মিত্রতাৰ ৰাজনীতিৰে অগপই আঞ্চলিকতাবাদক শক্তিশালী কৰিছেঃ অগপৰ সভাপতি, মন্ত্রী অতুল বৰা
পৌৰসভা নির্বাচন সমাগত৷ আঞ্চলিক দল হিচাপে অগপৰ প্রস্তুতি কেনেকুৱা? বিগত পঞ্চায়ত নির্বাচনৰ দৰে অগপই পৌৰসভা নির্বাচনত অকলে প্রতিদ্বন্দ্বিতা কৰিবনে? বিজেপিৰ সৈতে মিত্রতা থাকিব?
পৌৰসভা নির্বাচনক লৈ আমাৰ যুদ্ধকালীন ক্ষিপ্রতাৰে প্রস্তুতি চলিছে৷ কেন্দ্রীয়ভাৱে ইতিমধ্যে এই বিষয়ে তৃণমূল পর্যায়ত নির্দেশনা প্রেৰণ কৰা হৈছে আৰু ইয়াক কার্যকৰী কৰাৰ বাবে বিশেষ দায়িত্ব প্রদান কৰা হৈছে৷ যিহেতু পৌৰসভা নির্বাচন আঞ্চলিক পর্যায়ত অনুষ্ঠিত হ’ব, সেয়েহে স্থানীয় কমিটীসমূহক এইক্ষেত্রত অধিক সক্রিয় কৰি তোলাত দলৰ তৰফৰ পৰা জোৰ দিয়া হৈছে৷ মূল কথাটো হ’ল আপুনি কোৱাৰ দৰে মিত্রতা৷ বিগত পঞ্চায়ত নির্বাচনত অগপই অকলশৰে প্রতিদ্বন্দ্বিতা কৰাৰ ফলত আমাৰ কিছু ক্ষতি হৈছিল৷ যিহেতু অগপ চৰকাৰৰ সৈতে অংশীদাৰ হৈ আছে, তেনে ক্ষেত্রত আমি নির্বাচনী ক্ষেত্রত বিজেপিবিৰোধী স্থিতি ল’ব নোৱাৰোঁ৷ বিশেষকৈ নির্বাচনৰ সময়ত ৰাজ্যৰ শাসনৰ দায়িত্বত থকা দলটোৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিলে বিশেষ লাভৱান হোৱা দেখা নাযায়৷ পঞ্চায়ত নির্বাচনত আমি এই বিষয়বোৰ উপলব্ধি কৰিলোঁ আৰু কার্যক্ষেত্রত ইয়াৰ ফলো পালোঁ৷ পৌৰসভা নির্বাচনত সেয়ে আমি বিজেপিৰ সৈতে মিত্রতাৰে আগবাঢ়িম৷ ইতিমধ্যে মিত্রতাৰ বিষয়টোত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিবাচক মন্তব্য কৰিছে৷ যিহেতু আমি চৰকাৰৰ সৈতে আছোঁ, গতিকে বিজেপিক বিগ ব্রাদাৰ হিচাপে লৈ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ একপ্রকাৰ সিদ্ধান্ত গ্রহণ কৰিছে অগপই৷ আমি ৰাজ্যৰ ওচৰলৈ যোৱা ছমাহত চৰকাৰখনে কৰা উন্নয়নৰ খতিয়ান লৈ যাম৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে যে বিগত ছমাহত ৰাজ্যখনত এক উন্নয়নৰ পৰিৱর্তন আনিবলৈ সক্ষম হৈছে, সেয়া ইতিমধ্যে সকলোৱে প্রত্যক্ষ কৰিছে৷ অগপ নিশ্চিত যে আগন্তুক নির্বাচনত এই উন্নয়নৰ ধাৰাবাহিকতাৰ বাবে ৰাইজে আমাক পুনৰ আঁকোৱালি ল’ব৷ মিত্রতাৰ প্রসংগত মই পুনৰ এবাৰ স্পষ্ট কৰি থওঁ যে অগপৰ সৈতে বিজেপিৰ যি মিত্রতাৰ ধর্ম সেয়া অটুট থাকিব৷ আগন্তুক পৌৰসভা নির্বাচনত বিজেপি–গপ মিত্রজোঁটে অভাৱনীয় সাফল্য লাভ কৰিব বুলিও আমাৰ দৃঢ়বিশ্বাস৷
আপুনি বিজেপিৰ সৈতে মিত্রতা অটুট থাকিব বুলি কৈছে৷ কিন্তু শেহতীয়াকৈ একাংশ সমষ্টিৰ বিধায়ক বিজেপিলৈ ধাৱমান হৈছে৷ ২০২১ চনৰ বিধানসভা নির্বাচনত এই সমষ্টিসমূহত অগপই প্রতিদ্বন্দ্বিতা কৰিছে৷ তেনেক্ষেত্রত এই সমষ্টিসমূহৰ বিধায়ক বিজেপিমুখী হ’লে ভৱিষ্যতে সমষ্টিটো বিজেপিৰ দখললৈ নাযাবানে? অগপই সমষ্টিকেইটা এৰি দিব নেকি? দলীয় কাম–কাজ চলোৱাত অগপই অসুবিধাৰ সন্মুখীন নহ’বনে?
