বিমানবন্দৰত পাকিস্তানৰ পতাকা উৰুৱাই বছিৰ চাচা আটক

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত পাকিস্তান ক্রিকেট দলৰ সদস্যসকল উপস্থিত হোৱাৰ সময়ত দেশৰ ৰাষ্ট্রীয় পতাকা উৰুওৱাৰ পিছতে পাকিস্তানৰ প্রখ্যাত ক্রিকেট অনুৰাগী বছিৰ চাচা (ককা)ক জেৰাৰ বাবে আটক কৰা হৈছে৷ উল্লেখ্য যে বছিৰে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছে আৰু সমগ্র বিশ্বতে আন্তঃৰাষ্ট্রীয় মেচত পাকিস্তান দলক অনুসৰণ কৰে৷ পাকিস্তান দলটো বিশ্বকাপৰ পূর্বে প্রথমখন মেচৰ বাবে চহৰখনলৈ আহিছিল৷ বিমানবন্দৰ চৌহদৰ পৰা দলটো ওলাই অহাৰ সময়ত ৰাইজৰ উল্লাসৰ মাজতে বছিৰে পাকিস্তানৰ পতাকা উৰুৱায়৷ ইপিনে, জনসাধাৰণৰ গতি–বিধি দেখি আৰক্ষীয়ে পাকিস্তানী পতাকা উৰুওৱা বছিৰক আটক কৰে৷ বছিৰে পাকিস্তান দলৰ এজন সমর্থক বুলি পৰিচয় দি মেচখনৰ বাবে ভাৰতলৈ অহাৰ কথা জানিবলৈ দিয়ে৷ ভ্রমণৰ তথ্য, টিকট আৰু পৰিচয়-পত্র প্রদান কৰাৰ পিছত তেওঁক এৰি দিয়া হয়৷

Featured