আজমলৰ ঘৃণাৰ ৰাজনীতি

বাংলাদেশৰ পৰা চলি থকা অবাধ অনুপ্রৱেশৰ সমস্যাই অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ মাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বাংলাদেশৰ সীমামূৰীয়া জিলাসমূহকে ধৰি ব্রহ্মপুত্রৰ দুয়োপাৰৰ অধিকাংশ অঞ্চলত ইতিমধ্যে বাংলাদেশীমূলৰ লোকসকলৰ আধিপত্য চলিছে৷ ইয়াৰ লগে লগে এই অঞ্চলসমূহত বসবাস কৰা খিলঞ্জীয়া তথা ভূমিপুত্রসকলৰ অধিকাৰ খর্ব হোৱাই নহয়, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া হৈছে৷ বিগত চাৰিটা দশকত ৰাজ্যৰ ৰাজনীতিতো বাংলাদেশীমূলৰ লোকসকলৰ প্রভাৱ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ বাংলাদেশীমূলৰ ধর্মীয় সংখ্যালঘু ভোটদাতাৰ মাজত নিৰাপত্তাহীনতাৰ বীজ ৰোপণ কৰি অসমত ৰাজনৈতিক মুনাফা লুটাৰ অভিসন্ধি নতুন হৈ থকা নাই৷ বিগত চাৰিটা দশকত বাংলাদেশীমূলৰ লোকসকলৰ আৱেগ–অনুভূতিক বীজ হিচাপে লৈ দুবাৰ ৰাজনৈতিক দল গঠন কৰা হৈছিল৷ অসমৰ পৰা অবৈধ বিদেশী লোকসকলক খেদি পঠোৱাৰ বাবে ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বাংলাদেশীমূলৰ লোকসকলৰ ভোট আদায়ৰ বাবে গঠন হৈছিল সংযুক্ত সংখ্যালঘু মর্চা (ইউ এম এফ) দল৷ অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত সংখ্যালঘু অধ্যুষিত অঞ্চলত একাংশ ক্ষমতালিপ্সু নেতাই এইদৰে প্রচাৰ চলাইছিল যে বাছ–বিচাৰ নকৰাকৈ বাংলাদেশীমূলৰ লোকসকলক খেদি পঠোৱা হ’ব৷ সদৌ মুছলিম ছাত্র সন্থা (আমছু) আৰু চিটিজেনছ ৰাইটছ প্রটেকচন কমিটী (চিআৰপিচি)কে ধৰি কেইবাটাও সংগঠনৰ এনে অপপ্রচাৰত ভীতিগ্রস্ত হৈছিল বাংলাদেশীমূলৰ শ্রমজীৱী লোকসকল৷ ইয়াৰ সুযোগতে ১৯৮৫ৰ নির্বাচনৰ পূর্বে গঠন হোৱা ইউ এম এফ দলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিয়েই বিধানসভাত ১৭খন আৰু বৰপেটা লোকসভা সমষ্টিত জয়ী হৈছিল৷ ১৯৯১ৰ বিধানসভা নির্বাচনৰ পূর্বে দলটোৰ অধিকাংশ নেতাই কংগ্রেছত যোগদান কৰাৰ ফলত সংখ্যালঘু অধ্যুষিত অঞ্চলত দলটোৰ প্রভাৱ কিছু পৰিমাণে হ্রাস হৈছিল৷ ইউ এম এফৰ সাংগঠনিক ভেটিত পুনৰ কংগ্রেছে আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ বাংলাদেশীমূলৰ ধর্মীয় সংখ্যালঘুক লৈ ২০০৫ৰ তিনি অক্টোবৰত দ্বিতীয়বাৰৰ বাবে গঠন হৈছিল ইউ ডি এফ দল৷ মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটো গঠনৰ অন্তৰালত আছিল ইউ এম এফ, আমছু, চি আৰ পি চিকে ধৰি একুৰিৰো অধিক ধর্মীয় সংগঠন৷ বিতর্কিত আইএমডিটি আইনখন উচ্চতম ন্যায়ালয়ে ২০০৫ত খাৰিজ কৰাৰ পিছতে বাংলাদেশীমূলৰ লোকসকলৰ মাজত নিৰাপত্তাহীনতা আৰু বিভীষিকাৰ এক পৰিৱেশ গঢ়ি তুলি গঠন কৰা হৈছিল ইউ ডি এফ দলটো৷ ১৯৮৫ত ইউ এম এফ আৰু ২০০৫ত ইউডিএফৰ জন্মৰ মাজত স্পষ্ট সাদৃশ্য পৰিলক্ষিত হয়৷ দল দুটা গঠনৰ পূর্বে যিদৰে বাংলাদেশীমূলৰ লোকসকলৰ মাজত নিৰাপত্তাহীন পৰিৱেশ সৃষ্টি কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আৱেগ–অনুভূতিৰ বিপৰীতে থিয় দিছিল৷ অসমত ধর্মীয় মেৰুকৰণ ৰাজনীতিৰ শিপাডাল ৰোপণ হৈছিল ১৯৮৫ত ইউ এম এফৰ জৰিয়তে৷
