উখল-মাখল শুৱালকুছিৰ শংকৰদেৱ মন্দিৰৰ শতবৰ্ষ সমাৰোহ

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়াৰ ত্ৰাণকৰ্তা ৷ অসমীয়া ভাষা- কৃষ্টি, সাহিত্য-সংস্কৃতি, নাট-ভাওনা আদিৰে অসমীয়া জাতিক বিশ্বৰ দৰবাত চিনাকী কৰি দিয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ জনেই আছিল মহাপুৰুষ শংকৰদেৱ ৷ -এই মন্তব্য কামৰূপ জিলাৰ অন্যতম উদাসীন সত্ৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ সত্ৰাধিকাৰ তথা শংকৰদেৱ মন্দিৰৰ শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি ৰাজীৱ লোচন সন্তৰ৷ আজি পুৱা শুৱালকুছিৰ সেউজ বালিচৰত শতবৰ্ষ সমাৰোহৰ এশখন ধৰ্মীয় পতাকাৰ ভিতৰৰ মুখ্য পতাকাখন উত্তোলন কৰি তেওঁ মহাপুৰুষজনাক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ হলে নতুন প্ৰজন্ম আধ্যাত্মিক দিশত ব্ৰতী হব লাগিব বুলি দোহাৰে৷ আধ্যাত্মিক দিশে মানুহৰ মনপ্ৰাণ সদায় সজীৱ কৰি ৰাখে বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰ যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈ নিজৰ সুন্দৰ জীৱনবোৰ ধংসৰ দিশলৈ আগবঢ়াই নিছে ৷ আধ্যাত্মিক দিশে যুৱ প্ৰজন্মক এই দিশসমুহৰ পৰা আতৰাই এটি সুন্দৰ জীৱন দিব বুলি কয় ৷ তেওঁ ধৰ্মধ্বজা উত্তোলন সন্দৰ্ভতো এই সুন্দৰ বক্তব্য দাঙি ধৰে৷ উল্লেখ্য যে শুৱালকুছিৰ বিশিষ্ট নাগৰিক, চিকিৎসক, সাংবাদিক, সমাজকৰ্মী, বিশিষ্টা মহিলা আদিয়ে আন ৯৯খন ধৰ্মীয় পতাকা একে সময়তে উত্তোলন কৰা দৃশ্য সচাকৈয়ে আকৰ্ষণীয় আৰু বিনন্দীয়া আছিল৷ পতাকা উত্তোলনৰ সময়ত দবা, কাহ, শংঙ্ঘ-ধ্বনি বজাই পৰিবেশটো জীপাল কৰি তোলে৷ পতাকা উত্তোলনৰ পিছতে প্ৰাক্তন সভাপতি মণ্ডলীৰ জৰিয়তে গছপুলি ৰোপন কৰা হয় ৷ ইয়াৰ পিছত আই-মাতৃৰ সমদল হৰিনাম কীৰ্ত্তন উলিওৱা হয় ৷ শতবৰ্ষ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰ বিষয়া হেমন্ত চৌধুৰী আৰু মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা৷ নিশা অনুষ্ঠিত হয় শংকৰী কলা-কৃষ্টি আৰু লোক কৃষ্টিৰ অনুষ্ঠান ৷ উল্লেখযোগ্য যে শতবৰ্ষস্থলীত শুৱালকুছিৰ প্ৰায় ত্ৰিশখন সত্ৰৰ গুৰুআসন আৰু ভাগৱত প্ৰতিষ্ঠা কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰা হয় ৷ আনহাতে নিৰৱচিন্নভাবে ভকত-বৈষ্ণৱ আৰু আই-মাতৃৰ হৰিনাম কীৰ্ত্তনৰ ধ্বনিৰে শতবৰ্ষস্থলী মুখৰ হয়।

প্ৰেৰক দিলীপ মেধি

Featured