চাওক, চৰকাৰী কাম–কাজ চলাই নিয়া আৰু সাংগঠনিক কাম–কাজ আগুৱাই নিয়া দুটা পৃথক বিষয়৷ আপুনি আঙুলিয়াই দিয়া সমষ্টিসমূহত এতিয়াও অগপৰ ভেটি শক্তিশালী৷ বিগত নির্বাচনত অগপই ভৱানীপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল যদিও সমষ্টিটোত অগপ সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী৷ জনগাঁথনিৰ পৰিৱর্তনৰ বাবে সমষ্টিটোত আমি পৰাজিত হৈছিলোঁ৷ কিন্তু নির্বাচনৰ পিছৰে পৰাই আমি ভৱানীপুৰত দলীয় কাম–কাজ আগুৱাই নিছোঁ৷ আনহাতে ৰহা সমষ্টি পূর্বেও অগপৰ দখলত আছিল আৰু ভৱিষ্যতেও অগপই সমষ্টিটো নিজৰ দখললৈ আনিবলৈ সক্ষম হ’ব৷ সমষ্টিটোত কোন দলৰ বিধায়ক আছিল সেয়া গুৰুত্বপূর্ণ নহয়৷ তদুপৰি অহা বিধানসভা নির্বাচনত ৰহা বা ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্রার্থীয়েই প্রতিদ্বন্দ্বিতা কৰিব বুলি কোনো নিশ্চয়তা নাই৷ যিহেতু আমি বিজেপিৰ সৈতে মিত্রতাত আছোঁ, তেনে মিত্রতাৰ ধর্মৰে আমি আগবাঢ়িম৷ বিজেপিৰ দখলত থকা সমষ্টিটো অগপৰ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা হয়তো কৰিব পাৰে, সেয়া পৰৱর্তী সময়ৰ পৰিস্থিতি৷ কিন্তু অগপৰ ভেটি থকা সমষ্টিত আমাৰ দলে সাংগঠনিক কাম–কাজ চলাই নি থাকিব৷ মুখ্যমন্ত্রীয়ে নিজেই কৈছে যে– মিত্রতাৰ ধর্ম আমি পালন কৰি যাম৷ আমাৰ মূল লক্ষ্য হ’ব প্রতিটো সমষ্টিতে মিত্রদলৰ প্রার্থীক জয়যুক্ত কৰা৷ সেয়া বিধানসভা নির্বাচনেই হওক বা আগন্তুক পৌৰসভা নির্বাচনেই হওক৷ এটা কথা ঠিক, সময়ে বহু কথা কয়৷
প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰত অগপৰ তিনিজনে মন্ত্রিত্ব লাভ কৰিছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰত দুজনেহে মন্ত্রিত্ব লাভ কৰিছে৷ এইবাৰ অগপৰ বিধায়কৰ সংখ্যা কম হোৱাৰ বাবে এজনৰ মন্ত্রিত্ব বাদ পৰিল নেকি?
কথাটো তেনে নহয়৷ পূর্বৰ চৰকাৰতো প্রথমে আমাৰ দুজনেই মন্ত্রিত্ব লাভ কৰিছিল৷ বিষয়টো হ’ল আমি চৰকাৰখনক কিদৰে শক্তিশালী কৰিব পাৰোঁ৷ মিত্রতাৰ ধর্মী অনুসৰিয়েই আমি সকলো দিশ আলোচনা আৰু বুজাবুজিৰে সমাধান কৰিম৷ বর্তমান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনত বহুকেইটা মন্ত্রী পদ খালী হৈ আছে৷ চৰকাৰখনে যোৱা সময়ছোৱাত গুৰুত্ব দিয়া মূল বিষয়টো হৈছে সামগ্রিক উন্নয়ন আৰু প্রশাসনিক সংস্কাৰ৷ বর্তমান এইক্ষেত্রত মুখ্যমন্ত্রীয়ে সকলো দিশ তদাৰক কৰি আছে৷ আমাৰ হাতত সময় যথেষ্ট আছে, পৰৱর্তী সময়ত মন্ত্রীসভাৰ সম্প্রসাৰণ হ’লে নিশ্চিতভাৱে অগপই পুনৰ এটা মন্ত্রিত্বৰ পদ লাভ কৰিব৷
অগপই বর্তমান আঞ্চলিকতাবাদৰ চৰিত্র হেৰুৱাইছে, আঞ্চলিকতাবাদক অগপই এতিয়া নেতৃত্ব দিব নোৱাৰে৷ এই অভিযোগ ৰাইজৰ দলৰ নেতা অখিল গগৈৰ৷ বিধায়কজনে শেহতীয়াকৈ এইবুলিও সৰৱ হৈছে যে অগপই লাহে লাহে বিজেপিত চামিল হ’বলৈ গৈ আছে৷ কি ধৰণে বিষয়টোৰ আপুনি প্রত্যুত্তৰ দিব?