২০০৫ত বদৰুদ্দিন আজমলৰ নেতৃত্বত গঠন হোৱা ইউডিএফে দ্বিতীয়বাৰৰ বাবে অসমত ধর্মীয় মেৰুকৰণ ৰাজনীতিৰ ব্যাপক হাৰত প্রসাৰ ঘটাবলৈ সক্ষম হৈছে৷ সাম্প্রদায়িক বিষবাষ্পৰ ৰাজনীতি কিমান বিপজ্জনক হ’ব পাৰে সেয়া ইউ এম এফ দলটো গঠন হোৱাৰ এবছৰৰ ভিতৰতে স্পষ্ট হৈছিল৷ ২০০৬ৰ বিধানসভা নির্বাচনত প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা কৰি ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত ১০টা বিধানসভা সমষ্টিত ইউডিএফ দলে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷ ২০০৯ৰ লোকসভা নির্বাচনত দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে সংখ্যালঘু অধ্যুষিত ধুবুৰী সমষ্টিৰ পৰা বিজয়ী হৈছিল৷ আজমলে যোৱা তিনিটা লোকসভা নির্বাচনত সমষ্টিটোৰ পৰা ধাৰাবাহিকভাৱে জয়ী হৈছে৷ ২০১১ৰ বিধানসভা নির্বাচনত ইউডিএফে ১৩ শতাংশ ভোট লাভ কৰি ১৮জন বিধায়ক লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০১৪ৰ লোকসভা নির্বাচনত দলটোৰ ভোট ১৪.৮ শতাংশলৈ বৃদ্ধি হৈছিল আৰু অসমৰ ১৪খন আসনৰ ভিতৰত ৩খনতে জয়ী হৈছিল৷ ২০১৬ৰ বিধানসভা নির্বাচনত দলটোৱে ১৩ শতাংশ ভোট লাভ কৰিছিল যদিও ১৩খন আসনতহে বিজয়ৰ সোৱাদ পাইছিল৷ বিগত প্রায় পাঁচ বছৰত দলটোৰ ভেটি বহু পৰিমাণে দুর্বল হৈছে৷ বিজেপিৰ চমকপ্রদ উত্থানত বাংলাদেশীমূলৰ ধর্মীয় সংখ্যালঘু লোকসকলৰ একাংশ লোকে উপলব্ধি কৰিছে যে আজমল নেতৃত্বাধীন দলটোৱে সংখ্যালঘু লোকসকলক সুৰক্ষা দিব নোৱাৰে৷ বাংলাদেশীমূলৰ একাংশ লোক ইতিমধ্যে ইউডিএফৰ সংগ ত্যাগ কৰি কংগ্রেছমুখী হৈছে৷ ২০১৯ৰ লোকসভা নির্বাচনত এই তথ্য স্পষ্ট হৈছে৷ দলটোৱে লাভ কৰা ১৩ শতাংশ ভোটৰ পৰা ২০১৯ৰ লোকসভা নির্বাচনত ৭.৮ শতাংশলৈ হ্রাস হৈছে৷ ফলত ২০১৯ৰ লোকসভা নির্বাচনত বৰপেটা সমষ্টিত আজমলৰ ভ্রাতৃ চিৰাজউদ্দিন আজমল পৰাজিত হৈছিল৷ ভোট বিভাজন সত্ত্বেও সমষ্টিটোত কংগ্রেছ প্রার্থী আব্দুল খালেক জয়ী হৈছিল৷ ২০২১ৰ বিধানসভা নির্বাচনত ইউডিএফে ৯.৩ শতাংশ ভোট লাভ কৰি ১৫খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে ভবানীপুৰ সমষ্টিৰ বিধায়কজনে দলত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ফলত দলটোৰ বিধায়কৰ সংখ্যা ১৪জন হৈছে৷ বিগত চাৰিটা দশকৰ সংখ্যালঘু ৰাজনীতিৰ পর্যালোচনা কৰিলে এই কথা স্পষ্ট হয় যে অসমৰ মূলসুঁতিৰ ৰাজনীতিৰ বিপৰীত মেৰুত অৱস্থান কৰিছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ স্বার্থৰ বিপৰীতে পৰিচালিত হৈছে ৰাজ্যখনৰ সংখ্যালঘু ৰাজনীতি৷ লোকসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আজমলে ধর্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত মুকলিকৈ খিলঞ্জীয়াবিৰোধী স্থিতি লৈছে৷ কিছুদিন পূর্বে সংখ্যালঘুপ্রধান অঞ্চলৰ এখন সভাত হিন্দুসকলৰ বিৰুদ্ধে আত্মসন্মান হানিকৰ মন্তব্য কৰিবলৈ দুঃসাহস কৰিছে আজমলে৷ অসমীয়াৰ স্বাভিমান গামোচাৰ পিছত শেহতীয়াকৈ চেলেংখনক ৰাজহুৱা অপমান কৰিছে৷ আজমলৰ এনে কাণ্ডক এক বিক্ষিপ্ত ঘটনা বুলি মানি ল’ব নোৱাৰি৷ এনে কাণ্ড মুছলমানৰ নেতাৰূপে নিজকে প্রতিষ্ঠা কৰা আজমলে জ্ঞাতসাৰে কৰিছে৷ ধর্মীয় সংখ্যালঘুৰ মাজত খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে এক ঘৃণাৰ পৰিৱেশ গঢ়ি ৰাজনৈতিক মুনাফা অর্জনৰ লক্ষ্যৰে আজমলে এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে৷ আজমলৰ এনে ক্ষতিকাৰক ৰাজনীতিৰ বিৰুদ্ধে ৰাজ্যখনৰ খিলঞ্জীয়া তথা ভূমিপুত্রসকল সজাগ হোৱা প্রয়োজন৷

Featured