ৰাজস্থানত মাৰাথন প্ৰচাৰাভিযান ড০ হিমন্ত বিশ্ব শৰ্মাৰ

🔴১৪০খনৰো অধিক আসন লাভ কৰি ৰাজস্থানত বিজেপিয়ে চৰকাৰ গঠন কৰিব

🔴নির্বাচনৰ পাছতেই অসম-উত্তৰ প্রদেশ-হাৰিয়ানাৰ দৰত ৰাজস্থানত পেট্র’ল-ডিজেল

বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজস্থানত নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই ৰাজস্থানত হাই ভল্টেজ নির্বাচনী প্রচাৰ চলায়৷ প্রচাৰ অভিযানৰ ভাষণত তেওঁ কয় যে ৰাজস্থানৰ জনসাধাৰণৰ মাজত যি উৎসাহ আৰু ঢ়ৌ দেখিছে তেওঁ নিশ্চিত হৈছে ৰাজ্যখনৰ বিধানসভা নির্বাচনত বিজেপিয়ে ১৪০খনৰো অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব৷ ৰাজস্থানৰ জনসাধাৰণে কংগ্রেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰিছে৷ ৰাজস্থানত বিজেপি দলে ১৪০খন আসন লাভ কৰি চৰকাৰ গঠন কৰাৰ পাছতেই লোকসভা নির্বাচনক লৈ এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এইবাৰ ৪০০ৰো অধিক আসন লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হ’ব৷ নির্বাচনী ভাষণত অশোক গেহলট নেতৃত্বাধীন চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গেহলটে ৰাজ্যখনত সাত হাজাৰখন মাদ্রাছা নির্মাণৰ বাবে চৰকাৰী মাটি আবণ্টন দি তুষ্টিকৰণৰ ৰাজনীতি কৰিছে৷ যি সময়ত অসমে মাদ্রাছা বন্ধ কৰি আছে, সেই সময়ত অশোক গেহলটে মাদ্রাছা নির্মাণ কৰিছে৷ ইয়াৰ বিপৰীতে বর্তমানৰ অসম চৰকাৰে দায়িত্বভাৰ গ্রহণ কৰিয়েই একেদিনাই ৭০০খন মাদ্রাছা বন্ধ কৰি দিয়ে৷ মোল্লা বনোৱাৰ দায়িত্ব চৰকাৰৰ নহয় বুলি স্থিতি লৈয়েই অসম চৰকাৰে সেই মাদ্রাছাসমূহ বন্ধ কৰি দিয়ে৷ মাদ্রাছা বন্ধ কৰি দিয়াৰ পাছতো বাবৰ–ঔৰংগজেবে কোনো হুলস্থূল নকৰিলে৷ ৰাজস্থান বিধানসভা নির্বাচনত কংগ্রেছে দিয়া গেৰাণ্টীক তীব্র কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজস্থানত বিজুলীৰ দাম আটাইতকৈ বেছি৷ পেট্র’ল–ডিজেলৰ দামো বিজেপিশাসিত ৰাজ্য অসম, উত্তৰ প্রদেশ, হাৰিয়ানাতকৈ বেছি৷ অসমত প্রতি লিটাৰ পেট্র’লৰ দাম ৯৮ টকা৷ ইয়াৰ বিপৰীতে ৰাজস্থানত প্রতিলিটাৰ পেট্র’লৰ দাম ১০৯ টকা৷ উত্তৰ প্রদেশ, হাৰিয়ানাত প্রতিলিটাৰ পেট্র’লৰ দাম ৯৬ টকাৰ পৰা ৯৮ টকা৷ অসমতকৈ ৰাজস্থান চাৰি গুণ ডাঙৰ ৰাজ্য৷ তথাপি অসমে ৯৮ টকাত প্রতিলিটাৰ পেট্র’ল দিব পাৰিছে৷ কংগ্রেছশাসিত ৰাজস্থানত পেট্র’লৰ দাম প্রতি লিটাৰত ১০৯ টকা হোৱাৰ বিপৰীতে এইবাৰ বিজেপি দলে চৰকাৰ গঠনৰ পাছতেই অর্থাৎ নির্বাচনৰ পাছতেই অসম, উত্তৰ প্রদেশ, হাৰিয়ানাৰ দৰত ৰাজ্যখনত পেট্র’ল, ডিজেল লাভ কৰিব বুলি উল্লেখ কৰে৷ ৰাজস্থানবাসী ৰাইজক কংগ্রেছৰ প্রতীক হাতত এটাও ভোট নিদিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হাতৰ প্রতীকত এটা ভোট দিয়া মানেই বাবৰ–ঔৰংগজেবক ভিটামিন দিয়া হ’ব৷ আনহাতে, গেহলট চৰকাৰৰ আমোলত ৰাজ্যখনত লুণ্ঠনৰ প্রতিযোগিতা চলাৰ উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গেহলটে নিজৰ চৰকাৰ ৰক্ষা কৰাৰ বাবেই দলৰ বিধায়কসকলক লুণ্ঠনৰ সুবিধা কৰি দিয়ে৷ তাৰ বাবেই ৰাজ্যখনৰ কংগ্রেছ বিধায়কসকলৰ মাজত লুণ্ঠনৰ প্রতিযোগিতা চলে৷ বিধায়কসকলে এনেকৈ লুণ্ঠন কৰিলে যে অহা সাত জনমলৈ তেওঁলোকৰ একো দৰকাৰ নাই৷ আনহাতে, গেহলট আৰু শচীন পাইলটৰ মাজত চলা সংঘাত, অৰিয়া–ৰিৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত নাৰীৰ ওপৰত নির্যাতন সাংঘাতিক ধৰণে বৃদ্ধি পায়৷ সমগ্র দেশৰ ভিতৰতে ৰাজস্থানত নাৰীৰ ওপৰত নির্যাতন, অত্যাচাৰ আটাইতকৈ বেছি৷ প্রতিদিনে ৰাজ্যখনত নাৰীৰ ওপৰত অত্যাচাৰ চলি আহিছে৷

#বাৰ্তা ডেস্ক

Featured