বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ২০৯ টকা বৃদ্ধি

বিশেষ বাৰ্তা, ১ অক্টোবৰ : উৎসৱৰ বতৰৰ প্ৰাকক্ষণত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। ১৯ কেজি চিলিণ্ডাৰৰ দাম ২০৯ টকাকৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে  ছেপ্টেম্বৰ মাহত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ১৫৭ টকা হ্ৰাস কৰিছিল। এমাহৰ ভিতৰতে উৎসৱৰ আগমুহূৰ্তত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি পালে। ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব এই নতুন দাম। বাণিজ্যিক গেছৰ দাম বৃদ্ধিৰ ফলত পূজাৰ সময়ত বাহিৰত খাদ্যবস্তুৰ দাম বৃদ্ধি পাব পাৰে।

Featured