খুলশালীৰ দাৰ ঘাপত ‌‌‌‌ভিনীহিয়েকৰ মৃত্যু

🔹 জিনজিয়া চাহ বাগিচাত জঘন্য হত্যাকাণ্ড
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়া চাহ বাগিচাৰ কলঘৰৰ ভিতৰত কালি নিশা এক নাৰকীয় হত্যাকাণ্ড সংঘটিত হোৱাত‌ নিশা বাগিচাখনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । জানিব পৰা মতে, কালি নিশা ১০ মান বজাত মাচিৰ তাঁতী নামৰ ব্যক্তিজনে বাগিচাখনৰ কলঘৰত কাম কৰি থকা অৱস্থাতে তেওঁৰ খুলশালী লৱ মুণ্ডাই ভিনীহিয়েক লোকাচ ওৰফে মাচিৰ তাঁতীক চোকা দাৰে ঘপিয়াই হত্যা কৰে । প্ৰত্যক্ষদৰ্শীয়ে বিষয়টি বাগিচাৰ কৰ্তৃপক্ষক জনোৱাত নিশা এঘাৰ মান বজাত জিনজিয়া আৰক্ষী উপস্থিত হৈ হত্যাকাৰী লৱ মুণ্ডাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে মৃত লোকাচ তাঁতীৰ মৃতদেহটি বিহালী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী লৱ মুণ্ডাক সোধা-পোছা কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

 

প্ৰেৰক ভুবন লুইটেল 

Featured