সোণাৰিত প্ৰসাদৰ বিষক্ৰিয়াত ২৫জন গুৰুতৰভাৱে অসুস্থ

বিশেষ বাৰ্তা,  ১ অক্টোবৰ : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী কাকতীবাৰীত নামঘৰৰ প্ৰসাদ খাই ২৫জন লোক গুৰুতৰভাৱে অসুস্থ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ জানিব পৰা মতে, কাকতীবাৰীৰ দা-ধৰা গাঁৱৰ নামঘৰত বৃহস্পতিবাৰে লখিমী সবাহৰ আয়োজন কৰিছিল ৷ উক্ত লখিমী সবাহৰ প্ৰসাদ গাঁৱৰ ৰাইজে নামঘৰত ভক্ষণ কৰাৰ পাছত পিছদিনাৰ পৰা দুই-একৰ পেটৰ বিষ, বমি আদি হ’বলৈ আৰম্ভ কৰে ৷ কিন্তু শুকুৰবাৰে নিশা আৰু শনিবাৰে দিনটোত অঞ্চলটোৰ বহু লোক পেটৰ ৰোগ, মূৰৰ বিষ, বমি আদিত আক্ৰান্ত হোৱাৰ পাছত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ প্ৰথমাৱস্থাত এই ৰোগৰ উৎস উলিয়াব পৰা নাছিল যদিও নামঘৰত লখিমী সবাহৰ প্ৰসাদ খোৱা লোকসকলে এই ৰোগত আক্ৰান্ত হোৱাৰ দিশটোলৈ চাই প্ৰসাদতে বিষক্ৰিয়া হোৱা বুলি সকলোৱে আশংকা কৰিছে ৷ সম্প্ৰতি সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামাৰিক চিকিৎসালয়ৰ লগতে সোণাৰিৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শিশু-মহিলাসহ মুঠ ২৫জন চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন লোকসকল হ’ল— অনুপমা গগৈ (৪৮), প্ৰজ্ঞান গগৈ (৩.৫), ফুলেশ্বৰ বৰগোহাঁই (৬০), সঞ্জয় চেতিয়া (৪০), বুলন গগৈ (৬০), টংকেশ্বৰ বৰগোহাঁই (৬৫), পৰিস্মীতা বৰগোহাঁই (৮) , মীনা দিহিঙীয়া (৬০), পদ্মেশ্বৰ গগৈ (৬০), হিমাংশু দিহিঙীয়া (২), তুলুমণি দুৱাৰা (২৭), লক্ষ্যজিৎ চেতিয়া (২.৫), প্ৰতীভা হাতীমূৰীয়া (৫০), ফুল চেতিয়া (৬৫), জোনমণি চেতিয়া (৪৩), পোনা হাতীমূৰীয়া (৫৮), নৱমী দিহিঙীয়া (৪০), মায়া বৰগোহাঁই (৬০) , সত্যজিৎ বৰুৱা (১৭), জ্যোতি গগৈ (৪৭), যুগদা গগৈ (৫০), প্ৰতীমা গগৈ (৩৭), খগেন হাতীমূৰীয়া (৪৬), তুলেশ্বৰ পহুছুঙী (৬০), হৰি বৰগোহাঁই (৪৭), নিৰঞ্জন গগৈ (১২), বাস্তৱ বৰগোহাঁই (১৫), ইলু বৰগোহাঁই (৩৬), চিংকি দিহিঙীয়া (১৬) আৰু মেঘালী দিহিঙীয়া (১৬) ৷ ইয়াৰে বহুকেইজন সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক দীপাংকৰ পাল

Featured