বিশেষ লেখা : মিনি বাংলাদেশ

মাণিক বৰা

২৬ আগষ্টৰ সংখ্যা ‘নিয়মীয়া বার্তা’ত ড০ অংকিতা দত্তৰ শিৰোনামৰ লেখাটোৱে সচেতন অসমীয়া পঢ়ুৱৈ সমাজৰ বিবেক নিশ্চয় জোকাৰি গৈছে৷ লেখিকাই বিশেষকৈ ধুবুৰী তথা অবিভক্ত গোৱালপাৰা জিলাৰ বাংলাদেশী মিঞা মুছলমান অধ্যুষিত অঞ্চলসমূহত খিলঞ্জীয়া হিন্দু লোকৰ দুর্ভোগৰ লগতে কেনেকৈ তেওঁলোক স্ব–নিগৃহিত হোৱাৰ ফলত হিন্দুৰ বসতি কেনেকৈ উদ্বেগজনক হাৰত কমি গ’ল, তাৰ সুন্দৰ চিত্র অংকন কৰিছে আৰু সেই চিত্র সমগ্র অসমত মেলি দি ৰাজ্যখনৰ সামগ্রিক অৱস্থাটো তুলি ধৰিছে৷ লেখাটো পঢ়ি লখিমপুৰ জিলাৰ এখন ‘মিনি বাংলাদেশ’ৰ ছবি মোৰ মনলৈ আহিল৷
সেইখন ‘মিনি বাংলাদেশ’ৰ নাম ইছলামপুৰ তথা বঙালমৰা, যিখনৰ নাম যোৱা কিছুদিনৰ পৰা অপৰাধৰ এখন অন্যতম জগত হিচাপে বাতৰিকাকত আৰু দূৰদর্শনৰ বিভিন্ন চেনেলত সঘনে উচ্চাৰিত হৈছে৷ বিহপুৰীয়াৰ প্রায় চাৰি কিলোমিটাৰ পূব দিশত য’ত বঙালমৰা সাপ্তাহিক বজাৰখন আছে, তাৰ পৰা এডাল প্রায় সৰলৰেখাৰ দৰে লালুকলৈ যিছোৱা গড়কাপ্ঢানী পথ আছে, তাৰ পূবফালেই বৃহৎ ইছলামপুৰ অঞ্চল৷ বঙালমৰাৰ পৰা প্রায় পোন্ধৰ কিলোমিটাৰ পূবত থকা পানীগাঁও চাৰিআলিলৈকে এই অঞ্চলটো বিস্তৃত৷ ইফালে, ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ লালুকৰ পৰা দ’লহাট তিনিআলিলৈকে শিঙৰা নৈৰ ভিতৰৰ সমগ্র অঞ্চল ইছলামপুৰ তথা বাংলাদেশৰ মিঞা মুছলমান অধ্যুষিত অঞ্চল৷ এই অঞ্চলটোৰ জনসাধাৰণক বঙালমৰা সমবায় সমিতি লিঃ আৰু পাভ সমবায় সমিতি লিঃৰ প্রায় ৯০ শতাংশ এলেকা আৰু পানীগাঁও সমবায় সমিতি আৰু নাওবৈচা সমবায় সমিতিৰ প্রায় ২০ শতাংশ এলেকা সামৰি লৈছে৷ এই অঞ্চলটোত অনিয়ন্ত্রিত জনসংখ্যা বৃদ্ধিৰ ফলত জনবসতি অতি ঘন৷ সঘন পৰিয়াল বৃদ্ধিৰ ফলত বাসস্থান বৃদ্ধি হৈ কৃষি মাটি সংকুচিত হৈ আহিছে৷ কৃষিৰ উৎপাদনে একোটা পৰিয়ালৰ বছৰটো দূৰৰ কথা, ছমাহৰ ভাতেই নহয়৷ শুভ বুদ্ধিসম্পন্ন একাংশ ল’ৰাই পঢ়ি–শুনি চৰকাৰী বা বেচৰকাৰী চাকৰিত নিযুক্ত হৈছে, একাংশই ৰাজমিস্ত্রী, ৰং মিস্ত্রী, পাইপ মিস্ত্রী, যোগালি, দিনহাজিৰা আদি কৰি পেট প্রৱর্তন কৰিছে৷ যিসমূহৰ এনে কাম কৰিবলৈ অনীহা, সিহঁতৰ অধিকাংশই অপৰাধ জগতৰ একো একোটা পপীয়া তৰা৷
