২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত ৰাঘৱ-পৰিণীতিৰ বিবাহৰ অনুষ্ঠান

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : পৰিণীতি চোপ্ৰা-ৰাঘৱ চাদ্ধাই জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে। ১৩ মে’ত নতুন দিল্লীৰ কাপুৰথালা হাউছত আম আদমী পাৰ্টীৰ নেতা তথা সাংসদ ৰাঘৱ চাদ্ধাৰ সৈতে বাগ্দান সম্পন্ন হৈছিল অভিনেত্ৰীগৰাকীৰ। এতিয়া ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত বিবাহপাশত আবদ্ধ হ’ব পৰিণীতি চোপ্ৰা-ৰাঘৱ চাদ্ধা। অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ দৰেই ৰাজস্থানত বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰীগৰাকী। কিন্তু তাৰ আগতে দিল্লীতো ৰাঘৱ আৰু পৰিণীতিৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। দিল্লীৰ ৰাঘৱৰ ঘৰত চুফী গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। উদয়পুৰৰ তাজলীলা পেলেচত আয়োজন কৰা হৈছে ৰাঘৱ আৰু পৰিণীতিৰ বিবাহৰ অনুষ্ঠান। ২৩ ছেপ্টেম্বৰৰ দুপৰীয়াৰ পৰা ‘ৱেলকাম লাঞ্চ’ৰ জৰিয়তে বিবাহ অনুষ্ঠান আৰম্ভ হ’ব। সূত্ৰ মতে, কেইবাখনো বিলাসী হোটেল ৰাঘৱ আৰু পৰিণীতিৰ বিয়াৰ বাবে সাজু হৈছে। হোটেল লেক পেলেচ তাৰ ভিতৰত অন্যতম। সেই হোটেলখনৰ পৰা বিয়াৰ দলটো তাজলীলা পেলেচলৈ আহিব। নাওত উঠি পৰিণীতিক বিয়া কৰাবলৈ আহিব ৰাঘৱ। বিয়াৰ দিনা সন্ধিয়া তাজলীলা প্ৰাসাদত এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব। ৰাঘৱ আৰু পৰিণীতিৰ বিয়াৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে সামগ্ৰী। দুটা পাঞ্জাবী পৰিয়ালৰ মিলন। পাঞ্জাবী খাদ্যৰ উপৰি ৰাজস্থানী থালিও উপলব্ধ হ’ব এই বিবাহ অনুষ্ঠানত। কলকাতা আৰু দিল্লীৰ পৰা বিয়াৰ মণ্ডপ সজাবলৈ আনিছে বিশেষ ফুল। ইতিমধ্যে দিল্লীত ৰাঘৱৰ বাসগৃহৰ উপৰি মুম্বাইৰ পৰিণীতিৰ ঘৰো পোহৰেৰে জিলিকাই তুলিছে।

Featured