ড্রাগছ খুৱাই পত্নীক অচিনাকি ব্যক্তিৰ দ্বাৰা ধর্ষণ

🔹 স্বামীক গ্রেপ্তাৰ : ৭২জন ধর্ষণকাৰীক চিনাক্ত আৰক্ষীৰ

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : নিজৰ পত্নীক ড্রাগছ খুৱাই অপৰিচিত ব্যক্তিৰ জৰিয়তে ধর্ষণ কৰাইছিল এজন ফৰাচী নাগৰিকে৷ এদিন, দুদিন নহয়, এক দশকতকৈ অধিক কাল ধৰি স্বামীয়ে পত্নীক এনেদৰে পৰপুৰুষৰ জৰিয়তে ধর্ষণ কৰাই আহিছে৷ ফ্রান্সৰ এই চাঞ্চল্যকৰ ঘটনাৰ অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ৭১ বছৰীয়া অভিযুক্তজনৰ নাম ডমিনিক পি৷ ৭০ বছৰীয়া পত্নীৰ অভিযোগৰ ভিত্তিত ডমিনিকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ মহিলাগৰাকীয়ে দাবী কৰা অনুসৰি, বাহিৰৰ পৰা অচিনাকি লোকক মাতি আনি ডমিনিকে তেওঁৰ ওপৰত ধর্ষণ চলাইছিল৷ নিজে বহি বহি ধর্ষণৰ দৃশ্য উপভোগ কৰিছিল ডমিনিকে৷ আনকি, এই ঘটনাৰ ভিডিঅ’ ৰেকর্ডিং কৰিছিল অভিযুক্তই৷ নির্যাতিতাক ড্রাগছ খুৱাই এনেদৰে যৌন আতিশয্য চলোৱা হৈছিল৷ ইতিমধ্যে আৰক্ষীয়ে ভিডিঅ’ প্রত্যক্ষ কৰি ৭২জন লোকক  চিহ্ণিত কৰিছে৷ ৫১জন সন্দেহজনক লোকক আটকো কৰিছে আৰক্ষীয়ে৷ ধর্ষণকাৰী লোকসকলৰ বয়স ২৬ৰ পৰা ৭৪ বছৰৰ ভিতৰত বুলি সংবাদ মাধ্যমক জনাইছে আৰক্ষীয়ে৷

Featured