বডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত নৱাগত আদৰণী সভা

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : আজি দোতমাস্থিত বডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয় প্ৰাংগণত ২৪সংখ্যক নৱাগত আদৰণী সভা অনুষ্ঠিত হয়। আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চিলাৰায় মুচাহাৰীয়ে। তাৰ পিছত বডোফা ইউ এন ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ লগতে চমু সাৰগৰ্ভমূলক বক্তৃতা প্ৰদান কৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমন্বয়ক মুকুট চন্দ্ৰ কলিতাই। মুকলি সভাৰ আৰম্ভণিতে মুখ্য অতিথিৰূপে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়ো, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক বিভাগৰ পঞ্জীয়ক ড° মঞ্জিল বসুমতাৰীয়ে মহাবিদ্যালয় প্ৰাংগণত দুজোপা ঔষধি গছৰ পুলি ৰোপণ কৰে। ইয়াৰ পিছত মুকলি সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চিলাৰায় মুচাহাৰীয়ে। উক্ত সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক উপদেশমূলক বক্তৃতা দিয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক বিভাগৰ পঞ্জীয়ক ড° মঞ্জিল বসুমতাৰীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ অনুসৰি নতুনকৈ প্ৰয়োগ হোৱা পাঠ্যক্ৰম আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰিব লগা প্ৰভাৱৰ বিষয়ে এক তত্ত্বগধুৰ বক্তৃতা দি নৱাগতসকলক তেওঁলোকৰ মাজত নিহিত থকা বিশেষ কৌশলৰ উৎকৰ্ষ সাধন কৰিবলৈ প্ৰেৰণা যোগায়। উক্ত সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ইন্দ্ৰমোহন ব্ৰহ্ম, শংকৰলাল ব্ৰহ্ম, ৰুপম ব্ৰহ্ম, বুধিৰাম ব্ৰহ্ম, আবছুৰ শৈক্ষিক সম্পাদক সৌমাওসাট বসুমতাৰী, কোকৰাঝাৰ জিলা আবছুৰ সাধাৰণ সম্পাদক খাম্পা বসুমতাৰীৰ লগতে অন্যান্য বিষয়ববীয়া বিনয় কুমাৰ মুচাহাৰী, লাইহৰ ব্ৰহ্মও উপস্থিত থাকে। এই নৱাগত আদৰণী সভাত মহাবিদ্যালয়ৰ সমূহ শিক্ষক, অনা-শিক্ষক-কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সদস্যকে আদি কৰি ছাত্ৰ একতা সভাৰ সম্পাদক আৰু সদস্যসকলে সক্ৰিয় সহযোগ আগবঢ়ায়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ছাত্ৰ একতা সভাৰ সহকাৰী সাংস্কৃতিক সম্পাদিকাই।

প্ৰেৰক কৃষ্ণ বৰ্মন

Featured