বিশ্বৰ আটাইতকৈ ওখ কুকুৰ ‘জেৱাছ’ৰ কর্কটত মৃত্যু

🔹 উচ্চতা আছিল ৩ ফুট ৫.১৮ ইঞ্চি

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : বিশ্বৰ আটাইতকৈ ওখ কুকুৰ জেৱাছৰ মৃত্যু হৈছে৷ হাড়ৰ কর্কট ৰোগত ভুগি আছিল গীনিজ ৱ’ৰ্ল্ড ৰেকর্ডত বিশ্বৰ আটাইতকৈ ওখ কুকুৰ হিচাপে চিহ্ণিত জেৱাছ৷ তিনি বছৰীয়া জেৱাছৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে কুকুৰটোৰ গৰাকী ব্রিটানি ডেভিছে৷ ডেভিছে উল্লেখ কৰা অনুসৰি, দীর্ঘদিন ধৰি হাড়ৰ কর্কটৰ চিকিৎসা চলি আছিল জেৱাছৰ৷ টেক্সাছৰ বেডফ’ডত থকা ব্রিটানি ডেভিছৰ বাসগৃহতে কুকুৰটোৰ মৃত্যু হয়৷ উল্লেখনীয় যে কুকুৰটোৰ উচ্চতা আছিল ১.০৪৬ মিটাৰ৷ অর্থাৎ ৩ ফুট ৫.১৮ ইঞ্চি উচ্চতাৰে বিশ্বৰ আটাইতকৈ ওখ কুকুৰ হিচাপে চিহ্ণিত হৈছিল জেৱাছ৷ জেৱাছৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে গৰাকী ব্রিটানি ডেভিছে৷ ১২ ছেপ্টেম্বৰৰ পুৱা কুকুৰটোৰ মৃত্যু হোৱা বুলি ডেভিছে সদৰী কৰিছে৷

Featured