লিডুত অমৃত কলহ যাত্ৰাৰ মাটি সংমিশ্ৰণ কাৰ্যসূচীৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ আজি গান্ধী জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ অংশবিশেষ হিচাপে মাটি সংমিশ্ৰণ কৰি কলহত ভৰাই উলিওৱা হয় এক শোভাযাত্ৰা। মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ ভিতৰতে সৰ্বাধিক লোকৰ অংশগ্ৰহণেৰে অমৃত কলহ যাত্ৰা উলিওঁৱা লিডু গাঁও পঞ্চায়তৰ উদ্যোগত মুক্তিযোদ্ধা হেমচন্দ্ৰ দাস বিদ্যালয়ত ৰূপায়ণ কৰা হয় মাটি সংমিশ্ৰণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী। প্ৰথমে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰীয়ে। তাৰপাছতে পঞ্চায়তখনৰ সভাপতি শিবু দাসৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয়। গীতা দেৱী নেওগে আঁ‌ত ধৰা নমিতা হাজৰিকাই উদ্দেশ্যে বাখ্যা কৰা সভাখনত অমৃত কলহ যাত্ৰাৰ বিস্তুৃত বাখ্যা ডাঙি ধৰে মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেব শৰ্মাই। সভাখনত ভাষণ আগবঢ়াই মহকুমাধিপতি প্ৰীতি কুমাৰীয়ে। অতিথি ৰূপে বৰগোলাই জিলা পৰিষদৰ সদস্য দিবাকৰ ঠাকুৰ, জ্যেষ্ঠ সাংবাদিক ৰাণাজ্যোতি নেওগ, সমাজসেৱক প্ৰনৱেশ সৰকাৰ, ভৱেশ দত্ত, ধীৰাজ সোনোৱালৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তাৰ পাছতে সংমিশ্ৰিত মাটিলৈ গায়ন বায়নৰে এক লিডু গাঁও পঞ্চায়ত এলেকাধীন অঞ্চলৰ শোভাযাত্ৰা উলিওৱা হয়। অন্যহাতে ইনথেম গাঁও পঞ্চায়তত অমৃত কলহ পদ যাত্ৰাৰ শুভাৰম্ভ কৰে তিনিচুকীয়া জিলা সহকাৰী আয়ক্তই। লগতে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তত আৰম্ভ হয় অমৃত কলহ যাত্রা। পুৱা পেঙেৰী লালমাটিৰ পৰা ইনথেম গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈকে অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰে সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে। কলহ যাত্ৰাত স্থানীয় তিশটাৰো অধিক আত্মসহায়ক গোটৰ শ শ মহিলা,পঞ্চায়তৰ কৰ্মচাৰী, বিজেপিৰ কৰ্মী সহযোগত আৰম্ভ হৈছে এই অমৃত কলহ যাত্রা। পুৱা আৰম্ভ হোৱা এই যাত্ৰা দুপৰীয়া অন্ত পৰে। তিনিচুকীয়া জিলাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে সহ ইনথেম গাঁও পঞ্চায়তৰ সভানেত্ৰী অৰুণা গুডুং,আঞ্চলিক পঞ্চায়তৰ সদস্যা অৰুণা চেতিয়া বৰা লগতে কেইবাগৰাকী ৱাৰ্ড সদস্য, জীৱিকা সখীৰ কেইবাগৰাকী বিষয়ববীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰেৰক মানস প্ৰতিম গগৈ

Featured