নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ মণিজ্যোৎস্নাৰ হৈ সহায়ৰ আহ্বান পৰিয়াল–শুভাকাংক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ দুৰাৰোগ্য ৰোগত আক্রান্ত হৈও জীয়াই থকাৰ তাড়নাত জীৱন সংগ্রামত দিনে–নিশাই যুঁজ দিয়া এগৰাকী অত্যন্ত প্রতিভাসম্পন্ন, মেধা যুৱতীৰ হৈ ৰাজ্যবাসীৰ পৰা সহায়ৰ হাত বিচাৰিছে যুৱতীগৰাকীৰ একাংশ সতীর্থ, শুভাকাংক্ষী আৰু পৰিয়ালৰ লোকে৷ বিশ্বনাথ চাৰিআলিৰ লেহুগাঁৱৰ মণিজ্যোৎস্না মহন্ত নামৰ এইগৰাকী যুৱতীক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়াৰ বাবে প্রয়োজনীয় ধন সংগ্রহত নামি পৰিছে যুৱতীগৰাকীৰ সতীর্থসকল৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে মণিজ্যোৎস্নাৰ হৈ সহায় বিচাৰি জনোৱা আহ্বানৰ প্রতি সঁহাৰিও জনাইছে বহুজনে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্রাপ্ত কর্মচাৰী তথা সমাজকর্মী দুলাল মহন্তৰ দ্বিতীয় কন্যা মণিজ্যোৎস্না মহন্ত৷ পৰিয়াল তথা বন্ধুবর্গৰ মাজত কুম নামেৰে পৰিচিত যুৱতীগৰাকী শৈশৱৰ পৰাই সাংস্কৃতিক আৰু সামাজিক ক্ষেত্রখনৰ লগত ওতপ্রোতভাৱে জডিত৷ গীত, নৃত্য, নাট্য সকলোতে সমানে পাৰদর্শিতা দেখুওৱা এইগৰাকী যুৱতীয়ে সমানে আগবঢ়াই নিছিল নিজৰ শৈক্ষিক দিশটোও৷

শিক্ষা বিভাগত স্নাতকোত্তৰ ডিগ্রী লৈ আনন্দৰাম বৰুৱা কনিষ্ঠ মহাবিদ্যালয়ত কর্মৰত মণিজোৎস্নাই বৃহত্তৰ লেহুগাঁও সার্বজনীন ৰাস মহোৎসৱ, গামখাৰু বিহু উৎসৱ, বৰহমথুৰি ব’হাগী বিদায় সমাৰোহ, বিশ্বনাথ হেৰিটেজ আদি অনুষ্ঠানৰ উপৰি গাঁৱৰ ভাওনা, নাটক আদিৰ লগত নিবিডভাৱে জডিত আছিল৷ ৰাস মহোৎসৱৰ মুখ্য চৰিত্র কৃষ্ণৰ উপৰি দৈৱকী, বসুমতী, মোহিনী, যশোদা আদিৰ ভাৱত অতি সুন্দৰ অভিনয় কৰা এইগৰাকী যুৱতীয়ে বিশ্বনাথ হেৰিটেজ নামৰ সাংস্কৃতিক দলটোৰ সদস্য হিচাপে সমগ্র ৰাজ্যৰ লগতে পশ্চিমবংগতো অনুষ্ঠান পৰিৱেশন কৰিছিল৷ গাঁৱত অনুষ্ঠিত পূর্ণাংগ নাটকৰ মুখ্য চৰিত্রত অভিনয় কৰাৰ লগতে ৰাজ্যৰ অধিকাংশ স্থায়ী মঞ্চত একাংক নাটৰ প্রতিযোগিতাত ভাগ লোৱা মণিজ্যোৎস্নাই অংকীয়া ভাওনাৰ সীতা, দ্রৌপদী, ভানুমতী আদিৰ চৰিত্রতো সুন্দৰ অভিনয় কৰিছিল৷ সকলো দিশতে সমানে পাৰদর্শী এইগৰাকী যুৱতী অত্যন্ত ভাগৰুৱা৷ দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ যেন হেৰুৱাই পেলাইছে জীৱনৰ সকলো ৰং৷ প্রচুৰ সম্ভৱাপন্ন যুৱতীগৰাকীৰ মুখলৈ পুনৰ হঁাহি বিৰিঙাবলৈ পৰিয়ালৰ লোকে সকলোবোৰ কৰণীয়ই কৰিছে যদিও চৰম আর্থিক সমস্যাৰে ভাৰাক্রান্ত হৈ পৰিছে মধ্যবিত্ত পৰিয়ালটো৷ চৰম দুর্ভাগ্যৰ কথা যে একেটা অসুখতে আক্রান্ত মাত্র এটা মাহ পূর্বে পৰলোকপ্রাপ্তি হৈছে মণিজ্যোৎস্নাৰ মাতৃ, ৰাষ্ট্রীয় গ্রামীণ জীৱিকা মিছনৰ কর্মী তথা অগ্রণী সমাজকর্মী দীপালী মহন্তৰ (৪৮)৷

দুগৰাকীকৈ দুৰাৰোগ্য ৰোগত আক্রান্ত ৰোগীক ৰাজ্যৰ বাহিৰত উন্নত চিকিৎসা প্রদান কৰি অৱশেষত সর্বস্বান্ত হৈ পৰা পৰিয়ালটোৰ এতিয়া একমাত্র ভৰসা ৰাইজৰ আশীর্বাদ আৰু প্রার্থনা৷ ইতিমধ্যে পিতৃ দুলাল মহন্তই চলিত মাহতে গুৰুতৰভাৱে অসুস্থ মণিজ্যোৎস্নাক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়াৰ প্রস্তুতি চলাইছে৷ কিন্তু পৰিয়ালটোৰ সন্মুখত হেঙাৰ হৈ থিয় দিছে আর্থিক সমস্যাই৷ দুর্ভগীয়া পৰিয়ালটোৱে শুভাকাংক্ষী ৰাইজৰ পৰা বিচাৰিছে আশীর্বাদ আৰু সহায়ৰ হাত৷ উন্নত চিকিৎসাৰ বাবে মণিজ্যোৎস্নাক প্রয়োজন আর্থিক সহায়ৰ৷ জীৱনৰ মাত্র ২৮টা বসন্ত গৰকা মণিজ্যোৎস্নাক সহায়ৰ হাত আগবঢ়াবলৈ বিচৰাসকলে ভাৰতীয় ষ্টেট বেংকৰ বিশ্বনাথ চাৰিআলি শাখাৰ একাউণ্ট নং ৩৮৩৩৮১৯৭৬৮৩ ,IFSC SBIN0002026 ত আর্থিক সহায়ৰ হাত আগবঢ়াব পাৰিব৷

You might also like