মহানগৰীত ক্ৰাইম ব্ৰাঞ্চ-মহানগৰ আৰক্ষীৰ অভিযান

🔹 ভুৱা কল কৰি লুণ্ঠন
🔹 প্ৰাক্তন IAS আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমানৰ নাম সাঙোৰ খাইছে কেলেংকাৰিত

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : মহানগৰীৰ বিভিন্ন প্ৰান্তত ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীয়ে অভিযান চলায়। ভুৱা কল কৰি বহু লোকক চলাই থকা লুণ্ঠনৰ বিৰুদ্ধে চলায় এই অভিযান। ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীয়ে মহানগৰীৰ বহু অবৈধ কল চেন্টাৰত চলায় অভিযান। বামুণীমৈদাম, বৰবাৰী, ৰাজগড়, গান্ধীবস্তি আদি অঞ্চলত নিশাৰে পৰা চলায় অভিযান। আৰক্ষী আয়ুক্তৰ নেতৃত্বত মহানগৰীত চলিছে এই অভিযান। প্ৰাক্তন IAS আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমানৰ নাম সাঙোৰ খাইছে এই কেলেংকাৰিত। নিশা গান্ধীবস্তিৰ আতিকা চুলতানাৰ ঘৰতো চলিছিল অভিযান। গান্ধীবস্তিৰ শুভম এপাৰ্টমেণ্টত থাকে আতিকা চুলতানা। জানিব পৰা মতে, এইসকল লোকে বহু লোকক ভুৱা কল কৰি লুণ্ঠন চলাই আহিছে। ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ পৰৱৰ্তী সময়ত আৰু অধিক ভয়াৱহ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Featured