চাওক, এই ধৰণৰ কথাবোৰত উত্তৰ অগপই নহয় ৰাইজেহে দিব৷ দৰাচলতে অগপক বিভিন্ন ধৰণে সমালোচনাৰে এক নাটকৰ সৃষ্টি কৰি আহিছে একাংশ সংগঠন তথা নেতাই৷ অগপই আঞ্চলিক দলক আগুৱাই নিয়াত সক্ষমেই নহয়, শেহতীয়াকৈ যথেষ্ট সফল হৈছে৷ ৰাইজে অগপৰ উদ্দেশ্য আৰু লক্ষ্য বুজি পাইছে আৰু সেইবাবেই বিগত নির্বাচনৰ প্রাক্ক্ষণত গঠন হোৱা তথাকথিত আঞ্চলিক দলক নস্যাৎ কৰিছিল ৰাইজে৷ অগপক জন্ম দিয়ে অসমৰ ৰাইজে৷ জন্ম দিয়াৰ মূল কাৰণ আছিল বিদেশী নাগৰিকৰ বহিষ্কৰণ৷ কিন্তু যোৱা সময়ছোৱাত বিদেশীৰ প্রসংগক লৈ যিকেইটা আঞ্চলিক দল জন্ম হ’ল, তেওঁলোকৰ ভূমিকা কি আছিল? বিদেশী বহিষ্কৰণৰ বিপৰীতে সন্দেহযুক্ত বিদেশীৰ পক্ষত থিয় দিছিল এই নাটক কৰা লোকসকলে৷ এই কথা ৰাইজে পাহৰা নাই৷ অগপক দায়িত্ব সোঁৱৰাই দিব নালাগে৷ অগপৰ অভিভাৱক অসমৰ ৰাইজ৷ আমি সময়ে সময়ে ৰাইজৰ ওচৰলৈ গৈছোঁ আৰু ৰাইজে আমাক নির্দেশনা দিছে৷ গতিকে কাৰোবাৰ কথামতে বা কাৰোবাৰ সমালোচনাক আগস্থান দি অগপ নচলে৷
দেশৰ প্রতিখন ৰাজ্যত আঞ্চলিকতাবাদক মষিমূৰ কৰি ৰাজনৈতিক দলৰ আগ্রাসন আৰম্ভ হৈছে৷ অসমো তাৰ ব্যতিক্রম নহয়৷ এসময়ত দুবাৰকৈ আঞ্চলিক দলৰ চৰকাৰ গঠন কৰা অগপই বর্তমান বিজেপিৰ সৈতে মিত্রতাৰে দলটোক বজাই ৰখাৰ চেষ্টা চলাইছে৷ পৰিস্থিতি এনে পর্যায়লৈ গৈছে নেকি যে অহা সময়ছোৱাত অগপ বিজেপিৰ আগ্রাসনত সোমাই পৰিব? অসমত আঞ্চলিকতাবাদৰ ভৱিষ্যৎ কি?
