ডিব্ৰুগড়ৰ পুঁজিপতি মৃগেন জালানক মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক ‘জালান গ্ৰুপ অব ইণ্ডাষ্ট্ৰি’ৰ অন্যতম অংশীদাৰ তথা উদ্যোগপতি মৃগেন জালান গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যত স্বাভাৱিকতেই ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা অনুসৰি ১.৩০ কোটি টকাৰ কৰ ফাকিৰ বাবেই মধ্য প্ৰদেশৰ ইন্দোৰৰ এখন বিশেষ আদালতে ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰি ৪০ হাজাৰ টকাৰ জৰিমনা বিহিছে উদ্যোগপতি জালানক। চলিত মাহৰ প্ৰথম সপ্তাহত উদ্যোগপতিগৰাকী গোচৰৰ শুনানিৰ বাবে ইন্দোৰত উপস্থিত হোৱাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ উপৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইন্দোৰৰ বিশেষ আদালতখনে একেটা গোচৰতে মৃগেন জালানৰ উপৰি মধ্য প্ৰদেশৰ কেন্দ্রীয় উৎপাদ শুল্ক (চেণ্ট্ৰেল এক্সাইজ) আৰু শুল্ক বিভাগৰ এগৰাকী বিষয়াসহ জালানৰ কোম্পানীত কৰ্মৰত চাৰি গৰাকী বিষয়াকো (মুঠ ৮গৰাকী) ৪ বছৰৰ সশ্রম কাৰাদণ্ডসহ জৰিমনাৰ নিৰ্দেশনা জাৰি কৰে। প্ৰাপ্ত তথ্যমতে, ডিব্ৰুগড়ৰ উদ্যোগপতি তথা কেইবাখনো চাহ বাগিচাৰ স্বত্বাধিকাৰী মৃগেন জালানে ২০০৩ বৰ্ষত মধ্য প্ৰদেশত মাইকাল ফাইবাৰ লিমিটেড নামৰ এটা কোম্পানী খুলি ব্যৱসায় কৰিছিল। মৃগেন্দ্র জালান কোম্পানীটোৰ পৰিচালন সঞ্চালক আছিল। ইয়াৰ পাছতে জালানে মধ্য প্ৰদেশৰ ইন্দোৰ কেন্দ্ৰীয় শুল্ক বিভাগৰ খালবুজুৰগ ৰেঞ্জ- ১ৰ চৰকাৰী বিষয়াৰে ভিতৰুৱা বুজাবুজি কৰি সামগ্ৰীৰ বিপৰীতে শুল্ককৰ ফাকি দি ব্যৱসায় চলাই আছিল। পৰৱৰ্তী সময়ত এই কেলেংকাৰি পোহৰলৈ অহাত ২০০৭ চনৰ ৩ অক্টোবৰত চি বি আয়ে এটা গোচৰ ইন্দোৰত পঞ্জীয়ন কৰে। মাইকাল ফাইবাৰ লিমিটেড নামৰ কোম্পানীটোৱে ২০০৩ চনৰ পৰা ২০০৬ চনলৈকে শুল্ক কৰ ফাকি দি প্রায় ১.৩০ কোটি টকাৰ হৰলুকী কৰিছিল। আদালতে উক্ত গোচৰৰ ক্ষেত্ৰত ২৪গৰাকীৰ সাক্ষ্য গ্রহণ কৰি অৱশেষত ২ ছেপ্টেম্বৰত শুনানি প্ৰদান কৰে। এই গোচৰত ৯ গৰাকীক অভিযুক্ত কৰা হৈছিল। ইয়াৰে এগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। ন্যায়াধীশ সুধীৰ মিশ্ৰৰ বিশেষ আদালতে অৱশেষত কেন্দ্রীয় উৎপাদ শুল্ক বিভাগৰ তিনিগৰাকী পৰিদৰ্শক ক্রমে আশুতোষ নাথ, মনোজ চন্দ্রবংশী, কে জি শৰ্মাৰ উপৰি মাইকাল ফাইবাৰ লিমিটেডৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট চাহ খেতিয়ক মৃগেন জালান আৰু তেওঁৰ কোম্পানীৰ বিষয়া ক্রমে দীপক নাগাৰ, অভিজিৎ সেনগুপ্তা, ৰাজীৱ দত্ত, বি এল শ্রীবাস্তৱক ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ৪২০, ৪77 এ ধাৰাৰ উপৰি প্রিভেনশ্যন অব্ কৰাপশ্যন এক্ট ১৩ (২)- ১৩ (১) (ডি) অধীনত দোষী সাব্যস্ত কৰি ৪ বছৰৰ সশ্রম কাৰাদণ্ডৰ নিদের্শনা দিয়ে। ইয়াৰ উপৰি প্ৰতিগৰাকীৰ বিৰুদ্ধে গাই পতি ৪০,০০০ টকাৰ জৰিমনা বিহে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ডিব্ৰুগড়ত মাটি সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে মৃগেন জালানক।উল্লেখ্য যে বিজেপি দল আৰু চৰকাৰৰ সৈতে ঘনিষ্ঠতা বজাই ৰখা মৃগেন জালান মালিকানাধীন ডিব্ৰুগড় চহৰস্থিত ছাউথ জালান নগৰ চাহ বাগিচাৰে কেইবাবিঘা মাটিত গেৰুৱা দলটোৱে ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ বৃহৎ মুখ্য কাৰ্যালয় নিৰ্মাণ কৰি আছে।
প্ৰেৰক  বিভাস দুৱৰা
Featured