ঢকুৱাখনা কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত পাতৰ বাটি নিৰ্মাণৰ প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ যৌথ উদ্যোগত বিভাগটোৰ প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজি ’ব্যৱহাৰযোগ্য পৰিৱেশ উপযোগী পাতৰ বাটি নিৰ্মাণ প্ৰশিক্ষণ’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। বিভাগীয় প্ৰধান চিত্ৰকুমাৰ কোঁচৰ আদৰণী ভাষনেৰ আৰম্ভ হোৱা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ মান নিৰূপন কোষৰ সমন্বয়ক ড০ কাঞ্চন গগৈয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী ক্ৰমে ৰিমজিম গগৈ, দিক্ষিতা ভৰালী, নিশিতা কোঁৱৰ, কৰবী দত্ত, জয়শ্ৰী বৰপাত্ৰগোহাঁই আৰু জাহ্নৱী গগৈয়ে এই অনুষ্ঠানৰ প্ৰশিক্ষক হিচাবে অংশগ্ৰহণ কৰে। মূলতঃ সেউজীয়া প্ৰকৃতি ৰক্ষা আৰু প্লাষ্টিক্ বৰ্জনৰ জৰিয়তে এটা নিকা পৰিৱেশ গঢ়ি তোলাৰ মানসেৰে অসমীয়া বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগে বিভাগীয় সকলো অনুষ্ঠানত এই পাতৰ বাটি ব্যৱহাৰ কৰি আহিছে আৰু অনাগত সময়ত মহাবিদ্যালয়ৰ যিকোনো অনুষ্ঠানতে এই বাটি আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি জানিব দিছে। বিভাগীয় চ’ৰাৰ সভাপতি মনোৰঞ্জন বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত বিভাগৰ সহকাৰী অধ্যাপক গীতাৰ্থী বৰগোহাঁই, ড০ বিভাৰাণী দাস আৰু অৰ্থনীতি বিভাগৰ অধ্যাপক কমলা দাস উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured