ভাৰতীয় সেনাৰ উদ্যোগত বিদ্যালয়লৈ আচবাব প্ৰদান

🔹 ৰাষ্ট্ৰ নিৰ্মাণত অংশীদাৰ হ’বলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান

বিশেষ বার্তা, ২১ আগষ্ট : মণিপুৰত সংঘটিত হৈ থকা হিংসাত্মক ঘটনা নিয়ন্ত্ৰণৰ বাবে বাহৰ পাতি থকা ভাৰতীয় সেনাই ৰাজ্যখনৰ জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি ঘূৰাই অনা আৰু ভাৰতীয় সেনাৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক নিবিড় কৰাৰ উদ্দেশ্যে বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰি আহিছে। অপাৰেচন সদ্ভাৱনা নামৰ এই আঁচনিৰ অধীনত আজি ভাৰতীয় সেনাই ৰাজ্যখনৰ কংপক পি জিলাৰ অধীনৰ চিংমাং অঞ্চলৰ কৰ্ণাষ্টন মিছন বিদ্যালয়লৈ আচবাব প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ অধীনত ভাৰতীয় সেনাই বিদ্যালয়খনলৈ ডেস্ক-বেঞ্চ, চকী-টেবুল, আলমিৰা আৰু অন্যান্য কেইবাবিধো প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে। ভাৰতীয় সেনাৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় লোক উপস্থিত থকা এই অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে সেনা বাহিনীৰ লোকসকলৰ সৈতে বিভিন্ন বিষয়ক মত বিনিময় কৰাৰ লগতে সেনাৰ তৰফৰ পৰাও তেওঁলোকক কৰ্ম আৰু চেষ্টাৰ যোগেদি নিজৰ সপোনবোৰ বাস্তৱায়িত কৰি ৰাষ্ট্ৰ নিৰ্মাণত হাতে হাত ধৰি সকলোকে আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

Featured