বিলাসীপাৰা-চাপৰ কলেজত দিগন্ত বিশ্ব শৰ্মাৰ সাৰগৰ্ভ বক্তৃতা

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : শ্ৰীমদ্ভাগৱতত শ্ৰী কৃষ্ণই কৈছে যে দেৱতাসকলেও মানৱ জীৱন বিচাৰে। একে কথা ১৫০০ শতিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ লগতে প্ৰতিজন বৈষ্ণৱ কবিয়ে বাৰে বাৰে কৈছে। পৃথিবীত তিনি ধৰণৰ সত্ত্বা আছে। পশু, মানৱ আৰু দেৱতা। পশুৰ কোনো লক্ষ্য নাই। তেনেদৰে দেৱতাও অমৰত্ব লাভ কৰি লক্ষ্যহীন হৈ পৰিছে। পিছে মানুহৰ জীৱনৰ কথা সুকীয়া। আমাৰ জীৱনৰ লক্ষ্য থাকিব লাগিব। জীৱনৰ গুণাগুণৰ দ্বাৰা  জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। লক্ষ্য সদায় স্বাৰ্থহীন, উদাৰ, উন্মুক্ত, সৰ্বোচ্চ হব লাগিব। তেতিয়াহে জীৱন অমূল্য হৈ পৰিব নিজৰ লগতে আনৰ ওচৰত। সেয়ে দেৱতাকো মানৱ জীৱন লাগে।- বিলাসীপাৰা আৰু চাপৰ মহাবিদ্যালয়ত আজি সাহিত্য অকাডেমীৰ অনুবাদ বটাঁপ্ৰাপ্ত সাহিত্যিক তথা সুবক্তা দিগন্ত বিশ্ব শৰ্মাই “ব্যক্তিত্ব বিকাশ, জীৱনৰ লক্ষ্য আৰু নিখুঁত”ৰ ওপৰত অনুষ্ঠিত বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে নিজৰ ভাষণ প্ৰদান কৰে। বিলাসীপাৰা মহাবিদ্যালয়ত শৰ্মাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ পাতনি মেলে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ পৰা ফুলাম গামোছা, শৰাই, জাপিৰে উষ্ম আদৰণি জনোৱা হয়। আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু বিলাসীপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগত আজিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। ভগবান ৰামকৃষ্ণ, স্বামী বিবেকানন্দ, মহাকবি ঋষি অৰবিন্দ, শ্ৰীমা’ৰ অনুগামী শৰ্মাই নিজ ভাষণত জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত নিখুততাৰ ওপৰত আলোকপাত কৰি মণোজ্ঞ আলোচনা আগবঢ়ায়। তেওঁ কয় যে, লক্ষ্য নিৰ্ধাৰণ ক্ষেত্ৰত শ্ৰদ্ধা, নিষ্ঠা, একাগ্ৰতা, বিশ্বাস আৰু সন্মতিৰ অবিহনে নিখুত হবি নোৱাৰে। অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি, অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাসকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে। বিলাসীপাৰা মহাবিদ্যালয়ৰ অনুষ্ঠান সামৰি পোনে পোনে চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত আয়োজিত একে বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰিবলৈ ৰাওনা হয়। চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত বক্তা শৰ্মাই নিজ ভাষণত কয় যে, জন্ম, বৃদ্ধি আৰু মৃত্যুয়ে জীৱন নহয়। জন্মৰ হোৱাৰ পিছত লাহে লাহে শৰীৰৰ বৃদ্ধি হব। অন্তিম কালত ভগবানৰ আৰাধনা মৃত্যু হোৱা। এয়া জীৱন হব নোৱাৰে। সেয়ে ছাত্ৰ ছাত্ৰীসকলক সাহসিকতাৰে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব বুলি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰসংগত আলোচনা আগবঢ়ায়।

প্ৰেৰক সমৰেশ শীল শৰ্মা

Featured