সাম্প্রদায়িক হিংসা : বাংলাদেশত ৫ দিনত সংখ্যালঘুক ২০৫টা আক্রমণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ আগষ্টঃ ভয়ংকৰ সাম্প্রদায়িক হিংসাই ছানি ধৰিছে সমগ্র বাংলাদেশক৷ গণ অভ্যুত্থানে অগ্নিগর্ভ কৰি তোলা চুবুৰীয়া ৰাষ্ট্রখনত বসবাস কৰা সংখ্যালঘু হিন্দু–বৌদ্ধ–খ্রীষ্টান ধর্মাৱলম্বীসকলৰ জীৱন সম্প্রতি চৰম অনিশ্চয়তাত৷ সংখ্যালঘুৰ ওপৰত ধাৰাবাহিকভাৱে চলোৱা হৈছে আক্রমণ৷ বাংলাদেশৰ ৫২খন জিলাত বসবাস কৰা সংখ্যালঘুসকলৰ মন্দিৰ–উপাসনাস্থলী দুষৃকতিকাৰীয়ে ভাংচুৰ–অগ্নিসংযোগ কৰাতে ক্ষান্ত নাথাকি মূল্যৱান সম্পদ তথা আ–অলংকাৰ আৰু টকা–পইচাও লুটি লৈ গৈছে৷ সাম্প্রদায়িক হিংসাই চুবুৰীয়া ৰাষ্ট্রখনত প্রধানতঃ ব্যাপক ৰূপ ধাৰণ কৰে শ্বেখ হাছিনাই যোৱা ৫ আগষ্টত প্রধানমন্ত্রী পদ এৰি ভাৰতলৈ পলায়ন কৰাৰ পিছত৷ বহু বিতর্কিত সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীত গঢ় লৈ উঠা গণ আন্দোলন শ্বেখ হাছিনাৰ পদত্যাগ তথা পলায়নৰ লগে লগে ওৰ পৰে যদিও এইবাৰ দুষৃকতিকাৰীয়ে লক্ষ্য কৰি লয় দেশখনত বসবাস কৰা হিন্দুসহ সংখ্যালঘু লোকসকলক৷ যোৱা ৫ আগষ্টৰ পৰা কালিৰ দিনটোপর্যন্ত এই পাঁচটা দিনতে হিন্দু তথা সংখ্যালঘুৰ ওপৰত কমেও ২০৫টা আক্রমণৰ ঘটনা সংঘটিত হৈছে৷ এই সময়ছোৱাতে বাংলাদেশত হত্যা কৰা হৈছে ২৩০জনতকৈও অধিক লোকক৷ সংখ্যালঘুৰ ওপৰত চলা এনে বর্বৰোচিত আক্রমণৰ বিশদ তথ্য কালি অন্তর্ৱর্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা, ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছক এখন ৰাজহুৱা পত্রযোগে দাখিল কৰে বাংলাদেশ হিন্দু–বৌদ্ধ–খ্রীষ্টান ঐক্য পৰিষদ আৰু বাংলাদেশ পূজা উদ্যাপন পৰিষদ নামৰ সংগঠন দুটাই৷ বাংলাদেশ হিন্দু–বৌদ্ধ–খ্রীষ্টান ঐক্য পৰিষদৰ অন্যতম সভাপতি নির্মল ৰ’জাৰিয়ে সমগ্র বিষয়টো সন্দর্ভত সংবাদ মাধ্যমৰ আগত গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ তেওঁ কয়– ‘আমাৰ জীৱন এতিয়া বিপর্যয়জনক অৱস্থাত৷ সেয়ে আমি সুৰক্ষা বিচাৰিছোঁ৷ আমি নিশা উজাগৰে থাকি ঘৰ–উপাসনাস্থলী পহৰা দি থাকিবলগীয়া অৱস্থা হৈছে৷ মই মোৰ জীৱনত এনেকুৱা পৰিস্থিতি কেতিয়াও দেখা নাছিলোঁ৷ সেয়েহে দেশত সাম্প্রদায়িক সম্প্রীতি পুনৰুদ্ধাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ৷’ তেওঁ পৰিস্থিতিৰ অভাৱনীয় অৱনতি ঘটা বুলি দোহাৰি কয় যে সাম্প্রদায়িক হিংসাক শীর্ষ অগ্রাধিকাৰ দি ইয়াৰ অন্ত পেলোৱাৰ ব্যৱস্থা গ্রহণ কৰক মুখ্য উপদেষ্টা মহম্মদ ইউনুছে৷ বাংলাদেশ হিন্দু–বৌদ্ধ–খ্রীষ্টান ঐক্য পৰিষদৰ সাধাৰণ সম্পাদক ৰাণা