উত্তৰকাশীত শ্রমিকক উদ্ধাৰ অভিযান অব্যাহত

🔹 সুৰংগত স্থাপন পাঁচ পাইপ

🔹 দিনে–নিশাই চলিছে ড্রিলিং মেচিন

বিশেষ বাৰ্তা, ১৮ নৱেম্বৰ : উত্তৰকাশী জিলাৰ ছিল্কিয়াৰা–ডাণ্ডল গাঁও সুৰংগত আবদ্ধ হৈ থকা ৪০ শ্রমিকক উদ্ধাৰ অভিযান অব্যাহত আছে৷ ৬ দিন ধৰি ছিল্কিয়াৰাৰ সুৰংগত আবদ্ধ শ্রমিকক উদ্ধাৰ কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্রহণ কৰাৰ লগতে আবদ্ধ শ্রমিকক সুস্থ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ সুৰংগটোত পাঁচডাল পাইপ স্থাপন কৰা হৈছে৷ তেনেদৰে দিল্লীৰ পৰা অনা অগাৰ ড্রিলিং মেচিনেৰে সুৰংগ বন্ধ কৰি ৰখা ধ্বংসস্তূপ আঁতৰ কৰাৰ বাবে দিনে–নিশাই অভিযান অব্যাহত ৰাখিছে৷ উচ্চ ক্ষমতাসম্পন্ন ড্রিলিং মেচিনটোৰে সুৰংগটোৰ ধ্বংসস্তূপ আঁতৰ কৰিবলৈ বিশেষজ্ঞৰ দলে অহৰহ কাম কৰি আছে৷ তথ্য মতে উচ্চ ক্ষমতাসম্পন্ন ড্রিলিং মেচিনটোৰে ২৫ মিটাৰ ধ্বংসস্তূপ আঁতৰ কৰিবলৈ সক্ষম হৈছে৷ আবদ্ধ শ্রমিকসকলক সুৰংগটোৰ পৰা উলিয়াই আনিবলৈ হ’লে ৩০–৪০ মিটাৰ ধ্বংসাৱশেষ আঁতৰাব লাগিব৷ ড্রিলিং মেচিনটোৰে দিনে–নিশাই ধ্বংসস্তূপ আঁতৰোৱাৰ কাম চলাই থাকিলে শীঘ্রেই শ্রমিকসকলক উদ্ধাৰ কৰিব পৰা যাব বুলিও এছডিআৰএফে প্রকাশ কৰিছে৷ উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত উক্ত সুৰংগটো ভূমিস্খলনৰ ফলত খহি পৰাত ৪০জন শ্রমিক আবদ্ধ হৈ পৰিছে৷

Featured