নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণঃ ১০ অভিযুক্তৰ বিৰুদ্ধে নিয়াৰ চাৰ্জশ্বীট

মহানগৰীৰ ব্যস্ত অঞ্চল আৰ জি বৰুৱা পথৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত ১৫ মে'ৰ সন্ধিয়া গ্ৰেণেড বিস্ফোৰণ সংঘটিত হৈ প্ৰায় ১২ জন লোক গুৰুত্বৰ ভাৱে আহত হৈছিল ।

গুৱাহাটী, ১১ নৱেম্বৰঃ মহানগৰীৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়াকে ধৰি ৮ জন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে চাৰ্জশ্বীট দাখিল কৰে অনুসন্ধানকাৰী সংস্থা নিয়াই । ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ, অস্ত্ৰ-শস্ত্ৰৰ অবৈধ সৰবৰাহ, বিস্ফোৰক সামগ্ৰীৰ অবৈধ ব্যৱহাৰ, নিসিদ্ধঘোষিত আলফা (স্বা)ক সহায় কৰাৰ অভিযোগত নিয়াই তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে । লগতে ধৃত লোককেইজনক ভাৰতীয় দণ্ডবিধি, এক্সক্লুছিভ ছাবষ্টেনছ এক্ট আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাত অভিযুক্ত কৰা হৈছে ।

উল্লেখ্য যে মহানগৰীৰ ব্যস্ত অঞ্চল আৰ জি বৰুৱা পথৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত ১৫ মে’ৰ সন্ধিয়া গ্ৰেণেড বিস্ফোৰণ সংঘটিত হৈ প্ৰায় ১২ জন লোক গুৰুত্বৰ ভাৱে আহত হৈছিল ।

You might also like