দাসগুপ্ত আৰু বাংলাদেশ পূজা উদ্যাপন সমিতিৰ সভাপতি বাসুদেৱ ধৰে স্বাক্ষৰ কৰা মুকলি পত্রখনৰ জৰিয়তে অভূতপূর্ব ছাত্র আৰু জনতাই নেতৃত্ব দিয়া গণ আন্দোলনৰ পৰা জন্ম লোৱা নতুন যুগৰ সমাজ সংস্কাৰক নেতা হিচাপে অভিহিত কৰে মুখ্য উপদেষ্টা মহম্মদ ইউনুছক৷ মুকলি পত্রখনত কোৱা হৈছে যে জনতাৰ জয় লক্ষ্যস্থানৰ দিশে আগবঢ়াৰ সময়তে আমি অতি গধুৰ হূদয়েৰে লক্ষ্য কৰিছোঁ– এটা স্বার্থান্বেষী চক্রই সংখ্যালঘু সম্প্রদায়ৰ ওপৰত অকথিত নির্যাতন চলাইছে৷ ইয়াৰ জৰিয়তে জনতাৰ জয়ক কলংকিত কৰাৰ ষড়যন্ত্রহে ৰচনা কৰা বুলি ক’ব লাগিব৷ সম্প্রতি অব্যাহত থকা সাম্প্রদায়িক হিংসাই বাংলাদেশত সংখ্যালঘুসকলৰ মাজত ব্যাপক ভয়–উদ্বেগ–নিশ্চয় সৃষ্টি কৰিছে৷ যাক নিন্দা কৰা হৈছে আন্তঃৰাষ্ট্রীয় পর্যায়তো৷ বাংলাদেশ হিন্দু–বৌদ্ধ–খ্রীষ্টান ঐক্য পৰিষদৰ প্রেচিডিয়ামৰ সদস্য কাজল দেৱনাথে সমগ্র বিষয়টো সন্দর্ভত কৰা মন্তব্য আছিল এনেধৰণৰ– ‘বাংলাদেশত সংখ্যালঘুৰ ওপৰত চলোৱা আক্রমণৰ সৈতে জড়িতসকলক আইনৰ আওতালৈ আনিব লাগিব৷ কোনো সংখ্যালঘু ৰাজনৈতিক কাৰণত আক্রমণ কৰাটো কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ যিয়ে অপৰাধ সংঘটিত কৰিছে তাৰ ওপৰত অন্তর্ৱর্তীকালীন চৰকাৰে আইনী বিচাৰ চলাওক৷ ঘৰ জ্বলালে বা লুটপাত কৰিলে বা হত্যা কৰিলেই সমস্যাৰ সমাধান নহয়৷ বহু হিন্দু লোকে জীৱনৰ অনিশ্চয়তাত ভুগি এতিয়া আনৰ ঘৰত আশ্রয় ল’বলগীয়া হৈছে৷ মই নিজেও এজন বন্ধুৰ ঘৰত আশ্রয় লৈ আছোঁ৷ হিন্দুকে ধৰি সংখ্যালঘুৰ ওপৰত চলা আক্রমণ–নির্যাতন সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে চুবুৰীয়া ৰাষ্ট্রখনৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্রমা দপ্তৰৰ উপদেষ্টাজনে৷ তেওঁ কয় যে আইন–শৃংখলা নিয়ন্ত্রণলৈ অনাটো বর্তমান অন্তর্ৱর্তীকালীন চৰকাৰৰ মূল অগ্রাধিকাৰৰ বিষয়৷ এইক্ষেত্রত লক্ষ্যত উপনীত হ’লে আন দিশবোৰো আগবাঢ়ি যাব৷ মন কৰিবলগীয়া যে জুলাই মাহৰ মাজভাগৰ পৰাই সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীত গণ আন্দোলনে বাংলাদেশত ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ শ্বেখ হাছিনাৰ পলায়নৰ সময়লৈকে এই গণ আন্দোলনত কমেও ৩৩০জন লোকে প্রাণ হেৰুৱায়৷ অর্থাৎ বর্তমানপর্যন্ত বাংলাদেশত হিংসাত্মক ঘটনাত মুঠ ৫৬০জন লোকৰ মৃত্যু হৈছে৷ আন্তর্জাতিক স্তৰত বাংলাদেশৰ এনে পৰিস্থিতিক গৰিহণা দিছে বিভিন্নজনে৷ সমান্তৰালভাৱে প্রতিবাদী কার্যসূচীও ৰূপায়ণ কৰা হৈছে৷ যোৱা বৃহস্পতিবাৰে হিন্দুসহ সংখ্যালঘুৰ ওপৰত চুবুৰীয়া ৰাষ্ট্রখনত চলা আক্রমণক