পাকিস্তানত উদ্বোধনৰ দিনাই জনতাই লুটিলে শ্বপিং মল

🔹 ভিক্ষাৰীৰ দেশ ! বিদেশত থকা ব্যৱসায়ীৰ ‘ড্রীম বাজাৰ’ দুঃস্বপ্নত পৰিণত

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ : সমগ্র বিশ্বত ‘ভিক্ষাৰীৰ দেশ’ হিচাপে পৰিচিত হৈছে পাকিস্তান৷ চৰম আর্থিক বৈষম্যৰ বাবে সাধাৰণ মানুহে দুবেলা খাই জীয়াই থকাটো যেন হৈ পৰিছে স্বপ্ণ৷ আর্থিক সংকটত পৰি থকা দেশখনত বিদেশী আর্হিত শ্বপিং মল গঢ়ি তুলিছিল এগৰাকী ব্যৱসায়ীয়ে৷ আশা কৰি নামো ৰাখিছিল ‘ড্রীম বাজাৰ’৷ কিন্তু সেই স্বপ্ণৰ বজাৰ পৰিণত হ’ল দুঃস্বপ্ণত৷ উদ্বোধনৰ দিনাখনেই চকুৰ সন্মুখতে শ্বপিং মলৰ বিভিন্ন সামগ্রী লুট কৰি নিলে স্থানীয় জনতাই৷ সমগ্র ঘটনা আৰক্ষীয়ে থিয় হৈ প্রত্যক্ষ কৰি থাকিল৷ জানিব পৰা গৈছে যে কৰাচীত গুলিস্তান–এ–জোহাৰ অঞ্চলত এক বিশাল শ্বপিং মল নির্মাণ কৰিছিল এগৰাকী ব্যৱসায়ীয়ে৷ এই ব্যৱসায়ীগৰাকী পাকিস্তানৰ বাসিন্দা হ’লেও কর্মসূত্রে বিদেশত থাকে৷ শ্বপিং মলৰ উদ্বোধন উপলক্ষে বিগত প্রায় এমাহ ধৰি ছ’চিয়েল মিডিয়াত ব্যাপক প্রচাৰ চলোৱা হয়৷ উদ্বোধনৰ দিনা গ্রাহকৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিভিন্ন সামগ্রীৰ মূল্য যথেষ্ট হ্রাস কৰিছিল মলৰ কর্তৃপক্ষই৷ ইয়াৰ উপৰি বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হয়৷ এই অনুষ্ঠান চাবলৈ ভিৰ কৰে সাধাৰণ জনতাই৷ কিন্তু সেই ভিৰৰ মোকাবিলা কৰিব নোৱাৰিলে শ্বপিং মল কর্তৃপক্ষই৷ উত্তেজিত জনতাই গৈ মুহূর্তৰ ভিতৰতে সমগ্র শ্বপিং মলৰ সামগ্ৰী লুট কৰি নিয়ে৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ আনকি একাংশই শ্বপিং মলটোত লাঠী আৰু শিল লৈ আক্রমণো চলায়৷ আটাইতকৈ লজ্জাজনক কথাটো হৈছে- জনতাৰ এই লুট বন্ধ কৰিবলৈ কোনোধৰণৰ চেষ্টা নকৰিলে আৰক্ষীয়ে৷

Featured