সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান : ভাৰতত পাকিস্তানী ড্ৰোন জব্দ

বিশেষ বাৰ্তা, ১ অক্টোবৰঃ সীমান্তত পাকিস্তানে নিজৰ কুৎসিত কাৰ্যকলাপৰ পৰা বিৰত থকা নাই। এতিয়ালৈকে পাকিস্তানে ভাৰতলৈ সন্ত্ৰাসবাদী পঠিয়াই আছে। কিন্তু এতিয়া পাকিস্তানে ভাৰতলৈ অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ যোগান ধৰিবলৈ ড্ৰ’ন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ৰাজস্থানৰ শ্ৰীকৰণপুৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত উদ্ধাৰ হৈছে পাকিস্তানী ড্ৰ’ন। সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে এই ড্ৰ’নখন বন্দী কৰিছে। এই ড্ৰ’নৰ পৰা দুটা পেকেট উদ্ধাৰ কৰা হৈছে। আজি ভাৰত-পাকিস্তান সীমান্তৰ লাগি থকা এই অঞ্চলত বি এছ এফে সন্দেহজনক ড্ৰোন উদ্ধাৰ কৰে। এই ড্ৰোনখনৰ লগত দুটা পেকেট সংলগ্ন কৰা হৈছিল, ইয়াৰে এটা পেকেটত আঠটা গুলী থকা এটা পিষ্টল আৰু মেগজিন পোৱা গৈছিল। আনহাতে দ্বিতীয়টো পেকেটত ড্ৰাগছ থকাৰ সন্দেহ কৰা হৈছে। ড্ৰ’নখন বিচাৰি পোৱাৰ পিছতে বিএছএফ আৰু আৰক্ষীয়ে অভিযান চলাই আছে। জানিব পৰা মতে, হেৰ’ইনৰ ডেলিভাৰী নিবলৈ অহা চোৰাংচোৱাৰ সন্দেহত এই অভিযান চলোৱা হৈছে। আচলতে আজিকালি ড্ৰ’ন ব্যৱহাৰ কৰি পাকিস্তানে ভাৰতলৈ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ, ড্ৰাগছ কঢ়িয়াই নিবলৈ আৰম্ভ কৰিছে। ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৰাজস্থান, পঞ্জাৱৰ পৰা জম্মু-কাশ্মীৰলৈকে ধাৰাবাহিকভাৱে ধৰা পৰিছে পাকিস্তানী ড্ৰ’ন। বি এছ এফে এই ড্ৰ’নসমূহৰ ওপৰত অহৰহ চকু ৰাখিব লাগিব, যাতে ভাৰতীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি নহয়। পাকিস্তানী ড্ৰোন ধৰা পৰাৰ অধিকাংশ ঘটনা পঞ্জাৱত ধৰা পৰিছে। একে সময়তে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ড্ৰ’নৰ ক্ৰমাৎ বৃদ্ধি পোৱা কাৰ্যকলাপৰ কথা মনত ৰাখি নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তুতিও কৰিছে চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা সপ্তাহত ঘোষণা কৰিছিল যে আন্তঃৰাষ্ট্ৰীয় সীমান্তত এণ্টি ড্ৰ’ন ব্যৱস্থা স্থাপন কৰা হ’ব, যাতে সীমান্তৰ সুৰক্ষা শক্তিশালী কৰিব পৰা যায়। তেওঁ কয় যে সীমান্তত নিৰাপত্তা অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। শীঘ্ৰে দেশৰ সীমান্তত এণ্টি ড্ৰ’ন ব্যৱস্থা স্থাপন কৰা হ’ব।

Featured