গৰিহণা দিয়ে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছৰ উপ–মুখপাত্র ফাৰহান হকে৷ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত আক্রমণৰ বিষয়টোত আমি যিকোনো বর্ণভিত্তিক হিংসাৰ বিৰুদ্ধে অৱস্থান কৰিছোঁ৷ আমি যিকোনো বর্ণভিত্তিক হিংসাক উচটনি দিয়াৰ বিপক্ষত৷ সেইদৰে বাংলাদেশত সংখ্যালঘুৰ ওপৰত চলা আক্রমণৰ প্রতিবাদত আৰু সুৰক্ষা নিশ্চিত কৰাৰ দাবীত আজি ৰাষ্ট্রসংঘৰ নিউয়র্কস্থিত মুখ্য কার্যালয়ৰ সন্মুখত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ হিন্দু এক্সন নামৰ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত পালন কৰা এই প্রতিবাদী কার্যসূচীত স্বতঃস্ফূর্তভাৱে চামিল হয় সকলো শ্রেণীৰ জনসাধাৰণ৷ এই সন্দর্ভত হিন্দু এক্সনৰ তৰফৰ পৰা কোৱা হয় যে বাংলাদেশত আমি যিবোৰ ৰাজনৈতিক হিংসা আৰু ধর্মীয় নির্যাতন সংঘটিত হোৱা দেখিবলৈ পাইছোঁ, তাক তীব্র গৰিহণা দিছোঁ৷ এনে হিংসাৰ অন্ত পেলাবলৈ আমি বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰক অনুৰোধ জনাওঁ৷ হিন্দু–বৌদ্ধ–খ্রীষ্টান বা যিকোনো ধর্মীয় সংখ্যালঘুক আক্রমণৰ লক্ষ্য কৰি লোৱাটো নিন্দনীয়৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীত হোৱা গণ জাগৰণ আৰু অসহযোগ আন্দোলনক কেন্দ্র কৰি বাংলাদেশত সৃষ্ট অৰাজক পৰিস্থিতিত স্তব্ধ হৈ পৰিছিল থানাসমূহৰ কাম–কাজ৷ চুবুৰীয়া ৰাষ্ট্রখনত মুঠ ৬৩৯খন থানা আছে যদিও এই সময়ছোৱাত কোনো এখনতে বাংলাদেশ আৰক্ষী সক্রিয় হৈ থকা নাছিল৷ এতিয়া মহম্মদ ইউনুছৰ নেতৃত্বত অন্তর্ৱর্তীকালীন চৰকাৰ গঠন হৈছে যদিও গৰিষ্ঠসংখ্যক থানাই কার্যক্ষম হৈ পৰা নাই৷ তাৰেই সুযোগ বুজি দুষৃকতিকাৰীয়ে হিন্দুসহ সংখ্যালঘু লোকসকলৰ ওপৰত অমানৱীয়ভাৱে আক্রমণ–লুটপাত চলাই গৈছে৷ এনে অৱস্থাত জীৱনৰ সংশয়ত বাংলাদেশৰ বহু হিন্দু নাগৰিকে আশ্রয় বিচাৰি অৱস্থান কৰিছে ভাৰত সংলগ্ন আন্তর্জাতিক সীমান্তত৷ অৱশ্যে, বি এছ এফে চোকা নজৰ ৰখাৰ ফলত বর্তমানপর্যন্ত কোনো বাংলাদেশীয়ে ভাৰতত প্রৱেশ কৰিব পৰা নাই৷ আনকি অসম সংলগ্ণ সীমান্তৰে ভাৰতত বাংলাদেশীয়ে প্রৱেশৰ চেষ্টা চলাইছে৷ আজিৰ দিনটোতে ধুবুৰীৰ গোলকগঞ্জ সীমান্তত সাতজন বাংলাদেশীয়ে ভাৰতত আশ্রয় বিচাৰি আহিছিল৷ যাক বি এছ এফে ওভতাই পঠাবলৈ সক্ষম হয়৷ বাংলাদেশত হিন্দু তথা সংখ্যালঘু লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰখনে তাৎক্ষণিকভাৱে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে তাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছে আন্তর্জাতিক সমুদায়ৰ৷

Featured