নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপ শক্তিশালী হ’লেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব : অতুল বৰা

🔹 আমবাৰীত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সভা 

🔹 লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাৰ ৰণকৌশল

বিশেষ বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : অসম গণ পৰিষদ দলৰ নৱগঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন সভা আজি দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত সভাপতি অতুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয়। সভাত বিশেষভাৱে লোকসভা নিৰ্বাচন আৰু দলীয় সংগঠনৰ ওপৰত আলোচনা কৰি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবলৈ ৰণকৌশল গ্ৰহণ কৰে। সভাত বুথ পৰ্য্যায়ৰ পৰা সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে সাংগঠনিক সভা আৰু গণসংযোগ কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। সভাই দলৰ এক বাৰ্ষিক কৰ্মসূচীৰ খচৰা প্ৰস্তুত কৰিবলৈ কেইবাজনো বিষয়ববীয়াক দায়িত্ব অৰ্পণ কৰাৰ লগতে দলৰ বাৰ্তালোচনী ‘গণবাৰ্তা’ৰ সম্পাদনা সমিতি আৰু আইন পৰিষদখনো গঠন কৰে। সভাত সভাপতিৰ আসনৰ পৰা অতুল বৰাই আগন্তুক দুমাহ লোকসভা নিৰ্বাচনৰ বাবে সকলোকে সক্ৰিয়তাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলো সদস্যকে দলীয় শৃংখলা মানি সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত থাকি দলৰ হকে কাম কৰিবলৈ অনুৰোধ জনায়। সভাপতি বৰাই ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ লগতে জাতীয় স্বাৰ্থত দলৰ দৃঢ়তাৰ কথা প্ৰকাশ কৰে। বৰাই লগতে কয় যে অসম গণ পৰিষদ দল শক্তিশালী হ’লেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষিত হ’ব বুলি মন্তব্য কৰে। সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নৱনিৰ্বাচিত বিষয়ববীয়াসকলক আদৰণি জনাই কয় যে দলটোৰ সকলো পৰ্য্যায়ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ সক্ৰিয়তাই দলটোক নতুন গতি দিব। সভাত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে সকলোকে সম্ভাষণ জনাই সংগঠনৰ ওপৰত বক্তব্য ৰাখে। সভাত সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।

You might also like