নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৫ বছৰীয়া প্ৰেমৰ সফল সমাপ্তিঃ স্বামীৰ সৈতে জীৱনৰ অন্তিমটো খোজ পত্নীৰ

এক বিৰল প্ৰেমৰ সাক্ষী হৈ ৰ'ল তামিলনাডু। সোমবাৰে পুৱতি নিশা তামিলনাডুৰ পুডুকট্টাই জিলাত ১০৪ বছৰীয়া স্বামীৰ মৃত্যুৰ এঘণ্টাৰ পিছত ১০০ বছৰীয়া পত্নীৰ মৃত্যু ঘটে।

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ প্ৰেম, প্ৰেমৰ কথা কিনো ক’ম ! প্ৰেমৰ বাবেই পৃথিৱীখন আজিও যে সৃষ্টিশীল আৰু সুন্দৰ তাকেই প্ৰমাণ কৰি গ’ল শেহতীয়া এক ঘটনাই । সকলোৱে বিচাৰে নিজৰ আপোনজনৰ সৈতে জীৱনৰ অন্তিমটো দিনলৈকে হাঁহিৰে পাৰ কৰা । অৱশ্যে সকলোৰে বাবে ই হৈ নুঠে সম্ভৱপৰ । যদিও এই অসম্ভৱৰ মাজতো আজি এক সম্ভাৱনাময় কাহিনী তুলি ধৰিছো আপোনাৰ আগত …

এক বিৰল প্ৰেমৰ সাক্ষী হৈ ৰ’ল তামিলনাডু। সোমবাৰে পুৱতি নিশা তামিলনাডুৰ পুডুকট্টাই জিলাত ১০৪ বছৰীয়া স্বামীৰ মৃত্যুৰ এঘণ্টাৰ পিছত ১০০ বছৰীয়া পত্নীৰ মৃত্যু ঘটে।

যুগল বেত্ৰীবেল(১০৪) আৰু পিছাইয়ে (১০০) ৭৫ বৰ্ষৰ পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলিছিল। তেওঁলোক আলুংগড়ীৰ তালুক অঞ্চলৰ কুপাকুডী দ্ৰাবিড় কলনীত বাস কৰিছিল।
সোমবাৰে নিশা বেত্ৰীবেলৰ বুকুত বিষ অনুভৱ কৰে। যাৰ বাবে তেওঁলোকৰ নাতিয়েকে আলুংগড়ীৰ সমীপৰ্ৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱায়। চিকিৎসকে বেত্ৰীবেলক মৃত ঘোষণা কৰে। নিজৰ স্বামীৰ নিঠৰ মৃতদেহ দেখি পত্নী পিছাই শোকত ভাগি পৰে।

নাতিয়েকে মন্তব্য কৰে যে ককা-আইতাই আমাৰ সন্মুখতে কান্দোনত ভাগি পৰে আৰু অচেতন হৈ পৰে। যেতিয়া তেওঁলোকে আইতাকক নিঠৰ হৈ পৰি থকা দেখা পাই তেতিয়া স্থানীয় চিকিৎসকে আইতাককো মৃত ঘোষণা কৰে।

উল্লেখ্য যে, বৰ্ষীয়ান দম্পতি হালৰ ২৩ জন নাতি-নাতিনীৰ উপৰিও পাঁচজন পুত্ৰ সন্তান আৰু এগৰাকী জীয়ৰী আছে।

You might also like