মৰিগাঁৱত স্বচ্ছতা কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

বাৰ্তা বুৰো, ১ অক্টোবৰঃ মৰিগাঁও নগৰত আজি চাফাই অভিযানত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ১ তাৰিখ ১ ঘণ্টা স্বচ্ছতা কায্যসূচী শীৰ্ষক মৰিগাঁও পৌৰসভা আৰু জিলা প্ৰশাসনে আয়োজন কৰা এই কায্যসূচীত নগৰৰ কেইবাটাও স্থানত মন্ত্ৰীগৰাকীয়ে হাতত ঝাড়ু লৈ চাফাই অভিযানত অংশগ্ৰহণ কৰে। এই চাফাই অভিযানৰ পূৰ্বে অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে পৰিষ্কাৰ পৰিবেশ প্ৰয়োজনীয়তা ওপৰত বক্তব্য প্ৰদান কৰে। মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীে আঁত ধৰা সভাখনত উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট লোকে।

Featured