বজালীৰ কাহাৰপাৰাত ভয়ংকৰ ঘটনা : চোৰে জ্বলালে দুই পৰিয়ালৰ সম্পত্তি

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : বজালীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ এটা চোৰৰ নিকৃষ্ট কাণ্ডৰ ফলত দুটাকৈ পৰিয়ালৰ বহু সা-সম্পত্তি জুইত জাহ যোৱা ঘটনাই বজালীত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাঁহ চুৰ কৰি ধৰা পৰাৰ বাবে এজন নিকৃষ্ট মানসিকতাৰ যুৱকে এঘৰত অগ্নিকাণ্ড সংঘটিত কৰাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা দুটি দুখীয়া পৰিয়ালৰ দুখত সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ চকু সেমেকি উঠিছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ভৱানীপুৰৰ দীপ বৈশ্য নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি কাহাৰপাৰা বেছামাৰী গাঁৱৰ মোমায়েকৰ ঘৰত বসবাস কৰি আহিছিল৷ যোৱা নিশা প্ৰায় দহ বজাত গাঁওখনৰ এঘৰৰ পৰা এটি হাঁহ চুৰ কৰি লৈ অহা অৱস্থাত দীপক প্ৰত্যক্ষ কৰিছিল গাঁওখনৰ দয়াল তালুকদাৰৰ পুত্ৰই৷ তাকে দেখি হাঁহটো তাৰ পৰা নি গৃহস্থক চমজাই দি লপাথপা দিয়ে আৰু দুনাই এনেকুৱা কাম নকৰিবলৈ সকীয়নি প্ৰদান কৰে৷ পাষণ্ড যুৱকজনে হাঁহ চুৰ কৰি ধৰা পৰাৰ ক্ষোভত প্ৰতিশোধ পৰায়ণ হৈ সংঘটিত কৰে এক অমানৱীয় কাণ্ড। যুৱকজনে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে সংঘটিত কৰা অগ্নিকাণ্ডৰ ফলত কাহাৰপাৰা গাঁৱৰ দয়াল তালুকদাৰ অৰু শৈলেন তালুকদাৰ নামৰ ব্যক্তি দুগৰাকীৰ ভঁৰালৰ ধান, গোহালিৰ গৰু, গেৰেজত থকা বাইক, চাইকেলকে আদি কৰি সকলো সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দুয়োটা পৰিয়ালৰ ঘৰ আৰু সম্পত্তি জুইৰ লেলিহান শিখাই আগুৰি ধৰাত তেওঁলোকৰ কোনো বস্তুৱেই উদ্ধাৰ কৰিব পৰা নগ’ল যদিও অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত আন বহু পৰিয়াল এই দাবানলৰ পৰা ৰক্ষা পৰে। নিশাটোৰ এটা ঘন্টাৰ ভিতৰতে এতিয়া পথৰ ভিক্ষাৰী হ’ল এই দুই পৰিয়াল। খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈ এযোৰ কাপোৰ নাই। সকলো জুইত ছাই হৈ গ’ল৷ মাত্ৰ এটা হাঁহ চুৰিৰ বিষয়ক লৈ দীপ বৈশ্য নামৰ পাষণ্ডজনে সংঘটিত কৰা অগ্নিকাণ্ডৰ ফলত পথৰ ভিক্ষাৰী হ’বলগীয়া হয় দুটাকৈ পৰিয়াল। এনে এক প্ৰেক্ষাপটত স্থানীয় ৰাইজে দুয়োটি পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ প্ৰশাসন আৰু চৰকাৰক আহ্বান জনাইছে৷ ইপিনে, অগ্নিকাণ্ড সংঘটিত কৰা দীপ বৈশ্য নামৰ পাষণ্ডটোক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে৷ এতিয়া আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত সত্য।

প্ৰেৰক কল্যাণ কলিতা

Featured