বগা তপ্ন–ৰূপ কলিতাক আপকুৰ শোণিতপুৰ সমিতিৰ সাংবাদিকতা বঁটা
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ‘মফচলীয় সাংবাদিকসকল সংবাদ পত্রৰ অন্যতম অংশ৷ তেওঁলোকে গ্রামাঞ্চলত সংবাদ মাধ্যমৰ প্রতিনিধিৰ ভূমিকা গ্রহণ কৰি নিষ্ঠাৰে নিজৰ কর্তব্য পালন কৰে৷ মফচলীয় সাংবাদিকসকলে সমাজৰ প্রহৰী হিচাপে কাম কৰি আহিছে৷ মফচলীয় সাংবাদিকসকল সদায় উপেক্ষিত হৈ আহিছে৷’– এই মন্তব্য আছাম প্রেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়নৰ কেন্দ্রীয় সমিতিৰ সভাপতি আব্দুল খালেকৰ৷ ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ বেজবৰুৱা সন্মিলন কক্ষত আপকুৰ শোণিতপুৰ জিলা সমিতিৰ সৌজন্যত অনুষ্ঠিত সাংবাদিকতা বঁটা প্রদান অনুষ্ঠান উদ্বোধন কৰি আপকুৰ কেন্দ্রীয় সভাপতিগৰাকীয়ে এইদৰে কয়৷
তেওঁ পুনৰ কয়– ‘মফচলীয় সাংবাদিকসকলৰ সমস্যাসমূহ সমাধান কৰি তেওঁলোকক আগুৱাই লৈ যাব লাগিব৷ তেওঁলোকৰ আর্থিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক বলিষ্ঠ ভূমিকা গ্রহণ কৰিবলৈ তেওঁ আহ্বান জনায়৷ উল্লেখ্য যে আছাম প্রেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ বেজবৰুৱা সন্মিলন কক্ষত কিশোৰ কিৰাত স্মৃতি সাংবাদিকতা বঁটা আৰু সর্বানন্দ শইকীয়া স্মৃতি যুৱ সাংবাদিকতা বঁটা প্রদান অনুষ্ঠান সম্পন্ন হয়৷ দিনৰ ১১ বজাত প্রবীণ লেখক, সাংবাদিক–শিক্ষাবিদ ৰমেশ চন্দ্র বৰাৰ সঞ্চালনাত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানত ‘দৈনিক অগ্রদূত’ কাকতৰ তেজপুৰৰ সাংবাদিক অৰূপ কলিতাক ২০২০ বর্ষৰ কিশোৰ কিৰাত স্মৃতি সাংবাদিকতা বঁটা আৰু ‘নিয়মীয়া বার্তা’ কাকতৰ মিছামাৰীৰ সাংবাদিক বগা তপ্ণলৈ ২০২০ বর্ষৰ সর্বানন্দ শইকীয়া স্মৃতি যুৱ সাংবাদিকতা বঁটা প্রদান কৰা হয়৷ বন্তি প্রজ্বলন কার্যসূচীৰে আৰম্ভ হোৱা বঁটা প্রদান অনুষ্ঠানটোত আপকুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নাৰায়ণ ফয়েলে আদৰণী ভাষণ প্রদান কৰে৷ ২০১৩ বর্ষৰ পৰা আপকুৰ প্রতিষ্ঠাপক সদস্য কিশোৰ কিৰাতৰ স্মৃতিত শোণিতপুৰ জিলা আপকুৱে জিলা ভিত্তিত সাংবাদিকতা বঁটা প্রদান কৰাৰ লগতে আৰু ২০১৬ বর্ষৰ পৰা সর্বানন্দ শইকীয়া স্মৃতি যুৱ সাংবাদিকতা বঁটা প্রদান কৰি আহিছে বুলি আপকুৰ জিলা সভাপতিগৰাকীয়ে উল্লেখ কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি ৰাজ্য চৰকাৰৰ জলসিঞ্চন আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলে সাংবাদিকসকলক সমাজৰ একো একোগৰাকী যোদ্ধা বুলি অভিহিত কৰে৷ সমাজ ব্যৱস্থাক আগুৱাই নিয়াৰ ক্ষেত্রত সংবাদকর্মীসকলৰ যথেষ্ট অৰিহণা আছে বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷
