পাইকান-তুৰা পথত তালাচীৰ নামত ধন সংগ্ৰহ অসম আৰক্ষীৰ

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ৩০ আগষ্টঃ গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তবৰ্তী কুকুৰকাটা আৰক্ষী চকীত নাকা তালাচীৰ নামত আৰক্ষীয়ে বৃহৎ এক চিণ্ডেকেটৰাজ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি অতি ব্যস্ততাপূৰ্ণ পাইকান-তুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতে লাগি থকা কুকুৰকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্বজেন কলিতাই সহজে ধন ঘটাৰ মাধ্যম হিচাপে আৰক্ষীৰ তালাচী ব্যৱস্থাক ব্যৱহাৰ কৰি আহিছে। ২৪ ঘন্টাই কুকুৰকাটা আৰক্ষী চকীত নিয়োজিত আৰক্ষীয়ে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীৰ নিৰ্দেশত বিশেষকৈ অসমৰ পৰা মেঘালয়লৈ যোৱা বা মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা সৰু-বৰ প্ৰতিখন মালবাহী বাহনৰ অবৈধভাৱে ৫০০-১০০০ টকা সংগ্ৰহ কৰাৰ লগতে বিভিন্ন ধৰনে হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে। বাহনৰ নথিপত্ৰ নথকাৰ অজুহাততো হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে দুয়োখন ৰাজ্যৰ পথচাৰীয়ে। ইফালে নিজকে গোৱালপাৰাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ অতি ঘনিষ্ঠ বুলি দম্ভালি মাৰি ফুৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে নিজকে আৰক্ষীৰ উঠি ৰজা বহিৰজা বুলি ভাবি পৰিচয় দি তলতীয়া আৰক্ষী কৰ্মচাৰীকো দু-ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে, প্ৰায় দুবছৰ পূৰ্বে গোৱালপাৰা জিলাৰ দামৰা আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত অৱস্থাত ছাত্ৰ সংগঠন আমছুৰ দাবীৰ লগতে সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পাছত তদানীন্তন আৰক্ষী অধীক্ষক ৰাকেশ ৰেডীয়ে তাৎক্ষণিকভাৱে শাস্তিমুলক বদলীকৰন কৰিছিল। পৰবৰ্তী সময়ত ধুবুৰী জিলালৈ বদলি হৈছিল যদিও আৰক্ষীৰ উৰ্ধতম কতৃপক্ষৰ আশীৰ্বাদত পুনৰ গোৱালপাৰা জিলালৈ বদলি হৈ উভতি আহি কুকুৰকাটা আৰক্ষী চকীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰি বৰপীৰাত আসন গ্ৰহন কৰে। বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সচেতন মহলে। 

প্ৰেৰক উদিত নাৰায়ণ কলিতা
Featured