এই অঞ্চলটোৰ জনসংখ্যাৰ তথ্য আন এটা বিষয় উপস্থাপনেৰে প্রতীয়মাণ কৰাৰ প্রয়াস কৰিম৷ ১৯৮৭–৯০ কালছোৱাৰ ভিতৰত মই সেইটো অঞ্চলত চাকৰি কৰি থাকোঁতে বঙালমৰা বজাৰত এজন মিঞাৰ পাইকাৰী গেলামালৰ দোকানত ৭৫ কিলো ওজনৰ আয়’ডিনযুক্ত নিমখৰ বস্তাৰ বিক্রী দেখি তবধ মানিছিলোঁ৷ সেই অঞ্চলটোলৈ লালুক বজাৰৰ পৰা, উত্তৰ লখিমপুৰৰ বজাৰৰ পৰা আৰু বিহপুৰীয়াৰ বজাৰৰ পৰাও ভিতৰ অঞ্চলৰ দোকানসমূহলৈ নিমখ আহে যদিও বঙালমৰা বজাৰৰ দোকানখনেও মাহেকত কমেও এনে নিমখ তিনি ট্রাক (প্রতি ট্রাকত ৩০০/৩৫০ বস্তা) আনি বিক্রী কৰে৷ দুবছৰমানলৈ এই কথাটোৰ তত্ ধৰিব পৰা নাছিলোঁ৷ পিছত গুৰি কথাৰ ওৰ বিচাৰি পালোঁ৷ বাঙালী মুছলমান অধ্যুষিত এই অঞ্চলটোত মাংসৰ বাবে গো–নিধন এটা দৈনন্দিন কাম৷ সেই সময়ছোৱাৰ কিবা এটা কামত পাভ সমবায় সমিতিলৈ দুদিনমান যাওঁতে স্কুলখনৰ সন্মুখত থকা খেলপথাৰখনৰ পশ্চিম পাৰে দিন দুপৰতে মুকলিকৈ গৰু কাটি থকা দেখা পাইছিলোঁ৷ এই নিধন কৰা গৰুৰ ছাল জোতা–চেণ্ডেল, বেগ আদি বনোৱাত অপৰিহার্য কেঁচা মাল৷ গৰুৰ এই ছালখন শুকুৱাই চালান দিয়াৰ বাবে উপযুক্ত কৰি তুলিবলৈ পাঁচ কিলোগ্রামমান নিমখৰ প্রয়োজন হয়৷ কেঁচা ছালখন ফৰকাল বতৰত মুকলি ঠাইত মেলি ভিতৰৰ ফালটোত নিমখ ঘঁহি ঘঁহি নিমজ কৰা হয় আৰু তাৰ পাছতে খৰখৰীয়া নোহোৱালৈকে ৰ’দত শুকুওৱা হয়৷ বৰষুণৰ বতৰত ভেঁকুৰ নধৰাকৈ শুকুৱাই গুদামত দ’ম কৰি ৰখা হয় আৰু ওঠৰ চকাৰ ট্রাকখনত বোজাই কৰি চালান দিয়া হয়৷ জোতা–চেণ্ডেল, বেগ আদি বনোৱা ফেক্টৰীত ইয়াৰ চাহিদা ব্যাপক৷ এনেদৰে অকল বঙালমৰাৰ পৰাই বছৰি কমেও তিনি ট্রাক চামৰা চালাল দিয়াৰ তথ্য লাভ কৰিছিলোঁ৷ এতিয়া সেই অঞ্চলটোত জনসংখ্যা প্রায় ডেৰ কুৰিৰো অধিক৷ বছৰত প্রায় দুগুণ হোৱাৰ বেলিকা উল্লিখিত সামগ্রীসমূহৰ সংখ্যাও নিশ্চয় বৃদ্ধি পাইছে৷ জনপ্রিয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রায় সদায়ে এই জনবিস্ফোৰণৰ সমান্তৰালভাৱে ৰাজ্যখনৰ অনাগত ভৱিষ্যতৰ ভয়াৱহ সংকটৰ যি শংকা প্রকাশ কৰি আহিছে, দল নির্বিশেষে সকলো অসমীয়া জাগিবৰ হ’ল৷
পঢ়ুৱৈসকলে অনুগ্রহ কৰি আৰু এটা কথা মনত পেলাওক৷ যোৱা লোকসভা নির্বাচনৰ কেইমাহমানৰ আগত খামিডাঠ এছ পি আনন্দ মিশ্রই উত্তৰ লখিমপুৰত যোগদান কৰাৰ লগে লগে ৩০–৪০টা অপৰাধীয়ে লালুক, বঙালমৰা আৰু উত্তৰ লখিমপুৰ থানাত আত্মসমর্পণ কৰিছিল৷ গেলা বৰালিৰ মনেই গোন্ধোৱাৰ দৰে নকল সোণৰ নাও আৰু নকল টকা বনাই ব্যৱসায় কৰাকেইটাক যে ‘এনকাউণ্টাৰ’ত কি কৰিব তাৰ ঠিকনা নাই৷ সেয়ে প্রাণৰ মায়াত সিহঁতে আহি তীখৰ এছ পি আনন্দ মিশ্রৰ ওচৰত ধৰা দিছিলহি৷ ইয়াৰ আগতে ৰাভা উপাধিৰ এগৰাকী মহিলা আৰক্ষী বিষয়া জখলাবন্ধাত গাড়ী দুর্ঘটনাত নিহত হৈছিল৷ সেই দুর্ঘটনাৰ লগত বঙালমৰা তথা ইছলামপুৰ অঞ্চলৰ নকল সোণৰ নাও আৰু নকল টকা বনোৱাৰ সেই দুই নম্বৰী অপৰাধৰ যোগসূত্র আছিল বুলি বহুতে ক’ব খোজে৷ এই আন্ধাৰ জগতখনে আৰক্ষী, ৰাজনৈতিক নেতা আদিকো অৱলীলাক্রমে সামৰি লয়৷ নহ’লে আনন্দ মিশ্রই লখিমপুৰত যোগদান কৰাৰ লগে লগে ভয়ত সৰুপানী চুই আত্মসমর্পণ কৰা অপৰাধীখিনিয়ে পুলিচৰ নাকৰ তলতে সেই জঘন্য অপকর্মবোৰ কৰি থকা নাছিলনে? আনন্দ মিশ্র আঁতৰি যোৱাৰ পিছত বঙালমৰাৰ পৰা লৈ যোৱা নকল সোণ আৰু নকল টকা গুৱাহাটী বা আন ঠাইত ধৰা পৰিছে৷ অর্থাৎ অপৰাধী আৰু অপৰাধ বিনা বাধাৰে বঙালমৰাত সক্রিয়৷ কিয়? আই বিৰ প্রাথমিক প্রতিবেদনৰ ওপৰত ভিত্তি কৰি সেনাবাহিনী, অর্ধসামৰিক বাহিনী, পুলিচ, সাধাৰণ প্রশাসন আদিৰে সু–সজ্জিত এটা দলে ‘ক’ম্বিং অপাৰেচন’ কৰি এই অপৰাধী চক্রটো নির্মূল কৰিব নোৱাৰিনে?