তেওঁ পুনৰ কয়– ‘দিনকদিনে বাতৰি কাকতৰ সংখ্যা বাঢ়িছে আৰু সাংবাদিকৰ সংখ্যাও বাঢ়িছে৷ সাংবাদিকসকলৰ মাজৰ পৰা বহুতেই ভাল কাম কৰিছে৷ যিসকলে ভাল কাম কৰি গৈছে, তেওঁলোকক সমাজে স্বীকৃতি দিয়া উচিত৷ সৰু সৰু মানুহে কৰা সৰু সৰু ভাল কামবোৰে নতুন প্রজন্মক প্রেৰণা যোগায়৷ সৰু সৰু মানুহৰ ভাল কামবোৰে ভাল ফলাফল দেখুৱায়৷ গতিকে সংবাদকর্মীসকলে ভাল কামবোৰ নিজৰ মাধ্যমত প্রতিফলিত কৰিব লাগে৷’ সাংবাদিকসকলে ইতিবাচক বাতৰিত গুৰুত্ব প্রদান কৰিব লাগে বুলিও মন্তব্য কৰে বিধায়ক সিংহলে৷ গাম্ভীর্যপূর্ণ সভাখনত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰীয়ে সন্মানীয় অতিথিৰ ভাষণ প্রদান কৰে৷ ভাষণ প্রসংগত ড০ অধিকাৰীয়ে কয়– ‘সংবাদ মাধ্যমৰ লগত জডিত ব্যক্তিসকলে নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিলেহে সমাজখন শিক্ষা–দীক্ষা, সাহিত্য–সংস্কৃতি, অর্থনীতি আদি সকলো দিশত আগুৱাই যোৱাত সহায়ক হ’ব৷’ সংবাদকর্মীসকলক দক্ষতা বৃদ্ধি কৰি আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়৷ অনুষ্ঠানৰ আৰম্ভণিতে কণ্ঠশিল্পী নৰেন্দ্র নাথ হালৈয়ে গীত পৰিৱেশন কৰে৷ অনুষ্ঠানত আপকুৰ কেন্দ্রীয় সমিতিৰ সদস্য সুজিত কটকী, আপকুৰ কেন্দ্রীয় সমিতিৰ সদস্য তথা ঢ়েকীয়াজুলি প্রেছ ক্লাবৰ সাধাৰণ সম্পাদক কল্পজ্যোতি নাথ, ঢেকীয়াজুলি প্রেছ ক্লাবৰ সভাপতি গোলোক বৰা, কার্যকৰী সভাপতি তপন চক্রৱর্তী, প্রাক্তন সভাপতি ভগৱান বৈশ্য, অৱসৰপ্রাপ্ত অতিৰিক্ত উপায়ুক্ত নৰেশ্বৰ উপাধ্যায়, শোণিতপুৰ জিলা সাহিত্য সভাৰ উপ–সভাপতি বিপুল কুমাৰ নাথ, সম্পাদক দুলাল নাথ, ঢ়েকীয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি ধ্রুৱভূষণ মহন্ত, ঢ়েকীয়াজুলি শাখা নেপালী সাহিত্য সভাৰ সভাপতি দেৱী প্রসাদ অধিকাৰী, ঢেকীয়াজুলি শাখা পেন্সনাৰ সন্থাৰ সম্পাদক প্রফুল্ল দাস, ঢ়েকীয়াজুলি জ্যেষ্ঠ নাগৰিক সংস্থাৰ কার্যকৰী সভাপতি বগীৰাম বডো, ঢেকীয়াজুলি পৌৰসভাৰ প্রাক্তন পৌৰপতি ৰাতুল কুমাৰ নাথ, প্রাক্তন পৌৰপতি ৰূপজ্যোতি পটংগীয়া, যুৱ নেতা জগদীশ খনাল, অৱসৰপ্রাপ্ত বেংক বিষয়া শশধৰ বৈশ্য, টিকাৰাম ভট্টৰাই, অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথ, হামৰো স্বাভিমান, অসমৰ সভাপতি নাৰায়ণ খতিওৰা, লিম্বু মহাসভাৰ সভাপতি লক্ষীপ্রসাদ লিম্বু, সদৌ অসম হিন্দু যুৱ পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ চৌধুৰী, আটছাৰ কেন্দ্রীয় সদস্য মোহন তাঁতী, শোণিতপুৰ জিলা গোর্খা সন্মিলনৰ সভাপতি বিজু খর্কা, আটছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মির্ধা, আছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি অমৰজিৎ কেৰকেট্টা, আমছুৰ জিলা সমিতিৰ সভাপতি ৰহমত আনচাৰী, ৰঙাপৰা প্রেছ ক্লাবৰ সভাপতি পংকজ নাথ, পশ্চিম ঢ়েকীয়াজুলি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অনংগমোহন দাস, লেখিকা পলী হাজৰিকা, আপকুৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হৰেন ভূমিজৰ লগতে জিলা আপকুৰ বিষয়ববীয়াসহ শতাধিক লোক উপস্থিত থাকে৷
ইপিনে, এই বঁটা প্রদান অনুষ্ঠানৰ কার্যসূচীৰ মাজতে শিল্পী–সংগীত পৰিচালক মহীধৰ ডেকা, নৰেন্দ্র নাথ হালৈ আৰু তেওঁৰ সংগীবৃন্দৰ ‘চিৰ চেনেহী’ শীর্ষক গীত উন্মোচন কৰা হয়৷ সমগ্র অনুষ্ঠান পৰিচালনাৰ ক্ষেত্রত জিলা আপকুৰ সদস্য লক্ষণ গোৱালা, বিপুল ফয়েল, সংকেশ্বৰ কোচ, তপন সেনগুপ্ত আদিয়ে সহযোগ কৰে৷