নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস মহোৎসৱক লৈ উখল-মাখল ঊষানগৰী তেজপুৰ

ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।

তেজপুৰ ১১ নৱেম্বৰঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ঊষা নাট্য মন্দিৰৰ এইবাৰৰ ৯২ সংখ্যক ৰাস-ভাওনা কালি সন্ধিয়া গন্ধৰ্ব খোল বাদনেৰে আৰম্ভ হয়। একেদৰে ৮৪ সংখ্যক মিলন বাকৰি ৰাসোৎসৱ, ৫৪ সংখ্যক তেলেৰীয়া ৰাসোৎসৱ, বৃহত্তৰ বেছেৰীয়া ৰাসোৎসৱ, ঘৰপৰা চুবুৰি ৰাসোৎসৱ, ঊষা নগৰৰ ৰঙালী পথাৰ ৰাসোৎসৱ কালি গন্ধৰ্ব খোল বাদনেৰে আৰম্ভ হোৱাৰ পিছত আজি পুৱাৰে পৰা এই বিভিন্ন কাৰ্যসূচী সম্পন্ন হয়। ৯২ সংখ্যক ডেকাৰ গাঁও ঊষা নাট্য মন্দিৰ প্ৰাংগণত আজি পুৱা ৰাসোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা গোবিন বৰাই ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত দিনৰ খোল বাদনেৰে কেলিগোপাল নাটকৰ বাবে সাজু হয় সত্ৰীয়া শিল্পীসকল।  সেইদৰে মিলন বাকৰি মহোৎসৱৰ আজিৰ ধৰ্মধ্বজা  উত্তোলন কৰে সভাপতি সুনীল শইকীয়াই। এই প্ৰাকৃতিক পৰিৱেশত স্থানীয় বাৰখন গাঁৱৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাত লক্ষ্মী পূৰ্ণিমাৰ দিনা মূল ৰাস মন্দিৰত মাট মেলা আৰম্ভ হোৱাৰ পিছত বিগত এমাহে বাৰখন চুবুৰিৰ বাৰটা নামঘৰত আখৰা অনুষ্ঠিত হোৱাৰ পিছত কালিৰে পৰা  ৰাস মহোৎসৱ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। এই ৰাসমহোৎসৱে সাংস্কৃতিক নগৰী তেজপুৰত এই উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

You might also like