আপুনি এটা কথা চাওক, আঞ্চলিক দলৰ কোনোটোৱেই বিজেপিৰ লগত আছে, কোনোবা কংগ্রেছৰ লগত আছে৷ আঞ্চলিক দলৰ স্বার্থ হৈছে স্থানীয় স্বার্থ সুৰক্ষিত কৰা৷ অগপৰ নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হোৱা নাই৷ ৰাজ্যখনৰ স্বার্থ সুৰক্ষিত কৰিবলৈ ৰাষ্ট্রীয় দলৰ সৈতে বুজাবুজি কৰাটো সময়ৰ আহ্বান৷ যাৰ বাবে অগপই বিজেপিৰ সৈতে মিত্রতা অথবা বুজাবুজিত আছে৷ এই মিত্রতা অথবা বুজাবুজি নতুন নহয়৷ যি সময়ত অগপ শাসনত আছিল আৰু বিজেপিৰ শক্তি অতি নিশকতীয়া আছিল, তেতিয়াও বিজেপিৰ সৈতে অগপৰ মিত্রতা আছিল৷ গতিকে বিজেপি–গপৰ মিত্রতা নতুন নহয় আৰু এই মিত্রতাই আঞ্চলিকতাবাদক নিঃশেষ কৰা নাই৷ আন এটা প্রসংগত মই কওঁ, বিগত দীর্ঘদিন ধৰি দিল্লীত কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল৷ শেহতীয়াকৈ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো নির্বাচনৰ পূর্বৰ বুজাবুজিৰ জৰিয়তে আঞ্চলিক দলৰ সৈতে চৰকাৰ গঠনত আগবাঢ়ি আহিছে৷ এই কথাটো আমি বিশেষভাৱে নজৰ দিব লাগিব৷ তদুপৰি অগপ চুক্তি ৰূপায়ণ অথবা ৰাজ্যখনৰ মূল সমস্যাসমূহ সমাধানৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ প্রত্যক্ষ সহযোগৰ প্রয়োজন৷ ১৯৮৫ চনত অগপই চৰকাৰ গঠন কৰাৰ পিছত অসম চুক্তি ৰূপায়ণত কেন্দ্রীয় চৰকাৰৰ পৰা যি সহযোগ পাব লাগিছিল, তেনে সহযোগ লাভ নকৰাৰ বাবে অসম চুক্তি সঠিকভাৱে কার্যকৰী হোৱা নাছিল৷ ৰাজ্যবাসীৰ এক ধাৰণা আছিল যে আঞ্চলিক দলৰ চৰকাৰ হ’লে অসমৰ মূল সমস্যা তথা অসম চুক্তি ৰূপায়ণত সহজ হ’ব৷ কিন্তু ৰাজ্যৰ আশা পূৰণ নহ’ল৷ কাৰণ সেই সময়ত কেন্দ্রত বেলেগ দলৰ চৰকাৰ আছিল৷ অসম চুক্তি ৰূপায়ণৰ নডেল এজেন্সী আছিল কেন্দ্রীয় চৰকাৰ৷ কিন্তু বর্তমান কেন্দ্রত আমাৰ সহযোগী দলৰ চৰকাৰ৷ গতিকে কম শক্তিৰে হ’লেও আমি কেন্দ্রীয় চৰকাৰক অসমৰ মূল সমস্যাক লৈ হেঁচা দিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ দাবীৰ প্রতি কেন্দ্রীয় চৰকাৰে সন্মানো জনাই আহিছে৷ গতিকে অগপই মিত্রতাৰে আঞ্চলিকতাবাদক নিঃশেষ কৰা নাই৷ বিগত দিনসমূহৰ পৰা অগপই আঞ্চলিকতাবাদক অধিক শক্তিশালী কৰিবলৈহে সক্ষম হৈছে৷ একাংশই অগপক ধ্বংস কৰাৰ লক্ষৰেহে সমালোচনা কৰি আহিছে৷ এনে সমালোচনা গঠনমূলক নহয়৷ যোৱা সময়ছোৱাত অগপক নিঃশেষ কৰাৰ লক্ষ্যৰে যিবোৰ আঞ্চলিক দল গঠন হৈছে তাৰ আঁৰত কোন আছে সেয়া সকলোৰে বাবে স্পষ্ট হৈছে৷ ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ ঔৰসতেই এই আঞ্চলিক দলসমূহৰ জন্ম হৈছে৷ শেহতীয়া নির্বাচনত এই কথা স্পষ্ট হৈছিল৷ সেই কাৰণে মই কওঁ অসমত অগপই হৈছে একমাত্র আঞ্চলিক ৰাজনৈতিক দল৷ যি অসমৰ স্বার্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে আগুৱাই যাব আৰু ইয়াৰ পৰা বিচ্যুত নহয়৷ অগপই এই দৃষ্টিভংগীৰেই তথা অসমৰ ভৱিষ্যৎ সুৰক্ষি কৰাৰ লক্ষ্যৰে কাম কৰি যাব৷ সেইবাবেই আমি বিজেপিৰ সৈতে মিত্রতাত আছোঁ৷
সাক্ষাৎগ্রহণকাৰীৰ
সাক্ষাৎগ্রহণ
গুণজিৎ ভট্টাচার্য
ফোনঃ ৯৮৬৪০২১১৬৭
ফটোঃ দিব্যজ্যোতি ৰাভা