৰ বিচক্ষণতাৰ গুণতে জনসংঘৰ সাংগঠনিক ভিত্তি দিনকদিনে সুদৃঢ় হৈ গৈ আছিল৷ দলৰ মতাদর্শক জনসাধাৰণৰ কাষলৈ নিবৰ বাবে তেওঁ যৎপৰোনাস্তি প্রচেষ্টা চলাইছিল৷ দলীয় মুখপত্রৰ ৰূপত কেইবাখনো পত্রিকা প্রকাশিত হৈছিল৷ এইবোৰৰ ভিতৰত ‘পাঞ্চজন্য’ (হিন্দী) আৰু ‘অর্গেনাইজাৰ’ আছিল (ইংৰাজী) প্রধান৷ অটল বিহাৰী বাজপেয়ীজী দীঘলীয়া কালৰ বাবে ‘পাঞ্চজন্য’ৰ সম্পাদক আছিল৷ যুৱ অৱস্থাৰ পৰাই তেওঁ এজন সুবক্তা আছিল৷ তেওঁৰ এই বাগ্মিতা প্রত্যক্ষ কৰি স্বয়ং নেহৰুৱে হেনো মন্তব্য দিছিল যে এই যুৱকজনেই এদিন দেশৰ প্রধানমন্ত্রী হ’বগৈ৷
অটল বিহাৰী বাজপেয়ী সর্বমুঠ ১২বাৰ সাংসদ হিচাপে (দহবাৰ লোকসভালৈ আৰু দুবাৰ ৰাজ্যসভালৈ) নির্বাচিত হৈছিল৷ দীনদয়াল উপাধ্যায় যিদৰে ড০ শ্যামাপ্রসাদ মুখার্জীৰ সোঁহাতস্বৰূপ আছিল, একেদৰে বাজপেয়ীও দীনদয়ালজীৰ প্রমুখ সহযোগী আছিল৷ ১৯৬৮ চনৰ ১১ ফেব্রুৱাৰীৰ নিশা এটা ৰহস্যজনক দুর্ঘটনাত দীনদয়াল উপাধ্যায়ৰ জীৱনাৱসান ঘটিছিল৷ তেওঁ জনসংঘৰ ৰাষ্ট্রীয় সভাপতি হিচাপে মাথোন ৪৪ দিনহে কার্যনির্বাহ কৰাৰ সুযোগ পালে৷ তাৰ পাছৰ পৰা ১৯৭২ চনপর্যন্ত বাজপেয়ীজী ভাৰতীয় জনসংঘৰ সভাপতিৰ আসনত আছিল৷
১৯৭৫ চনৰ জুন মাহত সেই সময়ৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ পৰিপ্রেক্ষিতত বাজপেয়ীজী প্রমুখ্যে সকলো বিৰোধী নেতাকে কাৰাৰুদ্ধ কৰা হৈছিল৷ ১৯৭৭ চনৰ আৰম্ভণিতে জৰুৰী অৱস্থা প্রত্যাহাৰ কৰাৰ পাছত দেশৰ সকলো বিৰোধী দল সন্মিলিত হৈ যি ‘জনতা দল’ গঠন কৰিছিল, নিতান্ত কৌশলগত কাৰণত ভাৰতীয় জনসংঘও তাৰ অংশীদাৰ হৈ উঠিছিল৷ কিন্তু পৰৱর্তী ঘটনাপ্রৱাহৰ পৰিণতিত পূর্বৰ ভাৰতীয় জনসংঘই ১৯৮০ চনত ভাৰতীয় জনতা পার্টীলৈ ৰূপান্তৰিত হয়৷ ১৯৮০ চনৰ জানুৱাৰী মাহত গঠিত সপ্তম লোকসভাত এই দলৰ সদস্য সংখ্যা আছিল মাত্র দুজন৷ ইয়াকে লৈ কংগ্রেছৰ কোনো কোনোৱে বিজেপিক তাচ্ছিল্য কৰাত বাজপেয়ীজীয়ে কৈছিল– আজি আমাৰ নিঃকিন অৱস্থা দেখি তোমালোকে হাঁহিছা৷ কিন্তু এনে এটা দিন আহিব, যিদিনা তোমালোক নিজেই নিজৰ উপহাসৰ পাত্র হ’ব লাগিব৷ তেওঁৰ এই ভৱিষ্যদ্বাণী কিদৰে ফলিয়াইছিল, সেয়া চিৰকাললৈ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ল৷ আজি এইজনা ভাৰতীয় ৰাজনৈতিক মনীষীৰ ৯৭সংখ্যক জন্মবার্ষিকী৷ বিৰল ইচ্ছাশক্তিৰ অধিকাৰীজনাৰ প্রতি এই শুভ অৱসৰত আমাৰ সশ্রদ্ধ প্রণিপাত৷

You might also like