চামগুৰিৰ বাজিয়াগাঁৱত দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীক আটক

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : চামগুৰি থানাৰ অন্তৰ্গত বাজিয়াগাঁও অঞ্চলত আজি সন্ধিয়া সময়ত আৰক্ষীয়ে অভিযান চলাই এজন দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু খাটোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত এটা আৰক্ষী দলে আজি সন্ধিয়া সময়ত বাজিয়াগাঁও অঞ্চলত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলায়৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে বাজিয়াগাঁও অঞ্চলৰ পৰা হেকমত আলী (২৬) নামৰ এজন দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে৷ আৰক্ষী দলটোৱে দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰৰ পৰা নগদ ৩২ হাজাৰ টকাসহ কিছু পৰিমাণৰ সোণ আৰু এএছ ০২ এ এম ৫০৯৭ নম্বৰৰ এখন বিলাসী গাড়ী জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে আটক কৰা উক্ত দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী হেকমত আলীক বৰ্তমান আৰু অধিক তথ্যৰ বাবে চামগুৰি থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে আজি বিয়লি চামগুৰি থানাৰ অন্তৰ্গত সোণাৰিবালিৰ মধ্যপাৰা অঞ্চলত এএছ ০১ এ টি ৮ ৭৭৭ নম্বৰৰ এখন বিলাসী গাড়ী পথৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত গাড়ীখনত থকা লোকসকল পলাই যায় বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উক্ত গাড়ী খনৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

Featured