এক দেশ এক নির্বাচন

সম্প্রতি দেশত চর্চিত বিষয়ৰ অন্যতম ‘এক দেশ এক নির্বাচন’৷ ২০২৪ চনত দেশৰ লোকসভা নির্বাচন অনুষ্ঠিত হোৱাৰ কেইমাহমান পূর্বে এক দেশ এক নির্বাচন বিষয়টো ব্যাপক চর্চাৰ মাজলৈ আহিছে৷ এক দেশ এক নির্বাচনৰ প্রাসংগিকতাও সজোৰে উত্থাপিত হৈছে৷ শাসক পক্ষ এক দেশ এক নির্বাচন ৰূপায়ণৰ বাবে সংকল্পবদ্ধ হৈছে৷ দেশৰ প্রাক্তন ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ নেতৃত্বত এক দেশ এক নির্বাচনৰ সম্ভাৱনীয়তা আৰু ইয়াক বলৱতৰ ক্ষেত্রত কি ধৰণৰ সুবিধা–অসুবিধাৰ সন্মুখীন হ’ব পাৰে, তাৰে সমাধান উলিওৱাৰ বাবে এখন কমিটী গঠন কৰিছে ৷ প্রাক্তন ৰাষ্ট্রপতি কোৱিন্দৰ অধ্যক্ষতাত গঠিত কমিটীখনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কংগ্রেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ প্রাক্তন দলপতি গোলাম নবী আজাদ, বিত্তীয় আয়োগৰ প্রাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্রাক্তন সচিবপ্রধান সুভাষ চি কাশ্যপ, জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে আৰু প্রাক্তন মুৰব্বী ভিজিলেঞ্চ কমিছনাৰ সঞ্জয় কোঠাৰী আছে৷ এই কমিটীখনে এক দেশ এক নির্বাচন সন্দর্ভত বিতং আলোচনা কৰি এক সিদ্ধান্তত উপনীত হৈ কেন্দ্রীয় চৰকাৰক প্রতিবেদন দাখিল কৰিব৷ এই প্রতিবেদনৰ আধাৰতে পৰৱর্তী পদক্ষেপ লোৱা হ’ব৷ উল্লেখ্য যে এই কমিটীৰ পূর্বে সংসদীয় ষ্টেণ্ডিং কমিটী, আইন আয়োগ আৰু নীতি আয়োগে এক দেশ এক নির্বাচন সন্দর্ভত পুংখানুপুংখ পৰীক্ষণ আৰু নিৰীক্ষণ চলাই প্রস্তাৱ আৰু প্রতিবেদন কেন্দ্রীয় চৰকাৰক দাখিল কৰিছিল৷ কেন্দ্রীয় চৰকাৰে অহা ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান জনোৱাৰ পিছতে এক দেশ এক নির্বাচন বিষয়টো ব্যাপক চর্চাৰ মাজলৈ আহে৷ তথ্য মতে, কেন্দ্রীয় চৰকাৰে সংসদৰ বিশেষ অধিৱেশনতে এক দেশ এক নির্বাচনক লৈ বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে৷
এক দেশ এক নির্বাচন সম্প্রতি বিশেষ চর্চাৰ মাজলৈ আহিলেও এই ধাৰণাটো নতুন নহয়৷ ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ স্বাধীন হোৱাৰ পিছত ১৯৫০ চনত সংবিধান গৃহীত হয়৷ ইয়াৰ পিছতে ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈ লোকসভা আৰু ৰাজ্যৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত হৈছিল৷ অর্থাৎ ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈকে এক দেশ এক নির্বাচন প্রচলিত হৈছিল৷ ১৯৫২, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত হৈছিল যদিও পিছলৈ নতুন ৰাজ্যৰ গঠন আৰু পুৰণি কিছু ৰাজ্যক পুনৰ সংগঠিত কৰাৰ পৰিপ্রেক্ষিতত ১৯৬৮–১৯৬৯লৈ কেইবাখনো বিধানসভা ভংগ কৰিবলগীয়া হয়৷ পৰৱর্তী সময়ত লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাটো প্রত্যাহাৰ কৰা হয়৷ ১৯৮৩ চনত পুনৰ নির্বাচন আয়োগে একেলগে দেশত নির্বাচন পতাৰ বাবে বার্ষিক প্রতিবেদনত পৰামর্শ আগবঢ়ায়৷ ১৯৯৯ চনত আইন আয়োগেও নির্বাচন আয়োগৰ পৰামর্শৰ আধাৰত এক দেশ এক নির্বাচনৰ প্রাসংগিকতা আছে বুলি প্রতিবেদন দিয়ে৷ ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দায়িত্ব গ্রহণ কৰাৰ পিছত লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ পক্ষত জোৰ দিয়ে৷ ২০২২ চনৰ ডিচেম্বৰত আইন আয়োগে ৰাজনৈতিক দলসমূহ, ভাৰতৰ নির্বাচন আয়োগ, আমোলা আৰু বিশেষজ্ঞসকলৰ পৰা মতামত বিচাৰে৷ এক দেশ এক নির্বাচন সন্দর্ভত সপক্ষে আৰু বিপক্ষে অনেক যুক্তি আছে৷ সপক্ষৰ যুক্তিসমূহ হৈছে– লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত হ’লে ব্যয় হ্রাস পাব, সময় বাচিব আৰু চৰকাৰে নির্বাচন জিকাতকৈ পাঁচ বছৰৰ সুস্থিৰ চৰকাৰ চলোৱাত গুৰুত্ব দিব পাৰিব৷ বিপক্ষৰ যুক্তিসমূহৰ ভিতৰত ই ভি এম মেচিনৰ আয়ুসকাল ১৫ বছৰ৷ এনে কাৰণত তিনিবাৰতকৈ অধিক নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব৷ নির্বাচনৰ নতুন নিয়ম হ’লে সংবিধান আৰু জনপ্রতিনিধি আইন সংশোধন কৰিব লাগিব৷ ৰাজ্য আৰু ৰাজনৈতিক দলৰ সন্মতি লাগিব৷ সপক্ষ আৰু বিপক্ষৰ অনেক যুক্তিৰ মাজতো এই কথাও গুৰুত্বপূর্ণ যে ভাৰত বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশ৷

Featured