ডাইনী সন্দেহত হত্যা
বিজ্ঞানৰ অভূতপূর্ব উন্নতিৰ দিনত, চন্দ্রত মানুহে ঘৰ সজাৰ পৰিকল্পনা কৰাৰ দিনত আমাৰ অসমৰ কোনো কোনো ঠাইৰ মানুহ আজিও ভয়াৱহভাৱে অন্ধবিশ্বাসৰ কবলত জীয়াই আছে৷ অসমত এতিয়াও ডাইনী সন্দেহত হত্যাৰ ঘটনা ঘটাটো অতি লজ্জাৰ বিষয়৷ দুদিন পূর্বে গোৱালপাৰাৰ মেঘালয় সীমান্তৰ ছাটাবাৰীত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা কৰিলে এজাক অন্ধবিশ্বাসী উন্মত্ত লোকে৷ যি সময়ত সমাজৰ সকলো স্তৰৰ মানুহৰ সামগ্রিক বিকাশৰ বাবে কোটি কোটি টকাৰ চৰকাৰী আঁচনিপর্যন্ত গ্রহণ কৰা হৈছে, তেনে সময়তো অন্ধবিশ্বাসে এচামক নৰহত্যাৰ বাবে প্রৰোচিত কৰাটো অতিকৈ চিন্তনীয় বিষয়৷ অৱশ্যে ডাইনী সন্দেহত কাৰোবাক হত্যাৰ আঁৰত আন বহু কাৰণ লুকাই থাকে বুলি বিভিন্ন সময়ত প্রমাণিত হৈছে৷ দৰিদ্রতা, উপযুক্ত শিক্ষাৰ অভাৱ, আধুনিক স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ পৰা বঞ্চিত লোকসকলে সাধাৰণতে এইবোৰ ঘটনা সংঘটিত কৰে যদিও এচাম মানুহৰ ব্যক্তিগত আখেজ পূৰণৰ আহিলা হিচাপেও ডাইনীৰ ৰূপ দি মানুহ হত্যা কৰা হয়৷ লিংগ–বৈষম্যকো ইয়াৰ বাবে জগৰীয়া কৰিব পাৰি৷ অকলশৰীয়া বিধৱা মহিলাক মাটি–সম্পত্তিৰ বাবে ডাইনী সজাই হত্যা কৰে আত্মীয়ই৷ ডাইনী হত্যাৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে ড০ বীৰুবালা ৰাভাই৷ কিন্তু তেখেতৰ প্রচেষ্টাৰ বাহিৰে আন কোনো চৰকাৰী অথবা বেচৰকাৰী সংস্থাই ডাইনী সমস্যা সমাধানৰ বাবে সমর্পিত মনোভাবেৰে কাম কৰা দেখা নাযায়৷ অসমৰ যিবোৰ ভিতৰুৱা অঞ্চলত ডাইনী সন্দেহত হত্যাৰ দৰে ঘটনাবোৰ সংঘটিত হৈছে, সেই অঞ্চলত স্বাস্থ্যসেৱা উন্নত তথা সুলভ কৰি তোলাটো অতি প্রয়োজনীয়৷ তেনেবোৰ অঞ্চলত কাৰোবাৰ ৰোগ হ’লে বনৌষধি আদি ব্যৱহাৰৰ দ্বাৰা ৰোগী ভাল নহ’লে ঔষধ দিয়া ব্যক্তিগৰাকীক সন্দেহৰ চকুৰে চোৱা হয় আৰু দলীয় আক্রমণত তেওঁৰ মৃত্যুপর্যন্ত হ’ব পাৰে৷
গাঁৱত সঘনাই কাৰোবাৰ অসুখ, দুর্ঘটনা আদি ঘটিলেও ডাইনী সন্দেহত হত্যাৰ ঘটনা ঘটে৷ উন্নত স্বাস্থ্যসেৱাই এই সামাজিক সমস্যা নিয়ন্ত্রক হিচাপে কাম কৰিব পাৰে৷ দেখা যায় যে এনে ঘটনা সংঘটিত হোৱা অঞ্চলবোৰৰ যাতায়াত ব্যৱস্থা সুচল নহয়, যাৰ বাবে ঘটনাৰ খবৰ পালেও আৰক্ষীয়ে সময়মতে ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে৷ গতিকে উন্নত যাতায়াত ব্যৱস্থা আৰু লগতে সঘনাই সজাগতা অনুষ্ঠানসমূহ আয়োজনো হ’ব পাৰে এটা সমাধান৷ দোষীক উচিত শাস্তি প্রদানত প্রশাসনে কার্পণ্য কৰিব নালাগে৷ ২০১৫ চনত অসমত ডাইনী হত্যা প্রতিৰোধ, নিবাৰণ আৰু সুৰক্ষা আইন গ্রহণ কৰা হৈছিল৷ আইনখনৰ মতে, কাৰোবাৰ বিপক্ষে ডাইনী বুলি অভিযোগ আনিলে অভিযোগকাৰীৰ সশ্রম কাৰাদণ্ড, আইন ভংগকাৰীৰ ৭ বছৰপর্যন্ত জে’ল আৰু ৫ লাখ টকালৈকে জৰিমনা হ’ব৷ কিন্তু বাস্তৱত এই আইন প্রয়োগ হয় নে নহয়, সেয়াও সন্দেহজনক৷ তদুপৰি আইনখনৰ বিষয়ে পর্যাপ্ত সজাগতাৰ প্রয়োজন৷ কিন্তু চৰকাৰে প্রণয়ন কৰা আইনখনে ডাইনী সন্দেহত হত্যাৰ ঘটনা ৰোধ কৰিব যে নোৱাৰে, তাৰ প্রমাণ শেহতীয়াকৈ ছাটাবাৰীত সংঘটিত ঘটনাটো৷ এনেবোৰ ঘটনা আধুনিক সমাজ ব্যৱস্থা, তথ্য–প্রযুক্তিৰ বিকাশৰ প্রতিও যেন চৰম ভ্রূকুটি৷ প্রকৃততে কেৱল চৰকাৰৰ মুখলৈ চাই থাকিলে এনেবোৰ সমস্যা সমাজৰ পৰা নোহোৱা নহয়৷ এনে ক্ষেত্রত চৰকাৰৰ লগতে সমাজৰ শিক্ষিত লোকসকলৰ সদিচ্ছাৰ একান্ত প্রয়োজন৷ নতুন প্রজন্মই সাহসেৰে বিভিন্ন মাধ্যমৰ সহায়ত সজাগতা সৃষ্টিৰ প্রয়াস কৰিব পাৰে৷ শিক্ষানুষ্ঠানসমূহেও শৈশৱৰে পৰা বিজ্ঞান মনস্কতা গঢ় দিবলৈ চেষ্টা কৰিব লাগে৷ অপেছাদাৰীয়েই হওক বা পেছাদাৰী–নাট্যগোষ্ঠীসমূহেই হওক, বাটৰ নাট, পূর্ণাংগ নাট আদিৰ জৰিয়তে সজাগতা সৃষ্টি কৰিব লাগে৷ কেৱল চৰকাৰ, প্রশাসন নহয়, বিজ্ঞান মনস্কতাইহে ডাইনী সন্দেহত হত্যাৰ দৰে ঘটনাবোৰ সমাজৰ পৰা নোহোৱা কৰিব পাৰিব৷