নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যান শস্য খণ্ডত অসমৰ সৈতে যুটীয়াভাবে কাম কৰাত আগ্ৰহী হিমাচল প্ৰদেশ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ উদ্যান শস্য খণ্ডত অসমৰ সৈতে যুটীয়াভাবে কাম কৰাত আগ্ৰহী হিমাচল প্ৰদেশ। আজি এই কথা ৰাজ্যৰ কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন মন্ত্ৰী অতুল বৰাৰ সমুখত প্ৰকাশ কৰিলে হিমাচল প্ৰদেশৰ কৃষি মন্ত্ৰী বীৰেন্দৰ কাঁৱাৰে।

কৃষি মন্ত্ৰী বৰাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন অনানুষ্ঠানিক সভাত অংশগ্ৰহণ কৰি হিমাচল প্ৰদেশৰ কৃষি মন্ত্ৰ কাঁৱাৰে উদ্যান শস্য খণ্ডত অসমে বহন কৰা সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মাজত প্ৰযুক্তিৰ আদান-প্ৰদানত গুৰুত্ব আৰোপ কৰে।

উদ্যান শস্যৰ ক্ষেত্ৰত বিশেষভাবে অগ্ৰণী ৰাজ্য হিমাচল প্ৰদেশৰ কৃষি বিপননৰ দিশটো অধ্যয়ন কৰিবলৈ অসমৰ পৰা কৃষি বিষয়াৰ দল এটা হিমাচল প্ৰদেশলৈ পঠিয়াবলৈও বৈঠকত সিদ্ধান্ত লোৱা হয়। কৃষি মন্ত্ৰী বৰাই মন্ত্ৰী কাঁৱাৰৰ সৈতে ৰাজ্যখনৰ কৃষি আৰু পশুপালন খণ্ডৰ সন্দৰ্ভতো বিশদভাবে আলোচনা কৰে।

You might also like