আৰু এটা কথা৷ পুনৰ উভতি যাওঁ যোৱা শতিকাৰ ৮০–৯০ দশকলৈ৷ ব্রহ্মপুত্রৰ খহনীয়াত সর্বস্বান্ত হোৱা আদিএলেংগী সত্র এই বঙালমৰাৰে মুকলি হৈ পৰা পাভ বনাঞ্চলত প্রায় ৯০০ বিঘা মাটি আবণ্টন দি সংস্থাপিত কৰিছিল৷ সত্রৰ নামঘৰ, গোসাঁইৰ বাসগৃহ আৰু কেইঘৰমান ভকতৰ বহা নির্মাণ কৰা হ’ল৷ ভকতসকলে কিছু মাটি কৃষি উপযোগী কৰি কৃষিকর্মও আৰম্ভ কৰিলে৷ কালক্রমত মিঞা মুছলমানে এৰেপ এৰেপকৈ সত্রৰ ভূমি বেদখল কৰি মাটিৰ পৰিমাণ সংকুচিত কৰি আনিলে৷ ইয়াতে খর্গহস্ত হৈ সত্রৰ অধিকাৰগৰাকীয়ে প্রশাসনৰ কাষ চপাত দিন দুপৰতে ৰাস্তাত তেওঁক দুছেও কৰিলে৷ এইখনেই বঙালমৰা তথা ইছলামপুৰ৷ বিহপুৰীয়াৰ পৰা বঙালমৰা হৈ গাড়ীত লালুকলৈ গৈ থাকিলে এই ঠাইখনৰ ভয়াৱহতা ওপৰে ওপৰে চালে একো অনুমান কৰিব নোৱাৰি৷ এতিয়া কথা হ’ল বঙালমৰাৰ দৰে ‘মিনি বাংলাদেশ’ আমাৰ ৰাজ্যখনত অনেক আছে৷ অবিভক্ত গোৱালপাৰা জিলাক বাদ দি বৰপেটা, নলবাৰী, মঙলদৈ, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, হোজাই, কৰিমগঞ্জ, হাইলাকান্দি আদি জিলাসমূহত অনেক ‘মিনি বাংলাদেশ’ আছে৷ মিনি বাংলাদেশৰ মিঞা মুছলমানসকলে আইন মানিব নোখোজে, চুৰি–ডকাইতি–ধর্ষণ আদি অপৰাধৰ ভূ–স্বর্গত তেওঁলোক বাস কৰে, তেওঁলোকৰ আশ্রয়তে থাকি ধর্মৰ জেহাদীসকলে আমাৰ ভূখণ্ড অস্থিৰ কৰি তোলাৰ ষড়যন্ত্রত লিপ্ত থাকে আৰু বৃহত্তৰ বাংলাৰ সপোন দেখুৱাই এই ঠাইখনৰ প্রতি ঘৃণা বিয়পায়৷ তেনে অপৰাধীৰ হৈ ওকালতি কৰিবলৈ তেওঁলোকৰ গোষ্ঠীৰ দুই–এক ৰাজনৈতিক নেতাই আগবাঢ়ি আহি আমাৰ ৰোষত ভুচুং পহু হয়৷
সি যি নহওক, উল্লিখিত মিঞা মুছলমান অধ্যুষিত ঠাইসমূহৰ পূর্বৰ অধিবাসী হিন্দু তথা খিলঞ্জীয়াসকল ক’লৈ গ’ল? তেওঁলোক কুশলে আছেনে? তেওঁলোকৰ খবৰ ৰাজনৈতিক দল নির্বিশেষে আটায়ে ৰখা উচিত নহয়নে? তেওঁলোকৰ দুর্দশা নিৰাময়ৰ অর্থে আমি চিন্তা কৰা উচিত নহ’বনে? তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যৎ আৰু নিৰাপত্তা ৰাইজৰ সহযোগত আমি নেতাসকলেই দিব নালাগিবনে? এই লাখটকীয়া প্রশ্নবোৰৰ কথা সমাজৰ শুভচিন্তক, ৰাজনৈতিক নেতা, ৰাইজ সকলোৱে আজি ভাবিবৰ হ’ল৷

Featured